সময়ে আমাক বহুতো মূল্যৱান বস্তু উপহাৰ দি আহিছে। ইয়াৰ ফলতে মানৱ জীৱনৰ বহুতো কাম সহজলভ্য হৈ পৰিছে। বৰ্তমান সময়ত বহুলভাৱে ব্যৱহৃত হোৱা ভ্ৰাম্যভাষৰ ব্যৱহাৰ কৰিব নজনা মানুহৰ সংখ্যা হয়তো তেনেই সীমিত। ভ্ৰাম্যভাষৰ ব্যৱহাৰ সূচল হৈ পৰাত দূৰণিৰ আপোন মানুহবোৰৰ খবৰ থিতাতে লাভ কৰোঁ।কিন্তু বৰ্তমান সময়ত ইয়াৰ প্ৰসাৰ ইমানে বৃদ্ধি পাব ধৰিছে, মানুহৰ আৱেগ,অনুভূতিবোৰক যেন ক্ৰমান্বয়ে গ্ৰাস কৰি পেলোৱাৰ উপক্রম হৈছে। আজি কালি আমি মুখৰ ভাষা নোকোৱাকৈ নাইবা নুশুনাকৈয়ে কিন্তু প্ৰতি নিয়তে সকলোৰে খবৰ বোৰ পাই থাকোঁ। খবৰবোৰ লাভ কৰোঁ আৱেগবিহীন, ভাৱহীন এটি মৌন কৃত্রিম উপভাষাই। যিটো হৈছে ম’বাইলৰ ষ্টেটাচৰ ভাষা। বৰ্তমান এই ভাষাটোকে একাংশৰ বাবে ভাৱ বিনিময় তথা কথোপকথনৰ আহিলা হৈ পৰিছে। ইম’জিৰ সহায়ত মনৰ অৱস্থা, সুখ-দুখ প্ৰকাশ কৰে। প্ৰত্যক্ষভাৱে কাৰোবাৰ জন্মদিন,বিবাহ বাৰ্ষিক, ধন্যবাদ তথা কৃতজ্ঞতা সূচক মন্তব্য নিদিয়ে। তাৰ পৰিৱৰ্তে ষ্টেটাচৰ ভাষাৰে পৰোক্ষভাৱে শুভেচ্ছা বাণী জ্ঞাপন কৰে। পৰোক্ষভাৱে কথা পতাৰ প্ৰৱণতা বৃদ্ধি পাব ধৰিছে। বহুতো বন্ধু-বান্ধৱী, আত্মীয় মানুহ থকা পাছতো যান্ত্রিকতাৰ শিকলি ডালত আমি এনেদৰে মেৰ খাই পৰিছোঁ;যেন ভাষাহীন যন্ত্র হে হৈ পৰিছোঁ।কৃত্রিম মৌন ভাষাটোক আমাৰ জীৱনত প্ৰশয় দিয়াত গুৰুত্ব দিব লৈছোঁ।
ঋতুপর্ণা ইংতিপি/মৰিগাঁও