সহযাত্রী, খণ্ড- ৩ : ধাৰাবাহিক উপন্যাস

গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে৷ তাইৰ ভাগৰো বহুত লাগিছে৷ গোটেই দেহটো অৱশ হৈ পৰিছে৷ হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে৷ নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি আছে৷ চুলিখিনি আউল বাউল হৈ যেনিতেনি পৰি আছে৷ বিছনাখনত গাটো এৰি চকুকেইটা মুদি দিলে অৰুণিমাই৷ কলেজৰ প্ৰথমদিন বুলিয়ে মন উগুল থুগুল আছিল৷ চকুৰ টোপনি চকুতে নোহোৱা হ’ল৷ কিবা বিশেষ দিন থাকিলে, ৰাতিটো নাযায় নোপোৱাই৷ সাত বজাতে প্ৰগতিয়ে গৰম গৰম ভাত এগাল খুৱাই কলেজলৈ লৈ যায়৷

: ভাত বাঢ়িলোঁ আহা মাজনী৷

: মাজনী: আহা আকৌ৷ ভাগৰত টোপনিয়ে হেঁচি ধৰা দেহটো বিছনাৰ পৰা উঠাব পৰা নাই৷ মুখেৰে মাতিব পৰা নাই তাই৷ মাত নাপায় প্ৰগতি তাইৰ ৰুমলৈ আহি জোৰ নি কৰি তাইক ভাতৰ পাতত বহুৱালে৷

: মা আপুনি এতিয়ালৈ ভাত খুৱাই নাই ..? : তোমাক এৰি খাব পাৰোঁ জানো৷ দুয়োজনীয়ে খাম বুলি ৰৈ আছোঁ৷

: আপুনিও যে নহয় মা! বহক, মা খাওক৷

: খোৱা খোৱা৷ খাই লৈ অলপ আৰাম কৰা৷ আজি ভাগৰ লাগিছে তোমাৰ৷ মাটিমাহৰ সাৰ আঞ্জাৰ, কচুৰ সৈতে মাছৰ জোল অকণ, পটল, ভেণ্ডিৰ শুকান ভাজি আৰু ঘৰতে বনোৱা আমৰ আচাৰ৷ প্ৰগতিক গোসাঁই ঘৰত প্ৰাৰ্থনা গোৱা শুনি সাৰ পালে অৰুণিমাই৷ মুখ হাতত ধুই সেৱা ল’লে তাই৷ গোটেই ঘৰৰ মহলটো ধূপ ধূনাৰ গোন্ধ বিয়পি পৰিল৷ সন্ধিয়াৰ চাহকাপ দুয়োজনীয়ে বাৰাণ্ডাত বহিয়ে খায়৷ মূৰৰ বিয়টো আজি উজাই আহিছে৷ কপালে মূৰে নাৰিকলৰ তেল অলপ লগাই সোনকালে শুলে তাই৷

প্ৰথম দিনা আহোঁতে তাই কলেজৰ পৰিৱেশটো ভালকৈ মন নকৰিলে৷ এডমিছনৰ দিনা নিবিড়ৰ লগত আহিছিল৷ আটক ধুনীয়া চকুত লগা গেটখনৰ বাহিৰ দুচকীয়া, চাৰিচকীয়া বাহনবোৰ ৰখোৱা আছে৷ মেইন ৰোডৰ লগতে সোঁফালে কলেজখন৷ বাওঁফালে দোকান-পোহা বোৰ আছে৷ কলেজৰ গাতে বাওঁফালে DIET খন আছে তাৰ মাজত সৰু ৰাস্তা এটা আছে, তাতে অস্থায়ী দোকান বোৰ বহে৷ কাষে কাষে বাইক, স্কুটি৷ সেইফালে কলেজৰ দ্বিতীয়খন গেট আছে৷ সন্মুখৰ ডাঙৰ গেটত তলা মৰা৷ সৰু গেটৰফালে অহা যোৱা কৰি আছে মানুহবোৰ৷ টেবুল চকী পাৰি চকীদাৰ এজন থাকে৷ ভিতৰত সোমাই সোঁফালে ডাঙৰ বেলগছ এজোপা৷ মাজতে এখন নানা ৰঙী ফুলৰ বাগিছা৷ তাৰ ওচৰতে দুটা মহলাৰ বিল্ডিংটোৰ ওপৰৰ মহলাত মহাবিদ্যালয়ৰ পুথি ভঁৰাল৷ কাষকে KKHSOU ৰ চেণ্টাটো৷ নাকৰ পোনে পোনে গ’লে কলেজৰ খেলপথাৰখন৷ ওচৰতে ষ্ট’ডিয়াম আৰু অডিট’ৰিয়ামটো আছে৷ বাওঁফালে ল’ৰাবোৰ কমন ৰুম৷ সেউজীয়া ঘাঁহনি ডৰাৰ সৈতে বহিব জিৰণি ল’ব পৰাকৈ গছৰ তলত ধুনীয়া সুবিধা আছে৷

: হাই, গুড মৰ্নিং অৰু৷ :

: গুড মৰ্নিং৷ : আহি পালা৷ : অ’ ব’লা ভিতৰলৈ৷ : ৯ বাজিব হ’লেই৷ বকুলৰ তলে তলে দুয়োজনীয়ে খোজ ল’লে৷ সুগন্ধি ধূপৰ গোন্ধ নাকত লাগিছে৷ সন্মুখতে প্ৰিন্সপাল ছাৰ৷ এই সময়ত তেওঁ সদায় ৰৈ থাকে সেই ঠাইত৷ ক্লাছ হৈছে নে নাই এইবোৰো নিৰীক্ষণ কৰে৷ তিনিজন কৰ্মচাৰী আছে ওচৰতে৷ দুয়োকাষে দুখন থালত ধূপ আৰু বন্তি জ্বলাই থোৱা আছে৷ মজিয়াখন তিতি আছে৷ ধূপ জ্বলোৱাৰ আগত পানী চটিয়াই লৈছিল৷ : গুড মৰ্নিং ছাৰ৷ : গুড মৰ্নিং৷ চিৰিকেইটা পাৰ হৈয়ে ছোৱালী কমন ৰুম৷ বাওঁফালে অৰুণিমাহঁতৰ বিভাগ আৰু ক্লাছ ৰুম৷ ওচৰতে হিন্দী বিভাগটো আছে৷

আগলৈ……..!!

ঋতুপর্ণা ইংতিপি/মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *