নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৭ : ৰিচা গগৈ

….সপোন ৰথেৰে উৰি উৰি যাম
জোনাকীৰ বাটেৰে আগুৱাম…….
হঠাৎ ফোনটো বাজি উঠিল৷ ডায়েৰীখন বুকুৰ সামৰি কেতিয়া টোপনি গৈছিল তাই গম নাপায়৷ এতিয়া সন্ধিয়া ৫ বাজিল৷ এটা চিনাকি নম্বৰ জিলিকি ফোনটো বাজি আছে৷ ৰিচিভ কৰিবলৈ মন যোৱা নাই৷ তিনি বাৰ ফোনটো বাজি উঠিল৷ খং, অভিমানক একাষৰীয়া কৰি তাই মোবাইলটো হাতত তুলি ল’লে৷ আঙুলিটো দেখোন আজি অভিমানি৷ ৰিচিভ কৰিব বিচাৰিও ৰৈ গৈছে৷

: হেল্ল“
: কি হ’ল ছোৱালী .. উত্তৰটো ক’ম বুলি কৈ আজি ফোন এটা নাই যে?
উফ… তাই মিছাতেই খং কৰি আছিল৷ আচলতে বিপ্লৱে তাই ফোন কৰিব বুলিহে ৰৈ আছিল৷ কিন্তু তেওঁ Good Morning মেচেজটো কিয় দিয়া নাছিল৷ হুহ… বেয়া পাইছে তাই৷
: আপুনি ফোন কৰিব বুলিহে ৰৈ আছিলোঁ৷
হঠাতে অভিমানি হৈ পৰিল৷
: মই আকৌ তুমি ফোন কৰি মোক ভাল খবৰটো দিবা বুলিহে৷
: কিহৰ ভাল খবৰ৷
: এই আঁকৰি জনী৷ জীৱনত পঢ়াৰ বাহিৰে একো নিশিকিলা৷
: কি যে কৈ আছে আপুনি৷ মই একো বুজা নাই৷
: সেইবোৰ বাদ দিয়া … খং কৰি আছিলা নেকি পোৱালি?
: কোন পোৱালি?
: তুমি আকৌ৷
: কোন ফালৰ পৰা মই পোৱালি?
আজি চেংখামক জোকাই ভাল লাগিছে৷ চেংখামৰ এই অকণমান খং, অকণমান অভিমান ভৰা কথাবোৰ বিপ্লৱৰ ভাল লাগে৷ হয়টো কথাবোৰে তাক আকৰ্ষণ কৰাৰ বাবেই চেংখামৰ প্ৰেমত পৰিল৷

: মোৰ উত্তৰটো নোকোৱা নেকি?
: আপোনাক বেয়া পাইছোঁ৷ সেইকাৰণে নকওঁ৷
: কিয় বেয়া পাইছা?
: ৰাতিপুৱাৰ পৰা খবৰ এটা নাই৷
: আচলতে, আজি বন্ধু এজনৰ মাকৰ গাটো ভাল নহয়৷ সেইকাৰণে মেডিকেল যাব লগা হ’ল৷
: মোক কোৱা নাছিল কিয়?
: Sorry.. মোক ইচ্ছা কৰিলে গালি দিব পাৰা৷
: আপুনি মোৰ কোন? যে মই আপোনাক গালি দিম৷
: হয় নেকি? মই জানো কিন্তু৷
: কি জানে?
: মুঠতে মই জানো৷
: কি জানে৷
: দন্দুৰি, তুমিও যে মোক ভাল পোৱা৷
: মই কেতিয়া ক’লো?
: মোক যে ভাল পোৱা সেইটো তোমাৰ মুখেৰে কোৱা শুনিবলৈ মন গৈছে৷
: মই ভাল নাপাওঁ৷
: হয় নে..
: সুধি নাথাকিব৷

অভিমান কমা নাই৷ অলপ খং৷ পিছে ভাল নাপাওঁ বুলি কওঁতে বুকুখন দেখোন বিষাই গৈছে৷ তাই ভাল পায়৷ কিন্তু অভিমানক বুজাব পৰা নাই৷ এইয়াই চাগে ভালপোৱা৷

: মোৰ নাং গগৈজনী কোৱা আকৌ৷
: মই কেতিয়াৰ পৰা আপোনাৰ?
: তোমাক প্ৰথম দেখাৰ পৰা৷
: ক’ত দেখিছিল?
: তোমাৰ লগত কত চিনাকি হৈছিলো?
: ফেচবুকত৷
: তেন্তে?
সঁচাই বৰ বেঙী দেই৷ সাধাৰণ কথাটোকে বুজা নাছিল৷
: কোৱা আকৌ৷
: কি?
: ভাল পোৱা নে?
: উম৷
: সঁচাকৈ?
: সঁচাকৈ৷

আনন্দতে যেন নাচি দিব বিপ্লৱ৷ সৌ সিদিনাই চেংখামৰ প্ৰেমত পৰিছিল, যিদিনা.. তাইৰ অভিমান ভৰা কবিতা এটা পঢ়িছিল৷ অনুৰাগী হৈ পৰিছিল৷ প্ৰেমৰ সূত্ৰপাত দেখোন অজানিতেই হৈ যায়৷

চেংখামজনী সুখী৷ অভিমান বোৰ নিমিষতে শেষ হ’ল৷ বিপ্লৱৰ মৰমত যেন গলি যাব তাই৷ নিজকেই সুধিছিল… প্ৰেম বাৰু এনেকৈ হয় নে?

সমাপ্ত...
Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *