তাই গাল দুখন এবাৰ চুই চালে৷ উদয়ৰ হাতৰ মিঠা মিঠা পৰশ এতিয়াও লাগিয়ে আছে৷ টেবুলত জ্বলি থকা লেমৰ ক্ষীণ পোহৰত ’মেৰুণ’ কালাৰ ছাৰ্টটো জিলিকি আছে৷ বিছনা পৰা উঠি আহি চকীখনত মেলি থৈ দিয়া ছাৰ্টটো হাতত তুলি ল’লে৷ পাৰফিউমৰ গোন্ধ নাকত সোমাই গৈছে৷ ছাৰ্টটো পিন্ধি চালে৷ কিয় জানো তাইৰ পিন্ধি চাব মন গ’ল আকৌ এবাৰ৷ মুখৰ ভিতৰতে তাৰ নামটো ভোৰভোৰালে৷
’কিয় বাৰু তই ইমান স্বাৰ্থপৰ’ বুলি নিজৰ গালতে চৰিয়াইছে৷ “চেহ্ কি কৰিলোঁ বাৰু মই? মাতষাৰো দিয়াৰো কাণ্ড জ্ঞান নহ’ল৷ কি বুলি ভাবিছে বা সি? চেহ্ সঁচাকৈয়ে দেই কি কাম কৰিলোঁ নহয়৷ “ তাই যি সোমাই আহিল আহিলেই মানে এবাৰো পিছফালে ঘূৰি নাচালে৷ দং দং কৈ ঘৰৰ ভিতৰতহে সোমাল৷ অন্তত সি চাগে তাইলৈ মাত এষাৰৰ আশাত ৰৈ আছিল? সেইবোৰৰ লৈ তাইৰ ভ্ৰক্ষেপ নকৰি ভিতৰলৈ আহিবহে চালে৷ এতিয়াহে অনুশোচনাত ভুগিছে৷ তাই নিজৰ ব্যৱহাৰৰ বাবে লাজো পাইছে৷ কলেজত বাৰু কেনেকৈ তাৰ মুখামুখি হ’ব তাই৷ আনকি তাৰ ছাৰ্টটোও ঘূৰাই দিবলে নহ’ল৷ সি বাৰু টি-ছাৰ্ট এটা পিন্ধি আছিল বাবেহে নহ’ল কি হ’লে হয়?
আজি এসপ্তাহে পাৰ হ’ল উদয়ৰ দেখা দেখি নাই৷ তাই সদায় তালৈ ৰৈ থাকে সি আহিলেই তাই ক্ষমা খুজিব লগতে তাৰ ছাৰ্টটো দি দিব৷ আজিও সি কলেজলৈ অহা নাই৷ কাইলৈ পৰা দহদিন পূজা বন্ধ থাকিব৷ তাই কাকো সুধিব পৰা নাই উদয়ৰ কথা৷ কথাবোৰ কাকো খুলি কোৱা নাই৷ এইকেদিন তাই বৰ অস্থিৰ হৈ আছে সকলোৱে লক্ষ্য নকৰা নহয়৷ সি বাৰু তাইক বেয়া পাই কলেজ নহা হ’ল নেকি? নাই নাই এইটো হ’ব নোৱাৰে, এনেকৈ জানো কোনোবাই কলেজ এৰিব পাৰে৷ নিজকে তাই দোষী দোষী অনুভৱ কৰি আছে৷ মন মাৰি ক্লাছ ৰুমৰ এটা চুকত অকলে বহি আছে৷ ৰিমঝিমে তাইৰ ওচৰলৈ আহিল৷
: অই, কি হ’ল অ’ তোৰ?
: নাই একো হোৱা৷
: ক’বিনে?
: নাই অ’ এইজনী৷
: হৈছে, কিবা এটা হৈছে৷ মন মাৰি আছ’৷ মন কৰিছোঁ নহয় তোক৷
অৰুণিমাও সিহঁত দুজনীৰ ওচৰ পালেহি৷
: অৰু কেনটিনলৈ যাওঁ ব’ল?
: মই নাজাওঁ৷ ( বৰ্ষাই ক’লে৷ )
: আৰে কি হ’ল আক’ তোৰ৷
: তহঁতে যা৷
: অৰু এইজনীৰ কিবা এটা হৈছে বুইছ’৷
: অ’ ময়ো ভাবিছোঁতো৷ এইকেইদিন উদয় দাক দেখা নাই৷
: অ’ কলেজ অহা নাই নেকি?
উদয়ৰ কথা শুনি তাই অলপ ইচ্ পিচাব ধৰিলে৷ অৰুণিমাহঁতৰ চকুত ঠিকেই ধৰা পৰিছে৷ পূজা বুলি দহ দিন বন্ধ থাকিব৷ কাৰোৰে দেখা দেখি নহ’ব এইকেইদিন৷ কেনটিনলৈ যোৱা নহ’ল৷ কলেজৰ বাহিৰতে কিবা এটা খাই ঘৰমুৱা হ’ল৷
শৰতৰ শেৱালি
নিয়ৰ সনা দূবৰিত
পৰি মৰহি গৈছে৷
কাৰোবাৰ অপেক্ষাত
হৃদয়ৰ কোণত
অজান বিষে বাৰে
বাৰে আমনি দিছে৷
প্ৰায় দহদিনৰ পাছত আকৌ লগ হৈছে অৰুণিমাহঁত৷ তিনিওজনীৰ মাজত অনৰ্গল কথা৷ পূজাবুলি কোনো এজনীয়ে ক’লৈকো যোৱা নাই৷ ওচৰৰ পূজা মণ্ডপতে মূৰ দোঁৱাই আছিহে৷ বৰ্ষাৰ মনত প্ৰশ্ন এটাই বাৰে বাৰে আমনি কৰি আছে৷ কোনে বা কামতো কৰিলে তাই ভাবি পোৱা নাই৷ ক্লাছ শেষ কৰি ঘৰলৈ যাব ওলাল৷ গেটৰ বাহিৰত লগৰবোৰৰ লগত কথা পতাত ব্যস্ত হৈ আছে উদয়৷ অনাকাঙ্খিত দৰ্শন৷ বৰ্ষাই ভবাই নাছিল উদয়ক কলেজত দেখিব বুলি৷ কিয় বা তাইৰ উদয়ৰ ওপৰত খং উঠিছে, হয়তো ইমান দিনে ক’ত আছিল, কিয় কলেজলৈ অহা নাই সেইবাবে তাই অভিমান কৰিছে? নাজানে তাই একো নেজানে৷ এইয়া খং নে অভিমান? কিয় বা আকৌ তাই খং বা অভিমান কৰিব, কি অধিকাৰে? এতিয়ালৈ সি তাইৰ ফালে চোৱাই নাই৷ তাইৰ পৰা আঁতৰি ফুৰিছে নেকি সি? সঁচাকৈয়ে ইমান বেয়া পালেনে বাৰু সি? তাৰ ওচৰলৈ যাওঁ নাযাওঁ কৈ গুণা গঁথা কৰি থাকোঁতে কেতিয়া উদয় আহি তাইৰ সন্মুখত থিয় হ’ল তাই গমকে নাপালে৷ ভূত দেখাক দৰে তাই চক্ খাই উঠিল৷
: ক্লাছ শেষ?
: অ’ শেষ৷
: ভালে আছা?
: আছোঁ৷ আপোনাক দেখা নাছিলোঁ এই কেইদিন..৷
: মোলৈ বৰ কৈ মনত পৰি আছিল ন?
; তেনেকুৱা নহয়৷ (তাই আনফালে মুখ ঘূৰালে)
: তেন্তে কেনেকুৱা হয়?
: নাই একো….!
: উম৷
: ছ’ৰী৷
: কি ক’লা তুমি?
: ছ’ৰী৷
: কিয়?
: সেইদিনা…
: কি হ’ল সেইদিনা? মোৰ ছাৰ্টো পিন্ধি যোৱাৰ বাবে নে?
: নহয়৷
: নহ’লে?
: মানে, মই…… আপুনি মোক বেয়া পাই নাথাকিব সেইদিনাৰ বাবে৷
: আৰে! কিয় বেয়া পাই থাকিব আকৌ ভালহে পাই থাকিম সদায়৷
: কি?
: নাই একো৷ এতিয়া তুমিও যোৱা ঘৰলৈ৷
: ঠিক আছে৷
লাজে লাজে চুচুক-চামাকপৈ তাই স্কুটিখনৰ ওচৰ পালে গৈ৷ কেতিয়াও একে মুখে উত্তৰ নিদিয়া ছোৱালীজনীয়ে তাৰ লগত পোনপটীয়াকৈ কথা পাতিলে৷ তাৰ ছাৰ্টটো আজি তাই লৈ আহিব পাহৰিলে৷ সেইকেদিন সদায় আনিছিলেই তাৰ হে কোনো খবৰ নাই৷ স্কুটিখন ষ্টাৰ্ট দিলে তাই৷ তেতিয়ালৈ উদয়ৰ চকু তাইৰ ফালেই৷ মনে মনে তাইৰ কিবা এটা ভাল লাগিছে তাক দেখি৷ কিন্তু কিয়?
আগলৈ!