সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

: মাজনী অই,
: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷
: কিবা কিবি অলপ যতাব লাগিব ন মা?
: অ’ চুজি লাৰু আৰু ভাপত দিয়া পিঠা বনাব লাগিব৷ পিঠা গুৰি চাউল কেইটামান তিয়াই থোৱা চোন৷
: হ’ব মা৷
: আজি তোমাৰ কলেজ বন্ধ, সেইবাবে আজিয়ে দি আহোঁ বোলো৷
: ভালে ভাবিছে আপুনি৷
নিজ হাতে বনোৱা চুজি লাৰু আৰু নাৰিকল দি ভাপত দিয়া পিঠা, লগত অপল মিঠাই লৈ নাম ঘৰৰ লৈ খোজ ল’লে দুয়োজনীয়ে৷ শৰাইৰ নবেদ্য বোৰ আগতীয়াকৈ মেধিৰ হাতত দি আহিল প্ৰগতিয়ে৷ বেঙুণীয়া পাৰি দিয়া বগা কপাহী চাদৰ, ৰঙা ব্লাউজ আৰু গছ ফুলল হাতেবোৱা মেখেলা পিন্ধি ফোটটো অপল ডাঙৰকৈ ল’লে অৰুণিমাই৷ ডাঠ কাজলৰ প্ৰলেপ৷ ডিঙিত পৰাকৈ খোপাটো বান্ধিছে৷ ডিঙিত সৰু সৰু ফুলেৰে ৰঙা পাৰি গামোচা৷
: মা হ’ল নে আপোনাৰ?
: নাই ৰ’বা৷
: সোণকাল কৰক মা৷
: চাদৰখন মিলাব পৰা নাই৷
: চাওঁ মই ভাল কৰি দিওঁ৷
: ধুনীয়া লাগিছে তোমাক মাজনী৷ উফ্! থু.. থু কাৰোবাৰ মুখ লাগিব পাই মোৰ গোসাঁনীজনীৰ৷
: ইচ্ একে, মা আপুনিও যে কি কথা কয় নহয়৷
কটনৰ বগা কপাহী কাপোৰ এযোৰ তাত সেউজীয়া ৰঙৰ বুটা৷ কাপোৰযোৰ প্ৰগতিৰ বৰ প্ৰিয়৷ প্ৰথম দৰমহা পাই আনিছিল নিবিৰে৷ ভাঁজে ভাঁজে মৰম, আৱেগ সোমাই আছে৷ এতিয়াও নিবিৰ নিবিৰ গোন্ধ ওলাই আছে, প্ৰগতিয়ে গোন্ধটো উশাহলৈ উজাই ল’লে৷ ধূপ-ধূণাৰ গোন্ধ আৱৰি আছে গোটেই ঠাইখিনি৷ পুৱা-পশ্চিমাকৈ সজোৱা নামঘৰৰ বাটচ’ৰা দক্ষিণ ফালে আছে৷ তাল, খোল লৈ থকা মানুহৰ দুটা মূৰ্তি ৰে, “নামপুৰৰ বৰ নামঘৰ“ বুলি লিখা আছে৷ দুয়োকাষে দুজোপা বকুল গছ৷ বহি জিৰণি ল’ব পৰাকৈ আসনো পাৰি থোৱা থাকে৷ কাষতে চেণ্ডেল কেইযোৰ খুলি ওচৰতে থৈ দিয়া বাল্টিটোৰ পৰা হাত ভৰি ধুই নামঘৰত সোমালে দুয়োজনীয়ে৷ তোৰণৰ দুয়োকাষে দুখন শৰাই নিৰ্মাণ কৰা হৈছে৷ তোৰণৰ ওচৰতে সোঁফালে ছোঁ-ঘৰ৷ ভাওনা সবাহৰ প্ৰয়োজনীয় সকলো যাৱতীয় সামগ্ৰী মুখা শিল্প, বাঁহ কাঠৰ সামগ্ৰীবোৰ তাতে ৰখা হয়৷ মুখা মুখীকৈ দুটা শাৰীত বহিছে পুৰুষসকল৷ অলপ পিছুৱাই বহি আছে মহিলাসকল৷ অৰুণিমা আৰু প্ৰগতিক ইংগিতেৰে বহিবলৈ মাতিলে মিনতিয়ে৷ পাঠ সামৰা পাছত লাৰু আৰু পিঠাৰে চাহ খালে ভকতে৷
: বাইদেউ আজিকালি আপোনাক দেখা নাপাওঁ চোন৷
: ঘৰখনত ইটো-সিটো কাম কিমান নহয় জানো মিনতি৷ তুমি আমাৰ ফালে এপাকো যোৱা নাই যে কিয়৷
: যাম বুলি ভাবিলেও আকৌ কিবা লেঠা ওলাই, যাব পৰা নাই বাইদেউ৷ এইক বোলে কলেজত নাম লগাই দিছে বুলি শুনিছোঁ৷
: অ’
: সেইবাবে আপোনাৰ কাম বহুত বাঢ়িছে৷ তাই কলেজ যোৱা আৰু পঢ়াৰ নামত কামৰ পৰা পলাব বাইদেউ আপোনাৰ মূৰতে পৰিব কামবোৰ৷
: চুপ থাকা! হে মিনতি, কি ক’ব আহিছা তুমি৷
: ঠিকেই কৈছোঁ বাইদেউ৷
: হ’ব দেৰি হৈছে আমি যাওঁ৷ তোমালোক গৈ থাকিবা৷ মাজনী ব’লা৷
সেৱা কৰি প্ৰসাদৰ পাত দুখন লৈ নামঘৰৰ পৰা ওলাই আহিল দুয়োজনী৷ ঘৰ আহি পাওঁতে আঠ বাজি গ’ল৷ লৰালৰিকৈ খিচিৰি কে ৰান্ধি ৰাতিসাঁজ খালে৷

আগলৈ…….!!

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *