তুমি মোৰ বাবে এটা প্ৰেৰণাৰ সুঁতি হোৱা
মই তাতে মোৰ দিঙা খনি চপামতোমাৰ
বুকুয়েদি উজাই গৈ পাম মোৰ চিনাকি সেই ঘাট৷
য’ত সংগম হব তোমাৰ মোৰ মৰমৰ৷
তুমি জ্বলোৱা মৰমৰ শিখা বুকুত
বান্ধি সাহসৰ অদম্য শক্তিৰে যুঁজি যাম জীৱন বাটত
তুমি মাথোঁঁ প্ৰেৰণাৰ এচাতি মলয়া হোৱা
সুৰ তুলি বৈ যোৱা মোৰ মনৰ কাগজত৷
তোমাৰ প্ৰেৰণাৰ বাবে লিখি যাম চিৰদিন
কলিজাৰ কেঁচা তেজেৰে এখনি উমাল
চিঠি সাঁতুৰি ফুৰিম তুমি বোৱাই দিয়া
সুঁতিত মলয়াৰ সৈতে মিতিৰ পাতি দি যাম
তোমাৰ প্ৰেৰণাৰ চানেকি৷
বুকু ভৰাই উজাৰী দিম মোৰ সকলো
তুমি মাথোঁঁ বোৱাই দিয়া প্ৰেৰণাৰ সাগৰ তাতে
মই বিচাৰি পাম জীৱনৰ সৰগি সুখ৷
তোমাৰ চিনাকি ঘাটত থাকিম ৰৈ
নীৰৱেতোমাৰ প্ৰেৰণাৰ আশাৰে৷ ৷
অৰ্ণৱ কটকী
জাঁজী শিমলুগুৰি, যোৰহাট জিলা