বৰ্তমান সমাজখন পৰিৱৰ্তন হৈছে ৷ আধুনিকৰ পৰা আধুনিকতালৈ গতি কৰিছে বৈজ্ঞানিক দৃষ্টিভংগীয়ে ব্যাপক প্ৰসাৰতা লাভ কৰিছে ৷ উন্নতি শিখৰলৈ গতি কৰা সমাজখনত মাদকদ্ৰব্যই কোঙা কৰিছে ৷ ঘৰে ঘৰে মদৰ খোৱা কাৰোবাৰ বাবে ফেশ্বন হৈ পৰিছে। এটুপী ন’হলে যেন উৎসৱ পাৰ্ৱণ বিয়া সভাত ভাল নলগা হ’ল ৷ এজন ভদ্ৰলোকে নিচাসক্ত অৱস্থাত গাড়ী চলাই গৈ থকা দেখা যায় ৷ তাৰ মাজতে এচামে সুকলমে ঘৰ পাবলৈ সক্ষম হয় । কিন্তু আন এচামে নিজৰ লগতে আনৰ বিপদ মাতে ৷ মাদকদ্ৰব্য তথা নিচাযুক্ত দ্ৰব্য অবাধ প্ৰচলন ব্যৱহাৰৰে সামাজখন ঘৰখনত অশান্তি সৃষ্টি কৰা দেখা যায় ৷ বিবাহ বিচ্ছেদ’’ ঘৰুৱা কন্দল’’ অপৰাধ প্ৰৱণতা ’’ পিতৃ পুত্ৰ সংঘাট ’’ সা সম্পত্তি বিক্ৰী’ কাৰ্য ৷ যুৱ উচ্ছৃঙ্খল ’ দৰে বহুতো কু প্ৰভাৱ মদৰ বাবে হয় ৷ পৰিৱেশ বিনষ্ট ’ কৰা কাৰ্য আদি মাদকদ্ৰব্য প্ৰভাৱে যেন এচামক বাৰুকৈ জুৰুলা কৰিছে ’ ৷ প্ৰতিদিনে আয়োজন কৰা দুই চাৰিজন গোট খালে পাৰ্টি বনভোজ’’ কৰা আয়োজনৰ মূল বিষয় মদ্যপান কৰা কৌশল ৷
নৱ প্ৰজন্মৰ অৰ্থাৎ তৰুণ প্ৰজন্মই কি কৰিছে’’ যদি সন্তানে দেখা পায় দেউতাকে নিচাসক্ত হৈ আহি ঘৰত হুলস্থূল কৰিছে তেন্তে তেনে সন্তানে নতুনকৈ কি আৰ্দশ ল’ব ? কেৱল তৰুণ প্ৰজন্মই সমাজ কলুষিত কৰা নাই মাথো কামখিনি কৰাত জেষ্ঠ সকলে অৰিহণা যোগাইছে ৷ মাদকদ্ৰব্য সেৱনৰ বাধাৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশ যথেষ্ট অৰিহণা যোগায় ৷ ঘৰখনেই হ’ল চৰিত্ৰ গঠনৰ মূল ভেটি ৷সেয়ে ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হোৱাটো নিতান্তই প্ৰয়োজনীয়। অভিভাৱকে সন্তানৰ বন্ধু বান্ধৱ কাম কাজ আৰু অভ্যাসৰ বুজ লোৱাটো আৱশ্যকীয় ৷মাদকদ্ৰব্যৰ বিৰোধিতা বহুতেই সভা সমিতি লিখিতভাৱে কৰি আহিছে কিন্ত বাস্তৱ ফলপ্ৰসূ হৈছেনে সেয়া চিন্তানীয় বিষয় ৷ব্যক্তি উন্নতিয়ে সমাজৰ উন্নতি সাধিত কৰে ৷তেনেদৰে ব্যক্তিৰ পতনে সম্পূৰ্ণ সমাজখন নাশ কৰিব পাৰে ৷ সেয়ে প্ৰথমে নিজক আৰু নিজৰ পৰিয়ালক নিকা কৰা উচিত । প্ৰত্যকজন লোক সজাগ হ’লে সমাজখন পৰিপূৰ্ণ সুস্থ হ’ব ৷বৰ্তমান শিক্ষিতৰ হাৰ বৃদ্ধি হৈছে সচাঁ ৷ কিন্তু এখন শিক্ষিত সমাজখনত মানুহৰ সহণশীলতা মানৱীয়তা সততা শ্ৰদ্ধা মৰম কমি গৈছে ৷মানুহবোৰ ব্যক্তিকেন্দ্ৰিক স্বাৰ্থপৰ গা এৰা মনোভাৱ হ’লে নিজৰ ঘৰখন পৰিয়াল সমাজখন সুন্দৰ কৰিব নোৱাৰি ৷ মাদকদ্ৰব্য পৰিহাৰ কৰি উচিত আৰু সৎ কৰ্মৰে আগুৱাই গ’লেহে জীৱনটোৰ সুন্দৰ হৈ উঠিব ৷ ধ্বংস গৰালৈ নিজকে ঠেলি নিদি সোণালী আৰু ভাল আৰ্দশৰে সকলোৰে আগবঢ়াওক ৷
প্ৰশান্ত কুমাৰ বড়া
কাকৈ ৰাজগড়
পিনঃ ৭৮৭০৫১
জিলা লখিমপুৰ
ফোনঃ ৯১০১৮৮৬৪৫০