নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৬ : ৰিচা গগৈ

এজাক কোমল ৰ’দ৷ নতুন প্ৰভাতৰ আৰম্ভণি৷ আজি দিনটো বিশেষ৷ দুচকুত ৰঙীন সপোন৷ নতুন এটা অধ্যায়ৰ আৰম্ভণি হ’ব৷ অধ্যায়টোৰ শিৰোনাম “প্ৰেম৷“

আশা ভৰা মনটো লৈ কোঠাটোৰ খিৰিকীখন খুলি দিলে তাই৷ এজাক চেঁচা বতাহ৷ অচিনাকি এই বতাহ৷ সম্পূৰ্ণ নতুন যেন লগা বতাহ৷ যেন মন প্ৰাণ বলিয়া কৰা ফাগুনৰ চঞ্চল বতাহ৷

দিনটোৰ আৰম্ভণি খুউব সুন্দৰ৷ ৰাতিপুৱাৰ পৰা আজি সকলো ভাল লাগিছে তাইৰ৷ আন দিনত বেয়া লগা চৰাই কিজনীৰ মাতটো ও আজি মিঠা মিঠা লাগিছে৷ হয়টো প্ৰেমে সকলো ভাল লাগিবই শিকাই নতুবা বাধ্য কৰোৱাই৷

দিনৰ ১১ বাজি ৪৫ মিনিট৷ এতিয়া লৈকে দেখোন বিপ্লৱৰ ফোন এটাও নাই৷ কি হ’ল তাৰ৷ ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে৷ অথচ তেওঁ ফোন কৰা নাই৷ আজি Good Morning মেচেজটোও দিয়া নাই৷ কথাবোৰ মনৰ মাজতেই পাগুলী আছে তাই৷
এবাৰত মাকে সুধিলে…
: কি হৈছে তোমাৰ? আজি আন দিনাতকৈ বেলেগ আচৰণ কৰি আছা যে?
: একো নাই মা৷
: কিবা এটা নিশ্চয় হৈছে৷
: একো নাই মা৷ তুমি চিন্তা কৰিব নালাগে৷

সঁচাকৈ বিপ্লৱ মানুহজন কেনে ধৰণৰ বাৰু৷ নাই … ফেচবুকত চিনাকি মানুহ বোৰ এনেকোৱাই৷ খন্তেকতে বৰ ভাল পোৱা যেন দেখুৱাই৷ আশা কৰি লাভ নাই৷ কিন্তু এনেকৈ বাৰু নিৰাশা কৰিব লাগে নে? হুহ… এইবাৰ মেচেজ কৰক চোন ভালকৈ ধুই দিম৷

আবেলি ২ বাজিল৷ নাই .. এতিয়ালৈকে খবৰ এটা নাই৷ মনটো সেমেকি উঠিল চেংখামৰ৷ কথাবোৰ ভাবি গুণি তাই বিছনাত পৰিল৷ টোপনি অহা নাই৷ কিন্তু এইবোৰ ভাবি তাই মূৰটো নষ্ট কৰি ল’ব বিচৰা নাই৷
ডায়েৰীখন বিছনালৈকে আনি ল’লে৷

..মিছা আশা দি নিৰাশা কৰিবলৈ আহিছিল তেওঁ
মোৰ হৃদয়ৰ ৰজনীগন্ধা জোপা আজি
মৰহি যাব ধৰিছে৷ ….

বুকুখন বিষাইছে৷ সহ্য কৰিব পৰা নাই৷ ডায়েৰীখন বুকুত সামৰি দুচকু জপাই দিলে৷

 আগলৈ.....

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *