সহযাত্রী, খণ্ড- ১২ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ১২ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

অচিনাকি অথচ ইমান কোমল স্পৰ্শ৷ কোনোবা অচিন চিনাকি৷ ইমান আপোনত্বৰে আদৰৰ পৰশ৷ মৰমকাতৰ স্পৰ্শত ভাগৰুৱা মনটোৱে দুচকু জপাই দুবাহু মাজত জিৰণি ল’ব বিচাৰিছে৷ আঁঠু দুটা কাটি পেলোৱা যেন লাগিছে৷ দেহ মন দুয়োটাই ভাগৰুৱা৷
: আপুনি? আচৰিত হৈ বৰ্ষাই ক’লে৷
: উঠা এনেকৈ ৰাস্তাৰ কাষত কি কৰিছা?
: কোনোবাই কিবা ক’লে নেকি তোমাক?
: নাই৷ সামান্য মূৰ জোকাৰিলে৷
: তেন্তে কি হৈছে তোমাৰ? চাওঁ উঠাচোন বৰ্ষা৷
দুহাতেৰে চকুপানী মচি ৰাস্তা পৰা উঠাই নি স্কুটীখনত বহুৱাই দিলে উদয়ে৷
বহু পৰ মৌনতাৰে পাৰ হ’ল৷ উদয়ে তাইৰ চকুলৈ একেথৰে চাই আছে৷ বৰ্ষাই তাৰ দৃষ্টি সহ্য কৰিব নোৱাৰি আনফালে মুখ ঘূৰালে৷
বৰষুণত তিতি তাই গাৰ কাপোৰ গাত লেপেট খাই আছে৷ স্পষ্ট হৈ পৰা তাইৰ দেহটো ঢাকিবলৈ সি তাৰ ছাৰ্টটো খুলি তাইক পিন্ধাই দিলে৷ গোটা পৰি থকা চুলিখিনিৰ পৰা সি পানীবোৰ টুকি দিছে৷
বৰষুণ জাকো শাম কাটিল৷ আকাশখন ফৰকাল হ’ল৷ বৰ্ষাৰ মনটোৰ দৰে৷ সকলো দুখ একাষৰীয়া, উদয়ৰ সান্নিধ্যত পোৱা নতুন সুখানুভূতিখিনি একাষৰীয়া৷ কেতিয়াও ভালকৈ মাত এষাৰ নিদিয়া উদয়ক এনেকৈ কাষত পাই তাই কি কৰিব বুজিব পৰা নাই৷
: কি হ’ল? এনেকৈ থাকিবা নে যাবা?
: নাই৷
: ব’লা ঘৰত থৈ আহোঁ গৈ তোমাক৷
: উম৷ কিয় জানো না ক’ব মন নগ’ল তাইৰ৷
: উঠা৷ স্কুটীখন ষ্টাৰ্ট দিলে উদয়ে৷
: আপুনি ইয়াত? সুধু নুসুধুকৈ কথাষাৰ সুধিলে তাই৷
: আগৰ গাঁৱখনতে মোৰ ঘৰ৷ ইয়াৰ পৰা বেছি দূৰ নহয়৷
: অ’৷
একেটা পথেৰে যাত্ৰী, অথচ কোনো দিনে সেই পথৰ সহযাত্ৰী হোৱা নাই৷
কাষতে থকা নামঘৰৰ পৰা ধূপ-ধূণাৰ সুগন্ধৰ লগতে দবা আৰু বৰ তালৰ মাত প্ৰতিধ্বনি হৈ দুয়োৰে কাণত বাজি উঠিল৷
’ঠাকুৰবাৰী’ বৰ্ষাহঁতৰ গাঁৱৰ নাম৷ ঘাইপথৰ বাওঁফালে সৰু ৰাস্তাটোৰে অনাকাংক্ষিত ভাৱে যাত্ৰা কৰিছে৷ এই যাত্ৰাৰ দুয়োজনে ইজনে-সিজনৰ সহযাত্ৰী৷ ফুট গধূলিলৈ ছোৱালীজনী আহি নাপালে৷ এই বৰষুণত ক’ত বা আছে, কেনেকৈ আছে ছোৱালীজনী বুলি বাৰে বাৰে ঈশ্বৰৰ নাম লৈছে৷ কঁকাল হাউলি পৰা আইতাকজনীৰ বুকুৰ ধপধপনি বাঢিছে, ঘন ঘনকৈ উশাহ লৈছে৷ বাৰে বাৰে পদূলিলৈ অহা যোৱা কৰি আছে৷
: টৰ্চটো লৈ অলপ আগুৱাই যাওক চোন৷ মানুহজনী ক’ত আছে চাওক গৈ বুলি কৈ আছোঁ৷ কথা কাণত সুমুৱাই নাই৷
: আহিব ৰ’বা, বৰষুণৰ বাবে ক’ৰবাত ৰৈ আছে চাগে৷ ইমান চিন্তা কৰিব নালাগে৷
: গাড়ী খনৰ মাত শুনিছোঁ৷ আহিছে হ’বলা৷
: এইয়া, কৈছিলোঁ নহয়৷
চাৰিওফালে আন্ধাৰ৷ বৰষুণৰ বাবে কাৰেণ্ট নাই৷ স্কুটিৰ মাত শুনি পদূলিলৈ ওলাই আহিছে বৰ্ষা আইতাকে৷ দুখোজমান আগবাঢ়ি আহিছে, স্কুটিৰ লাইটৰ পোহৰত সোঁহাতখনে মুখখন ঢাকি লৈছে৷ ধকধকীয়া বগা কপাহী চাদৰখনে দেহটো ঢাক খাই আছে৷ গোঁসানীজনীৰ দৰেই ডাঙৰ সেন্দূৰৰ ফোঁট৷ থুৰীয়াযোৰৰ সৈতে কাণখন উলমি আহিছে৷ গাৰৰ ছাল শোতোৰা পৰা৷ বয়স ৬৫ বছৰমান৷ বৰ্ষাৰ ওচৰলৈ আহিছে তেওঁ৷
: আইমানু ক’ত আছিলি অত বেলি? এইয়া কি অৱস্থা হৈ আহিছ’৷ কি হ’ল গোঁসানী?
বৰ্ষাৰ অৱস্থা দেখি বুকুৰ স্পন্দন বাঢ়িব ধৰিছে৷ আইতাকৰ ওচৰত গৈ একো ক’ব পৰা নাই৷ মাথোঁঁ ’আইতা’ বুলি সাৱটি ধৰি গালতে চুমা এটা খালে৷
: কেনেকৈ তিতিলি মানু?
: ব’ল, ব’ল কাপোৰ সলাই ল’ গৈ৷
: হম৷
: এওঁ, উদয়ৰ ফালে চাই আইতাকে সুধিলে৷
: আইতা এওঁ উদয়৷ আমাৰ কলেজৰে৷
: অ’, ক’ত ঘৰ তোমাৰ ধনটো৷
: মোৰ ঘৰ আমিন গাঁৱত আইতা৷
: ভাল বাৰু৷
: হয়৷
: আমাৰ মানুক ক’ত লগা পালা আৰু তাই কেনেকৈ তিতি বুৰি আহিল৷
: ৰাস্তাত তাইৰ স্কুটিখনৰ ষ্টাৰ্ট নোহোৱা হ’ল আৰু তাতে বৰষুণত তিতিলে৷
তাইৰ সেই অৱস্থা কথা সি ক’ব বিচাৰিছিল যদিও বৰ্ষাই নক’বলৈ ইংগিত দিলে৷
: হয় নেকি, কিহে পাইছিল তোক৷ বৰষুণত তিতি থাকিব৷
অলপ খঙৰ দৃষ্টিৰে তাইৰফালে চালে৷
: আইতা তাই স্কুটিখন ষ্টাৰ্ট বন্ধ হৈ গৈছিল, সেইবাবে মই…
: ভালে কৰিলা ধন৷ ছোৱালী মানুহজনী এনেকৈ ক’ৰবালৈ গৈ ঘূৰি অহাত দেৰি হ’লে জীৱটো থওঁ নথওঁ হৈ থাকে৷
: হয় আইতা৷
: মানু বেগেতে কাপোৰ সলাই ল’ গৈ৷
: আইতা মই যাওঁ দিয়ক৷
: অ’ ঠিক আছে যোৱা৷ তোমাক বহুত ধন্যবাদ দেই ধন৷ ঈশ্বৰে তোমাৰ মংগল কৰক৷
: ধন্যবাদৰ কথা নাই আইতা, মাথোঁঁ আৰ্শীবাদ কৰিব৷
বৰ্ষাৰ আইতাকজনী বৰ সাদৰী তিৰোতা৷ অলপতে মানুহক আপোন কৰি লৈ৷ অচিনাকি যেন অনুভৱ নহয়, বহু দিনীয়া চিনাকি দৰে কথা পাতে৷

কপালত জিলিকি থকাকৈ সেন্দূৰৰ ফোঁট৷ দীঘল ওৰণি টানি ধূণাবাতিটো লৈ গোটেই ঘৰৰ চুকে-কোণে ধূণা ফুৰাই আছে অৰুণিমাই৷ ডয়িং ৰুমতে বহি আছে প্ৰগতি আৰু নিবিৰ৷
: মাজনী এই ফালে আহাচোন৷
: অ’ মা কওক৷
: বহা ইয়াতে৷
প্ৰগতিৰ ওচৰতে বহিল তাই৷ একো নোকোৱাকৈ ৰুমৰ পৰা ওলাই গ’ল নিবিৰে৷ সি ওলাই যোৱাৰ ফালে চাই থাকিল তাই৷
কিছু সময়ৰ পাছত হাতত সৰু মোনা এটালৈ ৰুমলৈ সোমাই আহিল৷ হালধীয়া ৰঙৰ মোনাটোৰ পৰা সৰু বাকচৰ দৰে বস্তু এটা উলিয়াই অৰুণিমাৰ হাতত দিলে৷ প্ৰগতি আৰু অৰুণিমাই কৌতূহল দৃষ্টিৰে নিবিৰলৈ চালে৷
: এইটো লোৱা৷
অৰুণিমাৰ হাতত বস্তুটো দি ক’লে৷ হঠাৎ কি দিলেহি আনি তাই উৱাদিহ নাপালে৷ তাই আচৰিত হৈ সুধিলে…
: কি হয় এইটো?
: খুলি চোৱা৷
: এইটো চোন….
কি ক’ব লাগে, কি ক’ব নালাগে তাই একো বুজি পোৱা নাই৷ কেতিয়াও চুই নোপোৱা বস্তুটো হঠাৎ নিবিৰে তাইৰ হাতত গুজি দিলে৷ Realme 11 pro 5G
ম’বাইল৷
: এইটো এতিয়া তোমাক খুবেই প্ৰয়োজন৷
: আজি তাৰিখত ম’বাইল ফোন নহ’লে নহয়৷ বিশেষকৈ কলেজৰ বাবে বেছি প্ৰয়োজন৷
: কিন্তু..!
: কি কিন্তু?
: মই এইবোৰৰ বিষয় একো নাজানো৷
: আৰে কি যে আঁকৰী নহয়৷
: মাৰৰ গৰ্ভতে জানো সকলোৱে শিকি আহে৷ শিকিব লাগিব৷ মই কি এনেই আছোঁ, মই শিকাই দিব নহয় সকলোবোৰ৷ সাধাৰণ কথাতে তাইৰ চিন্তা৷
: হমম৷
: ভালে কৰিলা বাবা৷ মই ক’ব বুলি ভাবিছিলোঁৱে তাইক ম’বাইল এটাৰ বিশেষ প্ৰয়োজন আছে বুলি৷
নিবিৰে ই-মেইল খুলি দি ফোন কৰাৰ পৰা ওৱাটএপচৰ পৰা ইউটিউব চলাবলৈ শিকাই দিলে৷

