বৰ্ষাই কথাটো মন কৰিছে মানুহবোৰে তাইলৈ চাই নিজৰ মাজতে কিবা কোৱা মেলা কৰে৷ তাইক দেখিলে তাইৰ ফালে আঙুলি টোঁৱাই জানো মানুহবোৰে আপুচতে কি কথা পাতে৷ কেৱল গাঁৱৰ মানুহেই নহয়, ৰাস্তা-ঘাটেও মানুহবোৰে ঘূৰি ঘূৰি চাই৷ তাই যেন অদ্ভুত প্ৰাণীহে৷ নিজকে তাই তেনেকুৱাই ভাৱ হৈছে৷ সেইদিনা কলেজৰ পৰা আহোঁতে তিনি আলিত বহি থকা মানুহ কেইজনে তাইলে চাই কিবা কৈ থকা দেখি তাই সুধিব যাওঁ বুলি ভাবোঁতেই বান্ধৱী ৰিয়াৰ নাম্বাৰটো তাইৰ ম’বাইলত জ্বলি উঠিল৷ ইমান দিনে কি হৈ আছে যাৰ বাবে তাই নিজকে আচহুৱা আচহুৱা যেন লাগি আছিল ৰিয়াই ফোন কৰি কোৱাত হে আচল ৰহস্য ভেদ হ’ল৷
কেইবাদিন ধৰি তাই বৰ অশান্তিত আছিল৷ কিয় জানো উদয়ক কথাবোৰ ক’বলৈ মন গৈছিল৷ আজি কওঁ নকওঁ কৈ মুখখন মেলিব ধৰি আকৌ মনে মনে ৰ’ল৷ কথাষাৰ তাক কোৱা নহ’ল৷ এতিয়ালৈ কোনেও গম পোৱা নাই তাই কিহৰ বাবে অস্থিৰ হৈ আছে৷ সকলোৱে ভাবিছে উদয়ে কলেজত নহাৰ বাবে তাইৰ অস্থিৰতাত ভুগিছে৷ ইয়াৰ আচল কাৰণটো কোনেও বুজা নাই৷ কথাবোৰ কাক কওঁ নকওঁ বুলি ভাবি ভাবি অৰুণিমালৈ ফোন লগাও বুলি আকৌ ম’বাইলটো থৈ দিলে৷
বৰ অসহ্যকৰ৷ আজি কালি অৰুণিমাৰ অসহ্য লাগিব ধৰিছে৷ হাজাৰটা প্ৰশ্ন উন্দেলিত হৈ থকা মানুহবোৰৰ ৰুক্ষ চাৱনি তাই সহ্য কৰিব টান পাই গৈছে৷ এনেকুৱা চাৱনি যেন তাই অপৰাধ কৰি পলাই অহা কোনোবা অপৰাধী হে৷ আজিকালি কলেজলৈ অহা যোৱা কৰাৰ ইচ্ছা নোহোৱা হৈছে৷ ফুচফুচাই তাইক লৈ চৰ্চাও চলে৷
: ও, আই এতিয়াহে হা! ইমান দেৰি ক’ত কি কৰি আছিলিও আই৷ বোৱাৰী মানুহজনী হে এনেকৈ ফুট-গধূলিলৈ ঘৰ সোমাব থাকে নেকি?
কলেজৰ পৰা খৰ খোজেৰে আহি খকা অৰুণিমাক দেখি সন্মুখৰ পৰা আহি থকা ৰম্ভা আৰু মিনতিয়ে অৰুণিমাক উদ্দেশ্যি কথাখিনি ক’লে৷
: এতিয়া হে কলেজৰ পৰা৷ ধূপ ধূণা জ্বলোৱা সময় হ’ল?
কথাৰ কোবত মিনতিৰ মুখৰ পৰা থু চিটিকি আহিছে৷ হাত জোকাৰি জোকাৰি মিনতিৱে অৰুণিমাক সুধিলে৷ কেৱল সৌজন্যৰ খাতিৰতহে তাই প্ৰতি সঁহাৰি জনালে৷
: অ’ খুড়ী এতিয়া হে আহিলোঁ দিয়ক৷ পিছে ধূপ ধূণা জ্বলোৱা সময়ত আপুনি ক’ত ঘূৰি ফুৰিছে বা?
: ইয়’ আই ক’তো ঘূৰি ফুৰা নাই পাই৷ ৰম্ভা মই বাবুৰ মাকৰ পৰা তামোল এখন খাই আহোঁ বুলিয়ে এপাক মাৰিলোঁ৷ খকুৱা জিভা তামোল এখন খাব নাপালে কামে হাতত নুঠে৷
: অ’ হয় নেকি? ভালে কৰিলে তেন্তে৷ ঠিক আছে এতিয়া মই আহোঁ৷
: অ’ অ’ যোৱা৷
পুৱা ৮ বজাতেই হকে নহকে লৰালৰিকৈ মুখত কিবা এটা ভৰাই কলেজলৈ যায়৷ চাৰি বজালৈ ক্লাছ থাকে৷ কেতিয়াবা কৰে কেতিয়াবা নকৰে৷ ঘৰ পাওঁতেই ৫: ৩০ মিনিট হৈ যায়৷ তাতে শৰৎ ঋতু৷ সোনকালে আন্ধাৰে ছানি ধৰে৷ ভোকে পিয়াহে চকু ওঁঠ শুকান হৈ আহে৷ হাত ভৰি অচল হোৱা যেন লাগে৷ তাতে আকৌ “ এতিয়া হে? “ বুলি জোৰ দি সুধা প্ৰশ্নটোত টিঙিচকৈ খং এটা উজাই যায়৷ হাত ভৰি ধুই ভাত এগৰাহ খাই বিছনাখনত দীঘল দি পৰি চকুহাল মুদি দিলে৷ দিনটোৰ ব্যস্ততাৰ পাছত ভাগৰুৱা দেহটো বিছনাত এৰি দিলে কিমান যে পৰম তৃপ্তি, স্বৰ্গীয় সুখ অনুভৱ হয়৷ বিছনাখনৰ বাহিৰে এই সুখ ক’তোৱে নাই৷
: মাজনী , মাজনী উঠা৷
প্ৰগতিয়ে গাত ধৰি জোকাৰি জোকাৰি উঠাই
দিয়াতহে সাৰ পালে অৰুণিমাই৷ চকুহাল মোহাৰি এঙামুৰি মাৰি বিছনাখনৰ ওপৰতে বহি ল’লে৷ : অথনিৰে পৰা ফোনটো বাজি আছে তোমাৰ৷ ম’বাইলটোলৈ চাই দেখে বৰ্ষাৰ তিনিটা মিছকল৷ ম’বাইলত সময়টো চাই ৮ বাজিল বুলি কৈ জাপ মাৰি উঠি মুখ হাত ধুই ডাইনিং টেবুলখনত বহি বৰ্ষালৈ ফোন লগালে৷
: হেল্ল’
: এই পাগলী, হেল্ল’ মাৰিব আহিছ’৷
: টোপনিয়ে গৈ পাইছিলোঁ অ’৷ তই ফোন কৰা গমে নাপাওঁ৷
: হ’ব দে৷ : ক’ কিবা কথা আছিল নেকি? .
: আছে বাৰু৷
: ক’
আগলৈ.....!!