নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৫ : ৰিচা গগৈ

ভাল লাগে …. প্ৰিয় মানুহ বোৰৰ প্ৰতিটো শব্দই ভাল লাগে৷ আবেগ ভৰা বাৰ্তালাপ৷ যেন এহাল প্ৰেমিক যুগল৷ কিন্তু চেংখামৰ মতে … এইয়া তাইৰ একপক্ষীয় প্ৰেম৷ নীৰৱে প্ৰেমত পৰিছে তাই৷
বিপ্লৱৰো ভাল লাগে তাইক৷ ক’ব খুজিও ৰৈ যায় মনৰ কথাবোৰ৷ জানোচা…. চেংখামে… তাৰ সপোন কুঁৱৰী নাং গগৈয়ে তাৰ প্ৰেমক সন্মতি নিদিয়ে৷
: কথা এটা ক’লে বেয়া পাবা নেকি?
কথাৰ মাজতে বিপ্লৱে কওঁ নকওঁ কৈ আৰম্ভ কৰিলে৷ ভয় তথা লাজে হেঁচা মাৰি ধৰিছে৷ কিন্তু মনৰ কথাবোৰ নোকোৱাকৈ আৰু থাকিব নোৱাৰি৷ নিশাবোৰ উজাগৰে পাৰ হয়৷ চেংখামক নিজৰ কৰি পোৱাৰ বাসনাই দেই পুৰি মাৰে৷
: নাপাওঁ কওক…৷
: খং কৰিবা নেকি?
: নকৰোঁ৷
: বেয়া পালেও, খং কৰিলেও মোক ব্লক কৰি নিদিবা কিন্তু৷
: প্ৰথমে কথাটো কওক চোন৷
: মই তোমাৰ প্ৰেমত পৰিলোঁ… মানে মই তোমাক ভাল পাওঁ৷

দুয়ো নীৰৱ৷ চেংখামৰ বুকুৰ ধপধপনি বাঢ়িছে৷ প্ৰিয় পুৰুষ জনৰ প্ৰেমৰ প্ৰস্তাৱ…আচৰিত হ’বৰে কথা৷ এনেকৈ বাৰু প্ৰেম হয় নে?
নীৰৱতা ভংগ কৰি বিপ্লৱে আকৌ সুধিলে…
: কি হ’ল .. বেয়া পালা নেকি? মনৰ কথাটো হে ক’লো৷ মোৰ প্ৰেমক সন্মতি দিয়া – নিদিয়া তোমাৰ কথা৷
: মই সন্মতি নিদিলেও আপোনাৰ একো আপত্তি নাই মানে?
: জোৰ নকৰোঁ মোৰ প্ৰেমত পৰিবলৈ৷
: Atcha…
: কিবা ক’বা নে? যদি সময় লাগে … যিমান সময় লাগে লোৱা৷
: কাইলৈ ক’ম৷ হ’ব নে?

: ঠিক আছে৷ এতিয়া শুই যোৱা বহুত সময় হ’ল৷ Good Night.
: Good Night.

তাই বাৰু টোপনি আহিব নে আজি? উহো… নাহে৷ যিজন পুৰুষৰ প্ৰেমত তাই ব্যাকুল সেইজন পুৰুষৰ প্ৰেমৰ প্ৰস্তাৱক তাই নাকচ নকৰে৷ পূৰ্ণ সন্মতি দিব৷

আগলৈ.....

ৰিচা গগৈ৷
২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)৷

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *