সহযাত্রী, খণ্ড- ৮ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ৮ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সোনকালে উঠি ঘৰ-দুৱাৰ মচি চাফ-চিকুণ কৰিলে অৰুণিমাই৷ জহা চাউলৰ পায়সকণ বনালে প্ৰগতিয়ে৷ পুৱাৰ পৰা দুয়োজনী ভীষণ ব্যস্ত৷ প্ৰসাদৰ ফলমূল সকলোখিনি ধুই কৈ যতনাই দিছে অৰুণিমাই৷ প্ৰগতিয়ে নৈবেদ্যৰে শৰাইখন সজাই থাপনাৰ আগত থৈছে৷ নিবিৰে গাড়ী, বাইকখনৰ লগতে তাৰ ’ৰূপালী’ক ধুই মেলি মালা পিন্ধাই সজাই থৈছে৷ ’ৰূপালী’ তাৰ ৰঙা চাইকেলখনৰ নাম৷ সেই চাইকেলখনৰ লগতেই তাৰ সৰুকালৰ স্মৃতিবোৰ দেউতাকৰ নিভাঁজ মৰম এতিয়া সজীৱ হৈ আছে৷ চাইকেলৰ পৰা পৰি আঁঠুত ছাল যাওঁতে খঙতে মাকে এছাৰিৰ কোব দিওঁতে দেউতা দেউতা বুলি চিঞৰিছিল৷ ৰাতি দেউতাকক পিঠিৰ ডাগ ডোখৰ দেখাওঁতে সেই এছাৰিডালে মাকৰ পিঠিতো একোব দিলে৷ পাঁচদিন লৈ চিন বহি থকা পিঠিখনত দেউতাকে ফু.. মাৰি মাৰি মৰম ঢালি দিছিল৷ লাহেকৈ পিঠিখন লাৰি চালে সি৷ দেউতা আস্!

: বাবা আমপাত কেইটামান চিঙি আনচোন৷
: এয়া লোৱা, আনিলোঁৱে৷
: আৰু যে কাম এটা দিছিলোঁ?
: কৰিলোঁ অ’ মা৷
: ভাল বাৰু৷

বিশ্বকৰ্মা পূজা বুলি আগদিনাই ঘৰলৈ আহিলে নিবিৰে৷ তাৰ ৰূপালীক বছৰৰ মূৰত এদিনেই ভালকৈ সজাই পৰাই প্ৰাণভৰি চাই৷ সেইদিনা ঘৰলৈ নহাকৈ কেনেকৈ থাকে সি৷ ওচৰৰ সৰু ল’ৰা-ছোৱালী কেইটামানক মাতি পূজাৰ প্ৰসাদ আৰু পায়স খুৱাই পঠিয়ালে৷ প্ৰতি বছৰে এনেকৈয়ে থূলমূলকৈ বিশ্বকৰ্মা পূজা পালন কৰে৷ ঘৰৰ কাষৰ কেইগৰাকীমান মানুহ আহি প্ৰসাদ চাহ পানী এটোপা খাই গ’ল৷ নিবিৰে ৰূপালীৰ লগত ফটো উঠি ষ্টেটাছ লগাইছে “Today special photo with my Rupali“

পূজা কৰি উঠি প্ৰগতি আৰু অৰুণিমা দুয়োজনী পাকঘৰত ব্যস্ত৷ পূজাৰ বাবে আজি নিৰামিষ আহাৰ ৰান্ধিছে৷ আলুৰ লগত শুকান পনীৰ ভাজি, গোটা গোটা পটল সৰিয়হ দিয়া লগতে মগুমাহৰ সাৰ তৰকাৰী আৰু নিবিৰৰ প্ৰিয় বিলাহী দিয়া ঢেঁকীয়াশাকৰ ভাজি৷

অৰুণিমাই ৰুমৰ ভিতৰত বিছনাতে বহি কাপোৰবোৰ সামৰি আছে৷ ৰুমটোৰ মাজতে বিছনাখন, বাওঁফালে তাইৰ পঢ়া টেবুল, ওচৰতে আলনাডাল আছে৷ আনফালে আলমিৰা কাষতে চকী দুখন৷ টেবুল এখনত Green lucky bamboo plant, Jade plant, red aloe Vera গছৰ পুলিবোৰ আছে৷ বিছনাৰ দুয়োকাষে ফটো কেইকপিমান সজাই থোৱা আছে৷

: শুনাচোন৷ (কাপোৰ সামৰি থকা পৰাই নিবিৰলৈ ঘূৰি চালে অৰুণিমাই)
: অ’ কওক৷
: এইটো লোৱা৷ হালধীয়া কাপোৰ বেগটো অৰুণিমাৰ হাতত দিলে৷
: কি হয় এইটো৷
: নিজেই খুলি চোৱা৷
: শাড়ী৷
: উম৷
: কাৰ বাবে?
: কি আঁকৰী অ’, তোমাক দিছোঁ যেতিয়া তোমাৰ বাবেই ন৷
: মা বাবে কি আনিছে৷
: আনিছোঁ কিবা এটা৷ তুমি কোৱা ভাল লাগিছে মে মাই?
: ধুনীয়া লাগিছে, তাতে মোৰ প্ৰিয় ৰং৷

নীলা ৰঙৰ শাড়ীখনত সোণালী ৰঙৰ মিহি পাৰি, মাজে মাজে খিচখিচীয়া ফুল৷ তাইৰ নীলা ৰং ভালপাই বুলি জানিয়ে নীলা ৰঙৰ শাড়ীকে আনিছে নিবিৰে৷ অৰুণিমাই নক’লেও জানে সি৷

: সন্ধিয়া সময়ত এফালে যাম এই শাড়িখন পিন্ধিলে ভাল লাগিব৷
: ক’ত যাব৷
: গ’লে এনে গম পাবা৷
:

ছয় বজাত দুয়ো যাবলৈ ৰেডী হ’ল৷ ক’লা ৰঙৰ ছাৰ্ট আৰু জিনচ্, হাতত স্মাৰ্ট ওয়াচ, বগা ৰঙৰ জোতা পিন্ধি বাইকখনৰ ওচৰতে ৰৈ আছে নিবিৰ৷ বগা ব্লাউজৰ লগত নীলা শাড়ী পিন্ধি খটখটীৰ পৰা নামি আহিছে অৰুণিমা৷ ওখ চেণ্ডেল, ডিঙি আৰু কাণত পখিলা ডিজাইন মনি লগোৱা চেইন ফুলি৷ ডাঙৰ ডাঙৰ দুপাত সোণালী ৰঙৰ মণিপুৰী গোল্ড খাৰু৷ খামুচীয়া কঁকালৰ পাৰ হৈ যোৱা চুলিখিনি বেণী গুঠি লৈছে৷ তাইৰ চুলিখিনি মেলি ল’লে নাইবা বেণী গুঠিলে নিবিৰে ভালপায়৷ নিবিৰে ভালপোৱা ধৰণে নিজকে সজাইছে অৰুণিমাই৷ কপালৰ ফোটটো জিলিকি থকাকৈ লৈছে৷

: সঁচাকৈয়ে খুব ধুনীয়া লাগিছে তোমাক৷ ( এইষাৰ কথা শুনাৰ বাবে তাই প্ৰস্তুত নাছিল, নিবিৰে তেনেকৈ ক’ব বুলি তাই ভবাই নাছিল৷ ইয়াৰ উত্তৰ তাই দিব নাজানে৷ তলমূৰ কৰি থিয় হৈ আছে৷ সন্ধিয়াৰ আন্ধাৰত তাইৰ লাজত ৰঙা পৰা গালখন নেদেখিল নিবিৰে৷ প্ৰগতিক মাত লগাই দুয়ো ওলাই গ’ল৷ ক’ত যাব কি কৰিব একো নেজানে, মাথোঁঁ গৈ আছে তাই নিবিৰ সৈতে নিবিড় সন্ধিয়া৷  

  আগলৈ!

ঋতুপর্ণা ইংতিপি/মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *