আহিছিলা তুমি বুকুত অযুত মৰম বান্ধি৷
দিছিলা দুহাত মেলি …নীলাখামৰ চিঠিখনি৷
হিয়া উপচি পৰাকৈ অলেখ মৰম ঢালি৷
কোনোবা বলিয়া বানেথান-বান কৰি নিলে মৰমৰ গৰাটি৷
চাওঁ বুলিও নেদেখোঁ…..সেই হালি-জালি থকা কঁহুৱা বন ডৰা৷
কিমান অনাই-বনাই ঘূৰি পৰিলোঁ ভাগৰি…!
তোমাক এবাৰ চোৱা হেঁপাহত….!
আজিও বিয়পি আছে তোমালৈ মৰম!
লাজুক লাজুক তোমাৰ চাৱনিৱে, কৰি থাকে আমনি..!
তোমাৰ কঁপা কঁপা মাত, ভাঁহি অহা এটি এটি শব্দ৷
দূৰণি পৰা চাই ৰওঁ আজি, সাহস নহয় আজি তোমাৰ কাষ চাপিব তুমি যে অচিন জনৰ মনৰ গৰাকী…!
প্ৰথম প্ৰেমৰ প্ৰথম চিনাকি ৰাখিছোঁ বুকুত সযতনে সাৱটি৷
শশ্ৰণ বৰবৰা, যোৰহাট