মনৰ গহনত
নীৰৱতাই আচ্ছন্ন কৰিছে
শীতৰ সেমেকা ৰাতিত
সুকোমল বুকুখন……
আচ্ছাদিত হৈ
ফেঁকুৰী ফেঁকুৰী
বুকুৰ হৃদয়খনে
জীপাল কৰিছে
মোৰ মনৰ খৰিকাজাই।
ধূসৰিত হৈছে
জীৱনৰ ৰংবোৰ,
স্মৃতিৰ কোঠালি বোৰ
লাহে লাহে খুলিবলৈ ধৰিছোঁ,
বাঢ়িব ধৰিছে মোৰ
তোমাক পোৱাৰ উৎসুকতা..……
ৰাহুল চেতিয়া