বগা ৰঙৰ শাড়ী তাত নীলা নীলা পাতৰ ডিজাইনৰ ফুল৷ সৰু ইয়েৰিং আৰু ডিঙিত চেইন এডাল, হাতত নীলা ৰঙৰ সৰু সৰু খাৰু, কিতাপ কেইখনমান লৈ ৰুমলৈ আহিছে মীনাক্ষী মেম৷ বয়স পছিশ বছৰমান হ’ব৷ কেইমাহমানৰ আগতেই জইন কৰিছে৷ ঢকুৱাখনাত মেমৰ ঘৰ৷
: গুড মৰ্নিং
: গুড মৰ্নিং মেম৷
: ক্লছ হৈছে নে তোমালোকৰ?
: নাই মেম৷
: syllabusখন বুজি পাইছা নহয়৷
: পাইছোঁ মেম৷
: বাৰু! ৰোলনং বোৰ সকলোৰে পালা নে নাই?
: পালোঁ মেম৷
: অলপ সময় ৰৈ দিওঁ কোনোবা আহে নেকি৷
: হ’ব মেম৷
বিকাশ নামৰ ল’ৰাটোৱে উত্তৰ দি আছে৷
: মেম সোমাব পাৰোঁ৷
: বৰ্ষা, আহা আহা৷
আজি syllabus ৰ বিষয় বিতং আলোচনা কৰিলে মেমে৷ কাইলৈ পৰা হে ভালকৈ পঢ়াব৷ দুই বজাতে আজি ক্লাছ শেষ হ’ল৷
: দুইজনীৰে ফোন নাম্বাৰ কেইটা দে, কালি লোৱা নহ’ল৷ আৰু এটা কথা কিন্তু তুমি, তোমাৰ এইবোৰ মোৰ ভাল নালাগে৷ অচিনাকি যেন লাগে৷ ’তই’ বুলিয়ে ক’ম মই৷
: হয় পাই কথাটো৷ ’তই’ শব্দটো আপোন আপোন লাগে৷
: ঠিকে কৈছে দে তহঁতে৷
: নাম্বাৰ দে আক’
: ল’
: অৰু তোক বেলেগ কৈ ক’ব লাগে নে?
: মো…ৰ ম’বাইলত নাই৷
: কি?
: মাৰ এটা আছে৷
: দে নাম্বাৰটো দে৷
তাইক চোন ম’বাইলৰ প্ৰয়োজন নাছিলেই, দুটা নাম্বাৰই তাই মাজে মাজে ফোন কৰে নাইবা সিফালৰ পৰা ফোন আহে৷ প্ৰগতিৰ ম’বাইলতে কথা পাতে হৈয়ে যায়৷ ম’বাইলৰ প্ৰয়োজন তাই কেতিয়াও অনুভৱ কৰা নাই৷ ডাঙৰ ডাঙৰ ম’বাইলবোৰ দেখিছে চুই পোৱা নাই৷ নিড়িৰৰ ম’বাইলতোও তাই কোনোদিনে চুই চুৱা নাই৷
গোসাঁই ঘৰত প্ৰাৰ্থনা কৰি, মহলটোত ধূণা ফুৰাই আদা দি চাহকাপ বনাই আনিছে অৰুণিমাই৷ প্ৰগতিয়ে ৰাতিৰ সাঁজৰ বাবে যোগাৰ কৰিছে৷ পঢ়াৰ টেবুলক মন বহা নাই অৰুণিমাৰ৷ কিবা চিন্তাত মগ্ন তাই৷
: অ’ মাজনী, মাজনী
: অ’ মা৷
: বাবাই ফোন কৰিছে আহাচোন৷
: গৈছোঁ মা৷
: অই বাবা মাজনীক দিছোঁ৷ ডাইনিং টেবুলৰ পৰা চকী এখন টানি বহিল তাই৷
: হেল্ল
: হেল্ল’ পঢ়ি আছিলা৷
: নাই মানে এনেই মই৷
: বুজিছোঁ, কলেজ গৈছা ন?
: গৈছোঁ৷
: বান্ধৱী পাইছা নে নাই?
: পাইছোঁ৷ : কালি ফোন কৰিব সময় নাপালোঁ৷ ইমান কাম নহয়৷ কেতিয়াবা একেবাৰে ঘৰলৈ গুটি যাব মন যায়৷ : অ’ খোৱা-লোৱা ভালকে কৰিব, নিজৰ যত্ন ল’ব৷
: অহা মাহত যাম ঘৰলৈ৷ তুমি ভালকৈ পঢ়িবা দেই৷
: ঠিক আছে৷
: কিবা প্ৰয়োজন হ’লে ক’বা৷
: হ’ব৷ : এতিয়া পঢ়া, ৰাখিছোঁ বাই৷
: বাই৷
সপোনবোৰ যিমানে সুন্দৰনিৰ্মম বাস্তৱ সিমানে কঠিন৷ সকলোৰে সপোনৰ ঠিকনা দিঠক নহ’ব পাৰে, তথাপিও মানুহে সপোন দেখে৷ কিমান অসহায় হ’লে? নিয়তিৰ দাস হ’লে? সপোন নামৰ ধুনীয়া পক্ষীক দূৰলৈ উৰুৱাই পঠিয়াই পাৰে৷ ফুটপাথত জীৱন কটোৱাজনৰো সপোন আছে জানো? কি সপোন ৰচিব বাৰু তেওঁলোকে? ভালকৈ এসাঁজ খাবলৈ পাব, ৰাতিটো নিৰাপদ ঠাইত শুবলৈ পালে হ’ল সেয়াই জানো কাম্য নহয় তেওঁলোকৰ? সেয়াই যদি সপোন হয়, তেন্তে সপোন সকলোৱে দেখে৷ কিন্তু কিছুমান সপোন দেখা সপোনৰো অগোচৰ৷ সপোনবোৰো বৰ দামী সকলোৰে তেনেকুৱা সপোন দেখাৰ অধিকাৰ নাথাকে৷ তেওঁলোকে সময়ৰ লগত খোজ মিলাই চলে৷ ভাগ্য বুলি একো নাথাকে, সময়ে যি দিয়ে সেয়াই বাস্তৱ৷ অৰুণিমাইও সপোন দেখা নাছিল৷ দিঠক নোহোৱা সপোন দেখা সাহস নাই তাই৷
: মাজনী, ভাত খোৱা হি আহা৷
ঋতুপর্ণা ইংতিপি, মৰিগাঁও