আজি তাইৰ কলেজৰ প্ৰথমটো দিন৷ ভবাই নাছিল এনে এটা দিন তাইৰ জীৱনলৈ আহিব বুলি৷ কলেজ গেটৰ বাহিৰতে কিছুপৰ থৰ লাগি ৰৈ আছে অৰুণিমা৷ : কি হ’ল মাজনী? এনেকৈয়ে দিনটো গেটৰ বাহিৰত থাকিবা নে? ভিতৰলৈও যাবা৷ : : ভয় লাগিছে নেকি মাজনী? : নাই মা! সপোন দেখি থকা যেন লাগিছে৷ ( তাইৰ চকু পৰা দুটোপাল চকুলো বৈ আহিছিল)
: যোৱা মাজনী! ভালকৈ মন দি পঢ়িবা৷ বাবাৰ সপোনবোৰ পূৰ কৰিবা৷
: হ’ব মা! আপোনালোক আছেই যেতিয়া মোৰ কোনো ভয়, শংকা নাই৷
: এতিয়া যোৱা মাজনী, ময়ো যাওঁ৷
: হমম
কাহানিও নেদেখা সপোনবোৰ এতিয়া তাই আকৌ দেখিব৷ অকণমান ভয়, লাজ, শংকা বুকুত বান্ধি কলেজৰ ভিতৰৰ ফালে খোজ লৈছে অৰুণিমাই৷ সুমথিৰা ৰঙৰ দুপাত্তা, বগা ৰঙৰ পেণ্ট আৰু কুৰ্তা৷ হাতত পাতল গুলপীয়া ৰঙৰ বেগ৷ সৰু সোণালী ৰঙৰ ঘড়ী৷ চকুত আজি আগতকৈ কম কাজল সানি আহিছে৷ কিহৰ বাবে বুকুৰ ধপধপনি বাঢ়িছে তাই নাজানে৷ অলপমান ভয়ো খাইছে৷ সপোন সপোন হৈ ৰোৱা সপোনটো আজি দিঠক হৈছে৷ তাই বুজি পোৱা নাই এনে সময়ত মানুহে হাঁহে নে কান্দে৷ কোনো দিনে নভবা নি চিন্তা দিনটো আজিৰ তাইৰ জীৱনলৈ আহিল৷ সেই বাবেই তাই মনটো অস্থিৰ হৈ আছে৷ কেইবাবাৰো মহাদেৱক স্মৰণ কৰি সপোন নগৰীৰ বকুলৰ তলে তলে খোজ লৈছে অৰুণিমাই৷
তাইৰ বয়স মাত্ৰ ওঁঠৰ বছৰ আছিল৷ চঞ্চলতা প্ৰিয়, পখিলাৰ দৰে উৰি ফুৰা সুগঢ়ী ছোৱালীজনী৷ গাৰ ৰং ইমান উজ্জ্বল নহয় যদিও মিঠাবৰণৰ৷ ঘূৰণীয়া মুখনি৷ ওঁঠৰ কোণত অনবৰতে এটি হাঁহি লাগিয়ে থাকে৷ হাঁহিলে তাইৰ ডাঠকৈ কাজল সনা দুচকু জিলিকি উঠে৷ জোনে যেন জোনাক এখিনি সিঁচে৷ কোমল বয়সৰ, কোমল মন৷ কিমান যে কুমলীয়া সপোনে পাখি মেলি উৰিব বিচাৰি আছে৷
ন বজাৰ লগে লগে কলেজৰ চৌহদত জাতীয় সংগীত বাজি উঠিল……!
আগলৈ...
ঋতুপর্ণা ইংতিপি /মৰিগাঁও