ৰাতিৰ ভাতসাঁজ খাব মন নাছিল বৰ্ষাৰ৷ তাই নাখালে ককাক আইতাকেও নাখায়৷ তাইৰ বাবে মানুহহাল ভোকত থকাটো তাই নিবিচাৰে৷ অকৃত্ৰিম মৰম, আদৰ কৰা মানুহ দুজনেই আছে তাইৰ৷ ইমান বছৰে পুত্ৰ-বোৱাৰী, নাতিনীৰ পৰা আঁতৰত নিসংগতাৰে জীৱন পাৰ কৰা মানুহ হালে নাতিনীয়েকক পাই আকৌ এবাৰ জী উঠিছে৷ সৰুৰ পৰা দিব নোপোৱা মৰম বোৰ এতিয়া উপচাই পেলাইছে৷ তেওঁৰলোকৰ বাহিৰে চোন আজিলৈ এনেকৈ কোনেও তাই মৰম কৰা নাছিল৷ মাক- দেউতাকে কৰিছিল যদিও তাই মৰমবোৰ বুজি পোৱা নাছিল৷ সেয়া প্ৰকৃততে মৰমে আছিল নে দায়িত্ব৷ ৰঙা পৰি থকা চকুদুটা ঢাকিবলৈ ডাঠকৈ কাজল সানি লৈছে যদিও চকুহাল যে ফুলি আছে সেয়া স্পষ্ট হৈ আছে৷
আলুত পিঠাগুৰি মাৰি সাৰ তৰকাৰী, বেঙেনা, আলুৰ পিতিকা, আমৰ আচাৰৰ সৈতে ভাত বাঢ়ি ৰৈ আছে বৰ্ষাৰ ককাক আইতাক৷ পাকঘৰৰ চুকতে থকা পীৰা এখন লৈ বহিলে তাই৷ ভাতৰ পাতত বহি পছন্দ বস্তু নহ’লে ভাত নোখোৱা তাই এতিয়া আইতাকে ৰন্ধা থলুৱা খাদ্যবোৰ তাইৰ প্ৰিয়৷
ভাত খাই উঠি পাকঘৰৰ কামবোৰ কৰি তাই নিজৰ ৰুমলৈ সোমাই আহিল৷ বাওঁফালে বেৰতে লাগি আছে তাইৰ বিছনাখন৷ ওচৰতে জপাই থোৱা খিৰিকীখনত সুমথিৰা ৰঙৰ পৰ্দা তৰি থোৱা আছে৷ সোঁফালে আইতাকে বিয়াত অনা পুৰণি কাঠৰ আলমিৰা ওচৰতে ডাঙৰ আইনাখন৷ বিছনাৰ কাষতে থকা আলনাত কাপোৰ পৰিপাটিকৈ জাপি থোৱা আছে৷ চাফ চিকুনকৈ থাকিলে হে তাই ভালপায়৷ ঘৰখনো ধুনীয়াকৈ সজাই থৈছে৷ ম’বাইলটোলৈ চাই বুকুখন কঁপি উঠিল৷ টেবুলতে ম’বাইলট থৈ কাণে মূৰে গাৰুতো জাপি লৈ শুবলৈ চেষ্টা কৰিছে৷ এতিয়াহে তাইৰ মনত পৰিল৷

  আগলৈ!

ঋতুপর্ণা ইংতিপি/মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *