: অই, অৰু এইখন কেনেকুৱা লাগিছে?
: ভালেই লাগিছে, কালাৰটো ধুনীয়া৷
: অডাৰ দিওঁ নে?
: দে! মোক সুধিব লাগে নে?
: কলেজত পিন্ধি আহিবলৈ আকৌ৷
: কিয়?
: কি কিয়, ৭ ছেপ্টেম্বৰৰ দিনা আকৌ৷
: কি আছে?
: ধেৎ, বেঙীজনী শংকৰদেৱৰ তিথি নহয় নেকি৷
: অ’
: আ
: তই হে বেঙী, শংকৰদেৱৰ তিথিত হবলা শাড়ী পিন্ধে!
: নিপিন্ধে নেকি?
: আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ বাহক, গুৰুজনাৰ তিথি শাড়ী পিন্ধে হা, তোক কলেজেৰ ভিতৰতে সোমাব নিদিব গম পাবি৷
: হয় হে, কথাটো ভবাই নাই, আগত এবাৰো অহা নাই যে মই এনেকৈ শংকৰদেৱৰ তিথিত৷
: উম৷
: এতিয়া ভাব..!
: আইতাৰ বাকচত চাব লাগিব আজি, ধুনীয়া ধুনীয়া কাপোৰ আছে আমাৰ আইতাৰ৷
: ৰিম অহাই নাই যে এতিয়াও, ফোন কৰ আহে নে নাই৷
: আহিব, এটা ক্লাছ নকৰে দেৰি হ’ব অহা৷
: ব’লা ছাৰ সোমালেই কিজানি৷
লৰালৰিকৈ দুয়োজনী ক্লাছ ৰুমলৈ গ’ল
এসপ্তাহৰ পাছতেই গুৰুজনাৰ তিথি৷ কলেজৰ চৌহদ উগুল-থুগুল৷ সকলো ব্যস্ত৷ ছোৱালীবোৰৰ মাজত কোনে কিমান দামৰ, কি ৰঙৰ কাপোৰ পিন্ধিব, কি ডিজাইনৰ ইয়েৰিং, কোনে কেনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল কৰিব ইত্যাদি ইত্যাদি কথাবোৰে বেছিকৈ স্থান পাইছে৷
বৰ্ষাৰ পুৰণি বান্ধৱী ৰিমা আৰু ববিতা লগ লাগি পাঁচ জনীয়ে দিহানামৰ আখৰা কৰিছে, সেইদিনা নাম গাব৷ ক্লাছবোৰ ভালকৈ হোৱা নাই এইকেদিন৷
অৰুণিমাই নিজে হাতেবোৱা ক’লা ৰঙৰ পাহাৰৰ ডিজাইনৰ ফুল বছা পাতল গুলপীয়া ৰঙৰ কাপোৰযোৰৰ সৈতে গোটেইজনী গুলপীয়া গোলাপৰ পাহি যেনেই লাগিছে৷ উধণীয়া খোপাত কিনি অনা গোলাপ ফুলপাহ গুজি ল’লে৷ গৰমৰ বাবে কাজল সনা নাই৷ কান্ধত সৰু ওলমাই লোৱা নীলা বেগ এটা আৰু ভমকাফুলীয়া ৰঙা পাৰি গামোচা লৈ কলেজ যাব বাবে ৰেডী অৰুণিমা৷
: এঘাৰ বাজিবই মাজনী৷
: অ’ মা! হ’লেই মোৰ৷
: বৰ্ষাৰ ফোন লোৱা৷
: অই! ক’৷
: হ’ল নে নাই৷
: হ’ল৷
: সোনকালে আহ৷ মই ৰিমক ফোন কৰোঁ৷
: হ’ব৷
বৰ্ষাই ফোনটো কাটি দিলে৷
: মা যাওঁ, আপুনি পাছত গৈ থাকিব৷ আহোঁতে কিমান দেৰি হয় ঠিক নাই৷ এবাৰ ফোন কৰি ক’ম আপোনাক৷
: হ’ব বাৰু৷ ভালকৈ যাবা৷ সেই বহী পাতটো ল’লা নে নাই?
: লৈছোঁ৷
: যোৱা৷
নেদেখা হোৱালৈ অৰুণিমাৰ ফালে চাই আছে প্ৰগতিয়ে৷
: বাৰ বাজিব কেতিয়া পাবিহি তই৷
: পিছফালে চোৱা না কলিজাজনী৷
: পাগলী আহিলি৷ ধুনীয়া লাগিছে দেই৷
: তোকো ভাল লাগিছে দে৷
: হ’ব৷
: অৰুণিমা বৰুৱাক আজি কোনে পাই ন বৰ্ষা?
: ধেৎ!
: কাপোৰযোৰ ধুনীয়া লাগিছে৷
: বাইদেয়ে নিজে বোৱা আক’
: আমাকো দিবিচোন৷
: কথা বেছি হৈছে, ব’ল৷
গাৰ্লছ কমন ৰুমতেই ৰৈ আছে ৰিমা আৰু ববিতা৷ দুয়োজনীয়ে কম ৰঙৰ কাপোৰ পিন্ধিছে, বেছি মেকআপো কৰা নাই৷ পাঁচোজনীয়েই খোপাত গোলাপ এপাহ গুজি আহিছে৷ বগা ৰঙৰ ব্লাউজৰ সৈতে বগা ৰঙৰ ফুলৰ কলপতীয়া কাপোৰত বৰ্ষাক সঁচাকৈয়ে বৰ ধুনীয়া লাগিছে৷ ৰিমঝিমে নীলা ৰঙৰ গুনা কৰা কাপোৰ পিন্ধিছে৷ গোটেই কেইজনীয়ে ফটো কেইখনমান উঠি নামৰ থলীলৈ গ’ল৷ কলেজৰ সন্মুখৰ ডাঙৰ বেলগছ জোপাৰ তলতেই থাপনা পাতিছে৷ ওচৰৰ ভকত কেইজনমানক মাতি আনিছে৷ প্ৰায়ভাগ ছোৱালীয়ে আজি বয়ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছে৷ কলেজত আধা সংখ্যক ল’ৰা – ছোৱালীহে আছে৷
: অই বৰ্ষা, সৌটো উদয় চা, তোকে ভেবা লাগি চাই আছে৷
: বাদ দে৷
ডাঙৰ ফুলৰ গামোচাৰে বগা কুৰ্তা, ক’লা জিনচ্, ক’লা চশমাৰ সৈতে গেটৰ ওচৰতে ৰৈ আছে উদয়৷
১ বজাত পাঠ পঢ়ি হোৱাৰ পাছত নাম প্ৰসংগ আৰম্ভ হৈ৷ আইতাকে শিকোৱা নামটো সুকণ্ঠত প্ৰাণ ঢালি গালে বৰ্ষাই
দিহা: – ঈশ্বৰৰ পূজা কৰোঁ আহা মন্দিৰে মন্দিৰে,
আহা মন্দিৰে মন্দিৰে৷
মন্দিৰে মন্দিৰে পূজা
চহৰে নগৰে৷
পদ: — ধূপ দিবা ধূণা দিবা
কৰিবা সাধনা
কৰিবা সাধনা৷
বগা ফুলৰ মালা দিবা কৰিবা বন্দনা৷
(তিনি চাপৰি…..)
দিহা: — কীৰ্তনৰে ধ্বনি অ আজি আকাশলৈ গ’ল, ৰাধা ৰাধা বুলি মুখে মুখে ৰ’ল৷
পদ: — সংঘাতৰ কুঁৱলীয়ে ঢাকিছে আকাশ,
শান্তি কতো যে নাই, নাই৷
(খৰ চাপৰি..)
কাষৰ ফালৰ পৰা উদয়ে বৰ্ষাই নাম গোৱা ভিডিও কৰি আছে৷ মাজে মাজে তাইৰ মুখখন zoom কৰি দিয়ে৷
অৰুণিমাও এটা গালে
দিহা: -আসনতে বন্তি জ্বলাই, হৃদয়তে নাম৷
জিভাৰ আগে পাপে মেৰাই নুলাই হৰি নাম৷
পদ: – কহয় মাধৱদাসে নিচিনিলে নাই৷
চিনি পালে সেই বস্ত হৃদয়তে পায়৷
(তিনি চাপৰি)
দিহা: – কোনেনো নলয় হৰি নাম, ঐ পাছত পাবা ঠেলা৷
জগন্নাথৰ শ্ৰীমন্দিৰত চাট্ মাৰা লেখা ঐ’
কোনেনো নলয় হৰি নাম৷ ৷
পদ: – এই নামে নাম নহয় অ আৰু নাম আছে৷ সহস্ৰ সহস্ৰ জনে তাকো নাপাই সীমা ঐ ’
কোনেনো নলয় হৰি নাম৷ ৷
(খৰ চাপৰি)
নামৰ ধ্বনি আকাশলৈ গৈছে৷ খোল, তাল, নেগেৰাই মহাবিদ্যালয়ৰ চৌহদ ৰজনজনাই আছে৷ ইমান ধুনীয়া কৈ নাম পৰিৱেশন কৰিলে বৰ্ষা আৰু অৰুণিমাই ছাৰ মেমহঁতেও দুয়োজনীকে শুভেচ্ছা জনালে৷ ঘৰ আহি পাওঁতেই ৫ বাজিল৷
আগলৈ!….
ঋতুপর্ণা ইংতিপি/মৰিগাঁও