সম্প্ৰতি খেলৰ মহাৰণ অলিম্পিক পেৰিছত আৰম্ভ হৈছে৷ ক্ৰীড়া জগতৰ মহাযুদ্ধ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন প্ৰত্যেকবাৰেই শোচনীয় হয়৷ ভাৰতৰ জনসংখ্যা ১৪০ কৌটি কিন্তু পদকৰ সংখ্যা তেনেই আঙুলিৰ মুৰত গণিব পৰা এয়া হৈছে ক্ৰীড়াপ্ৰেমীৰ বাবে হতাশা আৰু নিৰাশা৷ অন্য দেশৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন সাধাৰণ সামান্য৷ আজি অন্য দেশৰ খেলুৱৈ এজনে অকলে ১০/২০টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতবৰ্ষত ক্ৰিকেট খেলৰ প্ৰাধান্য বেছি অন্য খেলৰ তুলনাত কাৰণ ভাৰতৰ মানুহক প্ৰত্যেক ক্ষেত্ৰতে মনোৰঞ্জন লাগে৷ ক্ৰিকেট খেলত জনপ্ৰিয়তা আৰু টকাৰ বৰষুণ হয় যাৰবাবে সকলোৱে ক্ৰিকেট খেলৰ প্ৰতি আকৃষ্ট৷ ক্ৰিকেট খেল দলীয় খেল য’ত এজন খেলুৱৈয়ে খেল জয়ী কৰিব নোৱাৰে৷ ক্ৰিকেট খেলত এজন খেলুৱৈৰ দুৰ্বলতা আনজন খেলুৱৈয়ে ঢাকি ৰাখিব পাৰে, অন্য খেলৰ তুলনাত ক্ৰিকেট খেলত সময়ৰ অপচয় বহু পৰিমাণে হয়৷ আৰু ভাৰতৰ মানুহে সময়ৰ মুল্য নাজানে, যাৰবাবে সময় অপচয় কৰি ভাল পায়৷ অন্য দেশৰ বিদ্যালয়ত খেল এটা বিষয় হিচাপে পঢ়োৱা হয় আৰু সিহঁতৰ খেলপথাৰ সমূহৰ আন্তঃগাঁথনিও বহু উচ্চ মানদণ্ডৰ৷ ভাৰতত বহু ভাল খেলুৱৈ হোৱাৰ সম্ভাৱন, প্ৰতিভা থকা যুৱকযুৱতী ভাল আন্তঃগাঁথনি নহোৱা খেলপথাৰ আৰু উচিত মাৰ্গদৰ্শকৰ অভাৱত সিহঁতৰ সপোনবোৰ কলিটেই মৰহি যায়৷ ভাৰতত ক্ৰিকেট খেল আৰু খেলুৱৈ সকলোক যিমান সাসুবিধা চৰকাৰ তথা ক্ৰিকেট বোৰ্ডে দিয়ে, সিমানখিনি সুবিধা অন্য খেলত নাই৷ চৰকাৰ জনসাধাৰণৰ আইনা, জনসাধাৰণৰ যিটো ফালে যায় চৰকাৰো সেই ফালেই যাৱ৷ জনসাধাৰণৰ ৰুচি ক্ৰিকেটত বেছি গতিকে অন্য খেলত চৰকাৰে পুঁজি কিয় দিব? ভাৰতবৰ্ষত মাকবাপেকে সৰুৰেপৰা সন্তানক উচ্চপদস্থ প্ৰশাসনিক বিষয়া, ডক্টৰ, ইঞ্জিনিয়াৰ আদি হোৱাৰ বাবে উঠিপৰি লাগে৷ সন্তানৰ ইচ্ছাঅনিচ্ছাৰ কথা আহি নপৰে, মাকবাপেকৰ ইচ্ছাই সন্তানৰ ইচ্ছা হৈ পৰে৷ সুদক্ষ খেলুৱৈ হৈ বিশ্বদৰবাৰত ভাৰতৰ নাম উজ্জ্বলিত কৰাৰ হেঁপাহ সকলোৰে নাই, আৰু যি কেইগৰাকীমান ভাল খেলুৱৈ হয় সেইসকলো ৰাজনীতিৰ বলি হয়৷ সমস্যা বহু দিশতে আছে আমাৰ৷ প্ৰধান কথা হ’ল জ্ঞান আৰু সদিচ্ছা৷ যেতিয়ালৈকে আমি নিজেই নিজৰ গুৰুত্ব নলওঁ তেতিয়ালৈকে আমাৰ গুৰুত্ব লবলৈ কোনো নাহে৷ এজন খেলুৱৈ তৈয়াৰ হবলৈ কঠোৰ পৰিশ্ৰম, ত্যাগ, সাধনা, সমৰ্পণ লাগিব, যিটো আজিৰ যুৱচামৰ মাজত দেখাপোৱা নেযায়, সকলোকে আৰাম লাগে আৰু মাকবাপেকে ও নিজৰ সন্তানে কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰে, তাৰবাবে আমি জনসংখ্যা বৃদ্ধিৰ শীৰ্ষত থাকিও অলিম্পিকত পদক তালিকাৰ শীৰ্ষত থাকিব নোৱাৰোঁ৷
✍️ শৈলেন কুমাৰ
ঠিকনা — মিৰ্জা ( কামৰূপ )
পোঃঅোঃ — মিৰ্জা
পিন – ৭৮১১২৫
ফোন— ৭০০২৮১৬১৪৬