: কি খাবা?
: আপুনি যি ভালপাই৷
: এইটো আকৌ কেনেকুৱা ধৰণৰ কথা৷
: কোৱা কি খাবা৷
: একো খাব মন নাই৷
: কিয়?
: এনেই!
: ৰসগোল্লা এটাকে খোৱা নহ’লে?
: ঠিক আছে দিয়ক৷
: হমম
তাই যে ৰসগোল্লা ভালপাই নিবিৰে জানে৷ দুয়োটাই এটা এটা ৰসগোল্লা খাই হোটেলৰ পৰা ওলাই আহিল৷
: ফুচকা খাবা?
: খাম৷ (লগতে উত্তৰ দিলে তাই)
: ব’লা, তেন্তে৷
দুয়ো ফুচকা দোকানৰ ফালে বাট ল’লে৷
: জলা অলপ বেছি দিব দেই দাদা৷ আপুনি নাখায় নেকি? (নিবিৰক সুধিলে তাই)
: নাই নাখাওঁ, তুমিয়ে খোৱা৷
: অ’কে৷
বেছিকৈ জলা খোৱাৰ কোবত গোটেইজনী ৰঙা-পিঙা পৰি গৈছে৷ তেও খাবলৈ এৰা নাই৷ ডিঙিত সোপা মাৰি ধৰাত কাহি কাহি ৰঙা পৰি অৱস্থা বেয়া হৈ গৈছে৷ ওচৰৰ দোকান খনৰ পৰা নিবিৰে পানী বটল এটা আনি পানী খুৱাই দিলে৷ একেবাৰতে গোটেই বটলৰ পানী খাই শেষ কৰিলে তাই৷
: ভাল পাইছা এতিয়া?
: উম৷
: আৰু জলা খাবা, অলপে একোৱে নহয়৷ (অলপ খঙত ক’লে সি৷ অৰুণিমাই একো মাত নামাতিল৷ লাজো পাইছে তাই! )
: ব’লা, সেইফালে চাহৰ দোকান এখন আছে তালৈ যাওঁ৷ তাৰ চাহকাপ খাবলে বৰ সোৱাদ৷
এতিয়াও অৰুণিমাৰ হাতখন এৰি দিয়া নাই সি৷ জানোচা এৰি দিলে সৰু ল’ৰা-ছোৱালীৰ দৰে ক’ৰবালৈ দৌৰ মাৰিব৷ নিবিৰে হাতত ধৰি য’লৈকে নিছে সেইফালে গৈ আছে তাই৷ ফুটপাথৰ কাষৰ দোকান খনতে দুয়ো বহিল৷
: নিবিৰ দা ভাল নে? ( অলপ ওখ আৰু ক্ষীণ মানুহজন৷ কাপোৰবোৰ ইমান বেছি পৰিষ্কাৰ নহয় যদিও লাইটৰ পোহৰত মুখখন জিলিকি উঠিছে৷ ঘূৰণীয়া চকুকেইটা, মুখমণ্ডলত দাড়ি নাই৷ বয়স নিবিৰ সমানে হ’ব৷ )
: ভালে দিয়া! তোমাৰ কোৱা?
: আছোঁ দিয়ক৷ বহুত দিনৰ পাছত দেখিলোঁ আপোনাক৷
: কামৰ ব্যস্ততা বাঢ়িছে আজি কালি৷
: তাকেই! এওঁ বৌ নে?
: হয়৷
: নমস্কাৰ বৌ, ভালনে আপোনাৰ?
: প্ৰতি নমস্কাৰ৷ ভালে আছোঁ আৰু৷
: এয়া অৰূপ, ইয়াৰ দোকানৰ চাহকাপ বৰ প্ৰিয় মোৰ৷ (এইবাৰ নিবিৰে ক’লে! )
: অ’ বৌ, দাদা প্ৰায় আহে ইয়ালৈ৷
: অ’
: দাদা বৌ কিন্তু বৰ ধুনীয়াদেই৷ চুলিয়ে তুলিলে সাইলাখ লখিমী৷
অৰুণিমা আৰু নিবিৰে ইজনে সিজনৰ মুখলৈ চালে৷
কথাৰ মাজতেই অৰূপে সিহঁত দুয়োটালৈ দুকাপচাহ আগবঢ়াই দিলে৷ সি জানে নিবিৰে আদা, ইলাচী দি ডাঠকৈ গাখীৰৰ চাহকাপ ভালপাই৷ চাহকাপত প্ৰথম চুমুক মাৰোঁতে ইমান ভাল নাপালে তাই৷ পাছত গোটেই চাহকাপ খালে তাই, সোৱাদ বেয়া নহয়৷ কাম এটা আছে বুলি তাতে অৰুণিমাক বহুৱাই নিবিৰ ক’ৰবালৈ গ’ল৷ প্ৰায় বিশ মিনিটমান সময় পাৰ হ’ল৷ নিবিৰ এতিয়ালৈ আহি পোৱা নাই৷
সেই ২০ মিনিট তাইৰ বাবে নাযায় নোপোৱাই লাগিছে৷ এনেকৈ ৰাতিখন এৰি থৈ ক’লৈ গ’ল, তাইকো লগত নিব পাৰে বুলি নিবিৰৰ ওপৰত খঙো উঠিছে তাই৷ ভয়ো কৰিছে৷ ভয়ত কঁপি কঁপি ঘামি গৈছে৷ ইয়াতে যদি এৰি থৈ গুচি যায় নিবিৰে তাইক কি হ’ব তেতিয়া৷ সঁচাকৈয়ে তাইক এৰি থৈ গ’ল নেকি বাৰু? অগৰ্নল কথাৰে মূৰ ভৰি পৰিছে৷ আচহুৱা পৰিৱেশত অকলশৰে অস্বতি অনুভৱ কৰিছে৷
: sorry, , অলপ পলম হ’ল অহা৷
নিবিৰৰ মাত শুনি জীৱটো ঘূৰি অহা যেন লাগিল৷ তৎক্ষণাত তাই বহা পৰা উঠি গৈ নিবিৰক সাৱটি ধৰিলে৷ ইমান পৰে ওলাই আহিব ধৰা চকুপানী এতিয়া পাৰভাঙি বৈ আহিছে৷ মুখেৰে একো মাতিব পৰা নাই, কেৱল কান্দিয়ে আছে৷ নিবিৰ বুকুখনেই তাইৰ বাবে আটাইতকৈ নিৰাপদ আৰু সুৰক্ষাৰ ঠাই৷ কুৰুকি কুৰুকি তাই নিবিৰৰ বুকুৰ মাজত সোমাইছে৷ যিমান পাৰে জোৰেৰে সাৱটি ধৰিছে তাই৷ গোটেইজনী কঁপি আছে৷ তাত উপস্থিত থকা মানুহবোৰে আচৰিত হৈ সিহঁতৰ ফালে চাই আছে৷ নিবিৰেও সজোৰেৰে দুবাহুৰ মাজত তাইক সামৰি লৈছে৷
: আঁকৰী জনী, কিয় এনেকৈ কান্দিছা মই আছোঁ নহয়৷ ভয় কিয় কৰিছা৷ বস্ত এটা হে আনিব গৈছিলোঁ, মানুহৰ ভিৰ লাগি আছিল বাবে দেৰি হ’ল৷ মই এৰি থৈ গ’লোঁ বুলি ভাবিছিলা ন? চাওঁ এনেকৈ কান্দি থাকিলে তোমাক কান্দুৰী বুলি জোকাব৷ আলফুলে নিবিৰে তাইৰ চুলিখিনিত হাত বুলাই দিলে৷ তাইৰ মুখখন অলপ ওপৰলৈ উঠাই আউল বাউল হৈ থকা চুলিখিনি ঠিক কৰি চকুৰ পানী মচি দিছে৷ ইমান সময়ে কি হৈ আছিল তাই যেন একোৱে গম পোৱা নাই৷ শিৰৰ ৰঙাখিনি তাইৰ গালত থুপ খাই পৰিছে৷ লাজতে মৰহি গৈছে তাই৷
: ব’লা যাওঁ৷
: হম৷
নিবিৰৰ ফোনটো বাজি উঠিল৷
: “হেল্ল মা“
: ক’ত আছ’ তহঁত?
: যাবলৈ লৈছোঁ মা৷
: সোনকালে আহ ’ন’ বাজিবই হ’ল৷
: অ’ গৈছোঁ মা৷
কেতিয়াও অৰুণিমাই প্ৰথমে একো কথা আৰম্ভ নকৰে৷ বহু পৰ মনে মনে অহাৰ পাছত তাই এইবাৰ মুখৰে কিবা এটা ক’লে৷
: আজি মোৰো মনতো ভাল লাগি আছে৷
: কিয় বা?
: সঁচাকৈয়ে আজি আপুনি ভাল কাম কৰিলে, তাকে দেখি ভাল লাগিছে মোৰ৷
: কি কৰিলোঁ মই?
: জানিও নজনাৰ ভাও জুৰিছে আপুনি৷
: অসহায় জনক সহায় কৰাৰ কথা কৈছোঁ৷ তাৰ মানে তুমি মোৰ প্ৰশংসা কৰিছা? .
: তেনেকুৱাও নহয় কথাটো৷
: বুজিছোঁ মই তুমি কি ক’ব বিচাৰিছা
: হম
: তুমি ঈশ্বৰক বিশ্বাস কৰা৷
: কৰোঁ৷
: কেতিয়াবা দেখিছা?
: ভগৱানক জানো দেখা পাই?
: পাই, মনৰ দৃষ্টিৰে চালে নিশ্চয় দেখা পাবা৷
: মন্দিৰত যে মানুহে নৈবেদ্যৰ লগত মাননি যে আগবঢ়াই, ভগৱানে বিচাৰে জানো?
: নিবিচাৰে৷
: ভগৱানক বিচাৰি মানুহে তীৰ্থভ্ৰমণ কৰিবলৈ দূৰদূৰণিলৈ যায় পাই জানো তেওঁক বিচাৰি৷
: নাজানো৷
: প্ৰতিটো জীৱই ঈশ্বৰৰ অংশ৷ মানুহৰ মাজতেই তেওঁ বিৰাজ কৰে৷ প্ৰতিজন মানৱ দেহে ঈশ্বৰৰ বাসস্থান৷ বেলেগ ক’তো নাথাকে আমাৰ লগত আমাৰ মাজতেই থাকে৷
: আজি যিবোৰ মানুহক অন্ন এমুঠি দান কৰি আহিছোঁ, সেয়া জানো ভগৱানে লাভ কৰা নাই৷ মন্দিৰ দান কৰিলে সেইবোৰ জানো তেওঁ লাভ কৰিব৷ মানুহে মানুহক সহায় কৰাতোঁৱে প্ৰকৃত ধৰ্ম৷ আমি ইটো ধৰ্ম, সিহঁতত সিটো ধৰ্মৰ মানুহ বুলি চিঞৰি কিবা লাভ হ’ব নে?
: নহয়৷
: “যাৰ কোনো নাই তাৰ ঈশ্বৰ আছে“ বুলি যে কয়, কথাষাৰ মিছা নহয়৷ আজি আমি যদি অলপ সহায় কৰিলোঁ কাইলৈ পৰহিলৈ বেলেগে কৰিব তেনেকৈয়ে ভগৱানে তেওঁলোকক এই পৃথিৱীত জীয়াই ৰাখিব৷ আমি তেওঁলোকৰ মাজতেই ঈশ্বৰ আছে বুলি যিমান পাৰোঁ সিমান শ্ৰদ্ধা আৰু ভক্তিৰে পালন কৰিছোঁ৷ তাতে আমি মনৰ শান্তি লাভ কৰিছোঁ৷
: অ, হয় কথাটো৷
: উম৷
বাৰাণ্ডাতে বহি ৰৈ আছে প্ৰগতি৷
আগলৈ….!
ঋতুপর্ণা ইংতিপি/মৰিগাঁও