জুন মাহৰ নিৰিবিলি সন্ধ্যা৷ মাজ নিশালৈ বৰষুণ এজাক অহাৰ সম্ভাৱনা আছে৷ পৰীক্ষা শেষ হোৱা দুটা দিন পাৰ হ’ল৷ বিপ্লৱৰ মেচেজ এটাও নাই৷ কিবা উকা যেন লাগিছে তাইৰ৷ পৰীক্ষা কেইদিন বাৰু তাইৰ সময় নাছিল৷ কিন্তু এতিয়া দেখোন পৰীক্ষা শেষ হ’ল৷ তেওঁ গম নাপায় নেকি বাৰু?
মেচেজ এটা কৰোঁ বুলিও ৰৈ গ’ল৷ ছোৱালী হৈ আগবাঢ়ি মেচেজ নকৰে তাই৷ কিন্তু মনটোৱে বাৰে বাৰে আমনি কৰি আছে৷ কোঠাটোৰ খিৰিকীখন আজি খোলা৷ জোনাকী বোৰ উৰি ফুৰিছে বাহিৰত৷ মনোৰম দৃশ্য৷ উৰুঙা হৃদয়ৰ বেঠা বোৰ পাহৰি জোনাকীৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ হাবিয়াস নাই৷ কাৰোবাৰ অভাৱ অনুভৱ কৰিছে তাই৷
বিপ্লৱ ভৰালী৷ তেওঁৰ ভাল লগা … মিঠা মিঠা কথাবোৰৰ অভাৱ অনুভৱ কৰিছে তাই৷ হয়টো তাই বাৰুকৈয়ে প্ৰেমত পৰিল৷ বিপ্লৱ ভৰালীৰ প্ৰেমত৷
ভাবনাৰ পৰা ফালৰি কাটি তাই ডায়েৰীখন আৰু কলমটো হাতত তুলি ল’লে৷ বহু দিন একো লিখা নাই৷ ব্যস্ততা কিম্বা বিষয়বস্তুৰ অভাৱৰ অজুহাত৷
প্ৰেমৰ কঠীয়া বোৰ লহপহাই বাঢ়িছে ..
কোমল হৃদয় খনত মৰমৰ ৰঙা গোপাল বোৰ
পাহি মেলি উঠিছে৷
আপুনি বাৰু সাৰে থাকে নে?
মোৰ কথা বাৰু মনত পৰে নে?
প্ৰেমত পৰিলোঁ মই ….
আপোনাৰ প্ৰেমত বাউলী হ’লো ….
নজনাকৈয়ে… মনে মনে৷ 🌼
কবিতা লিখা নাই তাই৷ অনুভৱ বোৰক কবিতাৰ শাৰীত স্থান দিব বিচাৰিছিল৷ তাই নাজানে … এইয়া কবিতা নে আন কিবা৷ হয়টো তাইৰ হৃদয়ৰ বতৰা৷
নিশা ১০ বাজি ৩০ মিনিট৷ আকাশ খনত ডাৱৰে মেলা পাতিছে৷ ডাৱৰ বোৰ ফাটি যেন এতিয়াই এজাক বৰষুণ নামি আহিব৷
ফোনটো বাজি উঠিল…….সপোন ৰথেৰে উৰি উৰি যাম. জোনাকীৰ বাটেৰে আগুৱাম….৷
তাইৰ প্ৰিয় গান৷ ৰিংটনটো বাজি উঠাত মোবাইলটো হাতত তুলি ল’লে… বিপ্লৱ ভৰালীৰ ফোন৷ ইমান ৰাতি৷
: হেল্ল’
: কি কৰিছা?
: এনে আছোঁ৷ আপুনি?
: ময়ো এনে আছোঁ৷
: অহ… ইমান দিন খবৰ এটা নাই যে?
অভিমানি হৈ পৰিল তাই৷ কিন্তু কিয়? বিপ্লৱটো তাইৰ প্ৰেমিক নহয়৷ বন্ধু ও নহয়৷ তেন্তে? তাই নিজক সম্ভালি ল’লে৷ তাই নিজেই আচৰিত হৈ পৰিল… হঠাৎ তাই বিপ্লৱক কিয় অভিমান কৰিলে৷
: তোমাৰ পৰীক্ষা হৈ আছিল যে৷
: পৰীক্ষা শেষ হোৱা দুদিন হ’ল৷
: হয় নেকি?
: হয়৷
: বেয়া পালা নেকি?
: নাই পোৱা৷
ৰিচা গগৈ৷
২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)৷