নিবিৰৰ গাত গা নলগাকৈ বহিলে অৰুণিমাই৷ প্ৰথমবাৰ তাই নিবিৰৰ বাইকত উঠিছে৷ নিবিৰে ভালকৈ বহিবলৈ কোৱাত ওচৰ চাপি বহিল৷ ধৰোঁ নধৰোঁকৈ তাৰ কান্ধত ধৰি ল’লে৷ সন্ধিয়াৰ এই নিবিড় সময়খিনিত নিবিৰৰ লগত যাত্ৰা কৰিছে, গন্তব্যস্থানৰ ঠিকনা নজনাকৈ৷ আন্ধাৰ নামি আহিছে আৰু ৰাস্তাৰ কাষৰ ষ্ট্ৰীটত লাইটবোৰ জ্বলিছে৷ মলয়া বতাহ এছাটিয়ে দুয়োকে কোবাই পাৰ হৈ গৈছে৷ বতাহৰ বা লাগি তাইৰ আগফালৰ চুটি চুলিখিনি বাৰে বাৰে নিবিৰৰ কাণে মুখে লাগিছে৷ সেই সময়খিনিত তাই বৰ অস্বতি অনুভৱ কৰিছে৷
এই কেইদিন উৎকট গৰম, পুৱাতেই দুপৰীয়া হোৱা যেন লাগে৷ দিনৰ ভাগত গৰমৰ বাবে মানুহবোৰ ওলাব সোমাব নোৱাৰা অৱস্থা৷ সন্ধ্যা পৰতে মানুহবোৰ ওলাই আহিছে৷ কোনোবাই বতাহ খাবলৈ, কোনোবাই প্ৰয়োজনীয় বস্তু কিনিবলৈ আহিছে, বজাৰ সমাৰ কৰিছে৷ ব্যস্ত টাউনৰ পৰিৱেশ৷ চাৰিওফালে মানুহে লোকাৰণ্য হৈ আছে৷ নিবিৰে ৰাস্তাৰ কাষৰৰ ফালে বাইকখন ৰখালে৷
: পালোহি আমি, নামা৷
: অ’৷ (কিবা কিবি ভাবি আহি থাকোঁতে কেতিয়া যে গন্তব্যস্থান পালে তাই গমেই পোৱা নাছিল৷ )
অৰুণিমাৰ বাবে অচিনাকি টাউনৰ এই দৃশ্য৷ সদায় কলেজলৈ অহা যোৱা কৰা টাউনৰ মাজমজিয়া আজি ইমান ব্যতিক্ৰম ৰূপত দেখিছে তাই৷ সৰু ডাঙৰ পৰা মানুহে লোকাৰণ্য হৈ আছে৷ দোকান বোৰত নানা ৰঙী পোহৰ লাইট বোৰ চকমক কৰি জিলিকি আছে৷ গাঁৱত ফুটগধূলিয়ে জীয়ৰী বোৱাৰীবোৰে ঘৰৰ ভিতৰত পৰা নোলাই৷ তায়ো আজিলৈ এনেকৈ ক’তো ওলাই অহা নাই, আজিয়ে প্ৰথম৷ ঠায়ে ঠায়ে থকা সৰু-সুৰা থান, মন্দিৰ বোৰৰ পৰা অহা ধূপ-ধূণাৰ সুগন্ধই পৰিৱেশটো নিৰ্মল কৰি তুলিছে৷ ইমান ভিৰ কোলাহলৰ মাজত শংখ ধ্বনিয়ে যেন কোলাহল গিলি শান্তিৰ নিজৰাহে বোৱাই দিছে৷
মাক-দেউতাকে সন্তানক সুৰক্ষা দি আৱৰি ৰখাৰ দৰে নিবিৰে অতি সাৱধানে অৰুণিমা হাতখন ধৰি ভিৰৰ মাজে মাজে লৈ গৈছে৷ অৰুণিমায়ো একো বুজি পোৱা নাই মাথোঁঁ নিবিৰৰ খোজত খোজ মিলাই গৈ আছে৷ নিবিৰক তাইৰ দেউতাকৰ যেনে লাগিছে৷ দেউতাকেও এনেকৈয়ে হাতত ধৰি নিছিল, ক’ৰবালৈ গ’লে৷ আলফুলে আৱৰি ৰখা দেউতাকৰ মুখখন তাই নিবিৰ মাজত দেখিছে৷ চকু দুটোপাল চকুপানী বিৰিঙিল; যদিও পাৰ ভাঙি বব নিদিলে তাই৷
অলপ দূৰ যোৱা পাছত দোকান এখনত সোমাল৷ আগতীয়াকৈ বস্তুবোৰ অডাৰ কৰি থৈছিল৷ মূল্যখিনি দিয়া পাছত ডাঙৰ ডাঙৰ দুটা কাৰ্টনৰ বাকচ দুটা ওলাই দিছে৷ অৰুণিমাই এবাৰ দোকানীজনলৈ আৰু এবাৰ নিবিৰলৈ চালে৷
: অলপ ধৰাচোন৷
: কি আছে ইয়াত?
যিমান গধুৰ হ’ব বুলি ভাবিছিল সিমান গধুৰ নহয়৷
: গম পাবা দিয়া, এতিয়া মোৰ পিছে পিছে ব’লা৷ সাৱধানে আহিবা ঠায়ে ঠায়ে গাত হৈ আছে৷
ফুটপাথৰ মাজতো ডাঙৰ ডাঙৰ গাত, এদিনীয়াকৈ অহা মানুহৰ বাবে দিকদাৰে৷ ভালকৈ চাই চিন্তি খোজ নেপেলালে বিপদেই আছে৷
ফুটপাথৰ কাষে কাষে থকা অসহায় মানুহ বোৰৰ বাবে খোৱা বস্ত যে আনিছে সেইটো বুজিবলৈ দেৰি নালাগিল অৰুণিমাৰ৷ কলেজত আহিলে সদায় তাই কিবা এটা হ’লেও দি যায়৷ সদায় দেখা সেই অসহায় লোক কেইজনক দিবলৈ সমাজৰ এচাম মুখা পিন্ধা ভণ্ডামী মানুহ বোৰৰ হাতত খুচুৰা এটকাও নাথাকে৷ কিছুমান অপ্ৰয়োজনীয় কামত নিজকে দানবীৰ দেখাবলৈ হাজাৰ হাজাৰ টকা ঢালিব পাৰে৷ দুখীয়াজনক সহায় কৰিলে কোনেনো চিনিব পাব আকৌ সিহঁতক? একাংশই এটকা এটা দিওঁ ফটো বা ভিডিও কৰি সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট লিখি আপলোড কৰিব, তাতে একাংশই বাহঃ বাহঃ মন্তব্য লিখিব৷
এজনৰ এখন ভৰি নাই৷ বয়স ৫০ ৰ অধিক হ’ব৷ আকৌ এজনৰ চকুৰ ৰশ্মি নাই, সৰু ছোৱালী এজনীৰ কান্ধৰ সহায়ত চলি আছে, কাৰোবাৰ হাত নাই, ভৰি নাই৷ তথাপিও জীয়াই থকা অসীম হেঁপাহ৷ ঈশ্বৰৰ ওচৰত অভিযোগো বহুত আছে তেওঁলোকৰ; হয়তো নাথাকিবও পাৰে৷ তথাপিও জীৱনটো বৰ প্ৰিয়৷ তেওঁলোকৰ জীৱন সংগ্ৰাম দেখি নিবিৰে লোৱা সিদ্ধান্তটোৰ বাবে নিজকে বৰ সৰু আৰু পাপী যেন অনুভৱ হয়৷
উৎকট গৰমত ফেন, এ.চিৰ তলত বহি আৰাম কৰি থকা মানুহৰ বিপৰীতে ভীষণ ৰ’দত মাটি পকাত ভৰি পেলাব নোৱাৰা অৱস্থাত হোটেলৰ বাহিৰত তপত হৈ থকা পকাৰ ওপৰত বহি দিনটোত অন্ন এমুঠি খাবলৈ পোৱা আশাত পেটৰ তাড়নাত ভিক্ষা পাত্ৰ লৈ বহি থাকে৷ ওচৰৰে দি পাৰ হৈ যোৱা চহকী মানুহবোৰ সময় নাই সেইফালে চকু ঘূৰাবলৈ৷
প্ৰতিজনকে পানী বটল এটা আৰু ব্ৰেড, বিস্কুট লগতে ৰসগোল্লা আৰু চিঙৰা এটাকৈ বিলাই দিছে৷ তেওঁলোকে নিবিৰৰ মূৰ ধৰি অকৃত্ৰিম আশীৰ্বাদ দি গৈছে৷
: আইজনী৷ এখন ভৰি নথকা বৃদ্ধজনে মাতিলে অৰুণিমাক৷
: হয়, কওক৷
: এই ল’ৰাটোৰ মনতো খুব ভাল৷ তাৰ মনত দুখ নিদিবি দেই আই৷ বৰ ভাল ল’ৰা৷ মাজে মাজে আহি এনেকৈয়ে আমাক কিবা এটা দি যায়৷ মাজে মাজে তাৰ মাকো আহে৷ মানুহজনী বৰ মৰমিয়াল৷
: অ’’(মাকেও আহে ইয়ালৈ অৰুণিমাই আজিলৈ কথাটো জনা নাছিল৷ )
: বাবা এয়া তোমাৰ..
: সহযাত্ৰী, অৰুণিমা৷
নিবিৰৰ প্ৰতি অৰুণিমাৰ সন্মান আৰু অলপ বাঢ়িছে৷
কিছু সময়ৰ পাছত দুয়ো গৈ হোটেলত সোমাল৷
আগলৈ….!
ঋতুপর্ণা ইংতিপি/মৰিগাঁও