লাহে লাহে সূৰুজৰ আভা
ধৰাৰ বুকুত নামিছে৷
দোকমোকালিত সুঁৱদি মাতেৰে
দিনটোৰ বাবে পক্ষীগণে
মংগল উৰুলি দিছে৷
পিছফালৰ কাকিনি তামোল
জোপাত টকৌ চৰাইৰ বাঁহ ওলমি আছে৷
লাহেকৈ খিৰিকীখন মেলি গুলপীয়া আৰু নীলা ৰঙৰ পৰ্দাখন কাষৰ ফালে চপাই দিছে অৰুণিমাই৷ লগে লগে খিৰিকীৰ ফাকেৰে সোমাই আহিল এছাটি মৃদু পৱন৷ আহিনৰ পহিলা তাৰিখ৷ শৰতৰ আগমন৷ শৰৎ মানেই শেৱালিৰ সুবাস৷ এপাহ দুপাহকৈ ফুলা শেৱালিৰ সুবাস আহি নাকত লাগিছেহি৷
এঙামুৰি মাৰি মুখখন সেইফালে ঘূৰাই দি বাগৰ সলাই কাণে মূৰে গাৰুটো হেঁচা দি আকৌ শুই থাকিল নিবিৰে৷ খিৰিকীৰ ফাকেৰে সোমাই অহা কাঁচিয়লি ৰ’দৰ আভাই আমনি কৰিছে তাক৷ ৰ’দৰ জিলিকনিক বাধা দি নিবিৰৰ সন্মুখত থিয় দিলে৷ অবোধ শিশুৰ দৰে শুই থকা নিবিৰৰ টোপনি ভংগ কৰিব মন নগ’ল তাইৰ৷ আকৌ পৰ্দাখন বহলাই খৈ ৰুমৰ পৰা ওলাই আহিল৷
দাপোণৰ সন্মুখত থিয় হৈ বাৰে বাৰে হাতেৰে মুখখন ঢাকি লৈছে৷ আৰ্চিখনত নিজকে চাবলৈ লাজ লাগিছে৷ ফাগুনী পলাশে আহি তাইৰ দুগালত ৰঙা ৰঙা আলপনা আঁকিছে৷ সেন্দূৰৰ ৰঙো আজি ইমান কাঢ়া হৈ উঠিছে৷ ভিজা ভিজা ওঁঠত ৰঙা ৰঙা প্ৰলেপ৷ “ৰঙা লিপষ্টিক ল’লে ধুনীয়া লাগে তোমাক৷ ওঁঠৰ ওচৰৰ তিল দুটা আৰু অকণ জেউতি চৰে৷ “ ওঁঠৰ বাওঁফালে থকা ওপৰৰ আৰু তলৰ তিল দুটা তাই কেতিয়াও ভালকৈ মন দি চোৱা নাছিল৷ হাতেৰে এবাৰ চুই চালে৷ অচিন শিহৰণে জিকা মাৰি গ’ল৷ মিঠা বৰণীয়া লাজ এটাই তাইক আৱৰি ধৰিছে৷ লাহেকৈ মুখৰ পৰা হাতখন আঁতৰাই দাপোণত নিজকে আকৌ এবাৰ চাইছে৷ ইমান নতুন৷ নতুন নতুন অবুজ অনুভৱ৷ দাপোণৰ সন্মুখত যৌৱনৰ ভাঁজ জিলিকাই নিজকে সজাই পৰাই থকা অৰুণিমাজনী কিন্তু নতুন৷ কাহানিও নিজকে ইমান ধুনীয়া দেখা নাছিল তাই৷ জোনবাই আহি এখিনি জোনাক সিঁচি থৈ গৈছে৷ পূৰ্ণিমাৰ জোনটোৰ দৰে মুখখনৰ উজ্জ্বলতা৷
ৰঙা পাৰি চাদৰৰ সৈতে ৰঙা ব্লাউজ আৰু মেখেলা পিন্ধি দাপোণৰ সন্মুখত থিয় হৈ আছে অৰুণিমা৷ নীলা ৰঙৰ কাষে কাষে বগা মণি লগোৱা ঘূৰণীয়া নতুন কাণফুলিযোৰ সৈতে নিজকে নতুন যেন লাগিছে তাইৰ৷ “ইমান বোৰ কথা কেনেকৈ জানে বাৰু? “
তাইৰ প্ৰিয় ৰং কি? কোনবোৰ ভাললগা ডিজাইন? সৰু সৰু কথা বোৰৰ গুৰুত্ব ৰাখে সি৷ তাই বেয়াপোৱা নাই, ভালে লাগিছে৷ বৰঞ্চ আচৰিত হে হৈছে৷ আচৰিত হ’ব লগা কথাই৷ তাইৰ ভাললগা বেয়ালগাৰ খবৰ ৰখা একমাত্ৰ মানুহজন তাইৰ দেউতাক৷ দেউতাকৰ দৰে তাইক আলফুলে আৱৰি ৰখা দ্বিতীয়জন মানুহ নিবিৰ৷ কালি তাইক বহুৱাই থৈ তাৰমানে সি এই কাণফুলিযোৰ আনিবলৈ হে গৈছিল৷ কাণফুলি যোৰৰ লগতেই তাইৰ জীৱ যাওঁ যাওঁ অৱস্থা৷ সেইবাবে নিবিৰৰ ওপৰত ভীষণ খং উঠিছিল৷ এতিয়া কিবা এটা ভালে লাগিছে৷ কালি নিবিৰ বুকুত সোমাই ফেকুৰি ফেকুৰি কন্দা কথাটো মনত পৰি আকৌ এবাৰ মৰহি গ’ল৷
: মাজনী ঐ, ’ অ’ মাজনী৷
প্ৰগতিৰ মাতত ভাৱনাৰ যতি পৰিল৷
: অ, মা গৈছোঁ৷
পাক ঘৰৰ ফালে খোজ ল’লে তাই৷
: বাবাই উঠাই নাই নেকি?
: নাই মা, গভীৰ টোপনি তেওঁৰ৷
: উঠিব কোৱা তাক৷
: নালাগে মা, ঘৰতে আছে অলপ ভালকৈ টোপনি মাৰক৷
: হ’ব দিয়া৷
ৰুমৰ পৰা ওলাই আহোঁতে পাতল কাপোৰ এখন জাপি দি আহিছে তাই৷
প্ৰগতিৰ ৰুমত ম’বাইলটো বাজি আছে৷ অৰুণিমাই গৈ ফোনটো ৰিচিভ কৰিলে৷ বৰ্ষাৰ ফোন৷
: হেল্ল’
: কি কৰিছ’
: পাক ঘৰৰ কাম অলপ৷
: আজি কলেজ নাযাওঁ, ছাৰ-মেমহঁতৰ টেইনিং আছে ক্লাছ নহ’ব৷
: হ’ব তেন্তে৷
: হ’ব দে বাই৷
: বাই৷
মনে মনে ভালে পালে তাই৷ আজি কলেজ যোৱা মন নাছিল তাইৰ৷
: মা, অ’ মা৷
নিবিৰৰ মাত শুনি ৰুমলৈ সোমাই আহিল অৰুণিমা৷
: মোক উঠাই দিব নোৱাৰিলা মা৷ ইমান দেৰি হ’ল৷ তাইক কলেজত থৈ আহিব পাৰিলোঁ হয়৷ মোৰো কাম এটা আছিল৷
লেপটপৰ কীব’ৰ্ডত কিবা টাইপিং কৰি কৰিয়ে কথাখিনি কৈ গ’ল সি৷ অৰুণিমালৈ মনে কৰা নাই৷ নেমু ৰস দিয়া চাহকাপৰ লগত কুহুমীয়া গৰম পানী এগিলাচ লৈ ট্ৰে’খন নিবিৰৰ ওচৰত থকা টেবুলখনত থওঁতেই তাইৰ চুলিখিনি তাৰ মুখত লাগিছে৷ জেতুকা পাতৰ গোন্ধ উশাহত মিলি গৈছে৷
: তু.. মি?
: অ’, চাহ লওক৷
: কলেজ নগ’লা নেকি?
: নাই নগ’লোঁ৷
: কিয়?
: ক্লাছ নহয় বোলে৷
: ঠিকে আছে নহ’লে৷ কলেজ নগ’লা ভালে হ’ল৷
কিয় বুলি সুধিব মন আছিল যদিও নুসুধিল৷ ৰুমৰ পৰা ওলাই আহিল৷ নিবিৰে আজি তাইক ঘৰত থকাটোৱে বিচাৰিছে৷
সময় আবেলি৷ দীঘলীয়া পদূলি৷ দুয়োকাষে নানা ৰঙী ফুলৰ অকণমানী ফুলনি৷ পদূলিৰ মুখত জেওৰাৰ কাষত দুজোপা শেৱালি৷ ইপাহ ফুলৰ পৰা সিপাহ ফুলৰ মাজে মাজে ফুটুকা ফুটুকী চোলা পিন্ধি উৰি ফুৰিছে পাঁচ বছৰীয়া অকণমানি পখিলী৷ এবাৰ গৈ আইতাকৰ আঁচলৰ আঁৰত লুকাইছে, আকৌ ককাৰ কোলাত উঠিছে৷ ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে৷ আইতাকৰ হাতত ছমহীয়া কেঁচুৱা৷ কণমানি জনীৰ ভায়েক৷ চালুকীয়া অৱস্থা, বায়েকক খেলি থকা দেখি হাত ভৰি জোকাৰি আইতাকৰ কোলা পৰা জানো নামিহে আহিব সি৷ নাতি-নাতিনীয়েকৰ লগত ষাঠী বছৰীয়া দম্পতীহালৰ আনন্দৰ মুহূৰ্তকণ মন ভৰি যোৱাকৈ ৰাস্তাৰ কাষতে ৰৈ চাই আছে বৰ্ষাই৷ ওচৰেৰে পাৰ হৈ গৈছে দেউতাকৰ আঙুলিত ধৰি প্ৰায় ছয় পৰা আঠ বছৰীয়া দুজনী ছোৱালী৷
: দেউতা দুৰ্গা পূজাত লং ফ্ৰক লাগিব মোক৷
ডাঙৰ ছোৱালীজনীয়ে ক’লে৷
: মোক লেহেংগা এযোৰ লাগিব কিন্তু৷
এইবাৰ সৰুজনীয়ে ক’লে৷
: হ’ব দিয়া, দিম নহয়৷ মোৰ গোসাঁনী দুজনীক নিদি কাক দিম৷ পূজালৈ আৰু দুসপ্তাহ আছেই দেখোন৷ অহা সপ্তাহত দিব হ’ব নে?
: হ’ব৷
দুয়োজনীয়ে সমানে মাত দিলে৷
হাঁহি হাঁহি দুয়োজনীয়ে দোকানৰ পৰা খোৱা বস্তু এখোপা লৈ দেউতাকৰ হাতত ধৰি গৈ আছে৷ চকু আঁৰ নোহোৱালৈ চাই আছে বৰ্ষাই৷
আজি হয়তো তাইৰ চুনুজনীও এনেকৈ তাইৰ লগত ওলাই আহিল হয়৷ দুয়োজনীয়ে অ’ত, ত’ত ফুৰিব গ’ল হৈ, দুয়োজনীয়ে দেউতাকক ইটো লাগে সিটো লাগে কৈ অভিযোগ কৰিলে হয়৷ ঠিক কাষেৰে পাৰ হৈ যোৱা ছোৱালী দুজনীৰ দৰে৷
কণমানি পখিলাজনী ধূলিত লুটুৰ পুটুৰ৷ তেনেকৈয়ে গৈ ককাকৰ কোলাত উঠি কাপোৰবোৰ লেতেৰা কৰিছে গৈ৷ তেও তাইক গালি পৰা নাই, মৰমেৰে আঁকোৱালি লৈছে৷ হাতত এছাৰি এডাল লৈ হাত ভৰি ধুবলৈ বুলি গালি পাৰি ভিতৰৰ পৰা ওলাই আহিছে তাইৰ মাকে৷ একেকোবে গৈ ককাক আইতাকৰ পিছফালে লুকাইছে৷ আইতাকে গালি পৰাত মাকে একো নোকোৱাকৈ আকৌ ভিতৰত সোমাল৷ বৰ্ষাৰ সজল সজল দুচকুৰ পৰা লোতক বৈ আহিল৷ মৰহি গ’ল তাইৰ ইমান ধুনীয়া শৈশৱ চাৰিবেৰৰ মাজত৷ ককাক আইতাকৰ মৰমৰ অবিহনে৷ দোষ বা দিব কাক তাই৷ ইয়াৰ বাবে দায়ী কোন মাক নে দেউতাক, নে দুয়োজন৷
সময় আবেলি চাৰি বাজি গৈছে৷ বস্তু কেইটামান নিবলৈ স্কুটীখনলৈ তিনিআলিলৈ আহিছিল তাই৷ আধা বাটতে কণমানি জনীৰ হাঁহিৰ খিলখিলনি শুনি ৰৈ গ’ল তাই৷
ম’বাইলৰ স্ক্ৰীণত অচিনাকি নাম্বাৰ এটা জিলিকি উঠিল৷
: হেল্ল’
: হেল্ল’ সোণ৷
আকাশখন খহি পৰা যেন লাগিল৷ ভৰি তলৰ মাটিখিনি ফাটি যোৱা নে পালে তাই৷ হৃদয়ৰ কেঁচা ঘাঁ টুকুৰাৰ বিষ আকৌ অনুভৱ কৰিলে৷
বতৰেও ৰূপ সলালে৷ আকাশখন গোমা গোমা৷ ক’লা ডাৱৰে ছানি ধৰিছে৷ খুব জোৰেৰে এজাক বতাহ বলিছে৷ বৰ্ষাৰ মন আকাশতো কলীয়া ডাৱৰে ছানি ধৰিছে৷ হঠাৎ বলা বতাহ জাকৰ দৰে তাইৰ ম’বাইলৰ স্ক্ৰীণত জিলিকি উঠা অচিনাকি নাম্বাৰটোৱে বৰ্ষাৰ ঘাঁ টুকুৰাত আঁচোৰ মাৰি গ’ল৷
হয়তো সেই সময়তে বৰ্ষাৰ অন্তৰৰ জুইকুৰা নুমাবলৈ দোপালপিটা বৰষুণ জাক পৰিল৷ চকুপানী বৰষুণ পানী সমানে বৈ গৈছে৷ স্কুটীখন গছ এজোপাৰ তলত থৈ ৰাস্তাৰ কাষত বহি চিঞৰি চিঞৰি কান্দিছে৷ মেঘৰ গাজনিত তাইৰ কান্দোনৰ চিঞৰ কাৰো কাণত পৰা নাই৷
খিৰিকীৰ কাষত বহি গাখীৰ চাহকাপৰ সৈতে বৰষুণৰ আমেজ লৈ আছে অৰুণিমাই৷ একে সময়তে অন্তৰৰ বিষাদবোৰ উটুৱাই দিবলৈ দোপালপিটা বৰষুণত ৰাস্তাৰ কাষত বহি আছে বৰ্ষাই৷
এই সময়ত তাই কাৰো উপস্থিতি উমান পোৱা নাই৷ ছাতিটো বৰ্ষালৈ আগবঢ়াই দি দুহাতে তাইৰ চকুলো মচি দিলে৷
আগলৈ!
ঋতুপর্ণা ইংতিপি/মৰিগাঁও