সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷
: কি ৰান্ধিছে মা?
: তুমি ভালপোৱা পাৰৰ মাংস জালুক দি৷
: তেন্তে দেৰি কিহৰ মা ( বাতিৰ পৰা মাংস এটুকুৰা মাংস মুখত ভৰালে)
: পানীৰ ঝাৰটো আনা গৈ চোন৷
: বঢ়িয়া হৈছে মা
: মাকজনী আকৌ কাৰ?
: মা
: কোৱা: মোৰ বাবে কিয় ইমান কষ্ট কৰে আপুনি?
: ধেৎ আঁকৰী, জীয়েকৰ বাবে মাকে কষ্ট কৰে হ’বলা, মৰম হে মাজনী৷ আজিয়ে যি ক’লা আৰু কোনোদিন এনেকৈ নক’বা৷ ( চকুকেইটা সেমেকি উঠিল)
: নকওঁ মা৷ কেতিয়াও নকওঁ৷
বাচনখিনি ধুই পাকঘৰৰ কামবোৰ শেষ হোৱালৈ ১০ বাজিল৷ তামোলৰ বঁটাটো লৈ প্ৰগতিৰ ৰুমলৈ সোমাই আহে অৰুণিমা৷
: ই বাবাই কি ক’লে?
: অহা মাহত আহিব বোলে৷
: আহক দে, চাকৰিৰ নামত কিমান কষ্ট, ঘৰৰ মানুহ ঘৰত আহি থাকিবও নোৱাৰে ভালকৈ৷
: কাম অলপ বেছি বাঢ়িছে হেনো৷
: এইবা এমাহ লৈ ছুটি লৈ আহিব ক’ব লাগিব তাক৷
*** তিনিটা ক্লাছ কৰাৰ পাছত তিনিওজনী কেনটিনলৈ গ’ল৷ ১ বজাৰ আগত গেট খুলি নিদিয়ে৷ কেনটিনটো ইমানো ডাঙৰ নহয়৷ ১৫ খনমান টেবুল৷ সোঁফালে ভিতৰত ৰুম এটাত ছাৰ মেমহঁতৰ বাবে আচুতীয়াকৈ সজোৱা আছে৷ একেবাৰে কোণৰ টেবুল খনত বহিল বৰ্ষাহঁত৷
: হাই গাৰ্লছ, মাই চেল্ফ উদয়৷ বহিব পাৰোঁ নে? ( অৰুণিমা ওচৰৰ চকীখন টানি বহিল)
: বহিলেই চোন আৰু কিমান বহিব৷
: পিছে তুমিয়ে ন বৰ্ষা?
: কিয় লাগে৷ (মুখখন বেঁকা কৰি তাই)
: ইমান খং নে? চিনাকি হওঁ বুলি সুধিছোঁ৷
: ল’ৰাৰ লগত চিনাকি হ’বলে কোনো দৰকাৰ নাই৷
: অ’ আই, কেনেকৈ কৈছে চোৱা৷ কি ছোৱালীই এইজনী৷
: বামুণৰ ছোৱালী৷ হুহ৷
: মানে বামুণানী! হা.. হা.. হা..
: তোমাৰ নাম ৰিমঝিম নহয় জানো?
: হয়৷
: আৰু তুমি অৰুণিমা৷
: বাৰু পাছত লগ পাম৷ এতিয়া যাওঁ৷ মিছ বৰ্ষা বাই৷
: গৰজ পৰিছে আমাৰ কাৰোবাক লগ পাব৷ ২ বজাৰ ক্লাছটো কৰি তিনিও কলেজৰ পৰা ওলাই আহিল৷ বগা ছাৰ্ট, কলা ৰঙৰ পেণ্ট হাতত ডাঙৰ চিলভাৰ কালাৰৰ ঘড়ী৷ পিঠিত কলা ৰঙৰ বেগ৷ বগা ৰঙৰ জোতা৷ কলেজৰ বাহিৰত ৰৈ আছে উদয়৷
: ক্লাছ শেষ হ’ল?
: কিয় লাগে?
: সুধিছোঁ আৰু
: এতিয়া আমি এটা পৰিয়ালৰ মানুহ৷
: কি?
: মানে একে বিভাগৰে ন৷ মোৰ মাত্ৰ এবছৰহে আছে ইয়াত৷
: বৰ ভাল কথা৷
: এবছৰৰ ভিতৰতে তোমাক পতাম আকৌ৷ ( কোনোও নুশুনাকৈ ক’লে সি)
: কি কৈছে?
: নাই৷ okay bye. উদয় যোৱা ফালে চাই থাকিল তিনিও জনীয়ে৷ কি কৈ গ’ল উৱাদিহ নাপালে সিহঁতে৷ এইজনাই বৰ্ষাৰ পিছত আঠা লগাদি লাগিব যেন পাইছোঁ ন অৰু? দুয়োজনীয়ে হাঁহি দিলে! খঙতে ৰঙা পৰিছে বৰ্ষা৷

আগলৈ!

ঋতুপর্ণা ইংতিপি, মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *