প্ৰভাতী আভা : শ্ৰৱণ বৰবৰা

তুমি সঁচাই ধুনীয়া
তুমি ধুনীয়া বাবেই
তুমি অহাৰ বাটত ফুলিছে চোৱাচোন নাহৰবোৰ
নাহৰৰ শাৰী শাৰী গছবোৰৰ
ডালত বহি চৰাইবোৰেও সুঁহুৰি মাৰি জোকাইছে তোমাক চোৱাচোন৷
সৌৱা চোৱা বেলিটিয়ে লাজে লাজে কিদৰে মিচিকিয়াই হাঁহি মাৰিছে
কোমল পুৱাৰ তুমিয়ে পোহৰৰ একাঁজলি আভা
সদায় আহিবা তুমি মুখত লৈ মিচিকি হাঁহি
চকুত লৈ লাজুকীয়া চাৱনি৷
সাজি কাচি ধুনীয়া প্ৰভাতীজনী হৈ
জিলিকি ৰোৱা বহু দূৰলৈ
তোমাৰ খোজৰ লহৰত ফুলিব পদ্মজাত৷
সেই বাটৰে তুমি সদায় আহিবা প্ৰতি নিশাৰ শেষত নতুন দিগন্ত হৈ৷

শ্ৰৱণ বৰবৰা, যোৰহাট

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *