নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৩ : ৰিচা গগৈ

এমুঠি কবিতা তোমাৰ বাবে –

অজানিতে আহিলা তুমি
নাজানো তোমাৰ পৰিচয় কি
হৃদয়ৰ নিভাজ কোণত
এতিয়া তোমাৰ নামত শিপাইছে
এটি শিৰোনাম বিহীন প্ৰেমৰ পুলি৷ 💕

খুউব ধুনীয়া৷ ছোৱালী প্ৰেমত পৰিলা নেকি?
বিপ্লৱ ভৰালীৰ মন্তব্য৷
উফ্….ভাল লাগি গল তাইৰ৷ তাই প্ৰেমত পৰিছে৷ বিপ্লৱৰ প্ৰেমত৷ অজানিতে…৷

তিনিটা দিন৷ আঙুলিৰ মূৰত হিচাপ কৰিব পাৰি৷ ৰাতিপুৱা …Good Morning আৰু ৰাতি Good Night…কেতিয়াবা … কি কৰিছা, কলেজ গৈছিলা নে?
_ইয়াৰ বাহিৰে জানো আন কথা পাতিছিল৷ নাই পতা৷ পিছে এনেকৈ জানো প্ৰেম হ’ব পাৰে?
Hey Miss… কি কৰিছা?
কথাবোৰ ভাবি থাকোঁতেই বিপ্লৱৰ মেচেজ৷

: আছোঁ এনেই৷ আপুনি?
: ময়ো এনে৷ ৬০০১৯…. এইটো মোৰ নম্বৰ৷ চিনাকি হলো যেতিয়া ছেভ কৰি লবা৷
: নিশ্চয়৷
: তোমাৰ নম্বৰটো নিদিয়া নেকি?
: মই আপোনাক WhatsApp ত মেচেজ কৰি দিম৷
: ঠিক আছে৷

পৰীক্ষালৈ বেছি দিন৷ পঢ়াত ভালকৈ মন দিব লাগে৷ Last Semester ত Back লাগিলে কথাটো বেয়া হ’ব৷ মাক – দেউতাকৰ মান – সন্মানৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলে তাইৰ পৰা যথেষ্টখিনি আশা কৰিছে৷ সকলোৰে আশাত চেঁচা পানী ঢালিব নোৱাৰে তাই৷
অসমীয়া তাইৰ প্ৰিয় বিষয়৷ মন – প্ৰাণ সঁপি দিব পাৰে তাই অসমীয়া বিষয়টোৰ বাবে৷

আগলৈ………

ৰিচা গগৈ৷
২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)৷

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *