বিছনা: ৰাতুল চেতিয়া ফুকন

বিছনা: ৰাতুল চেতিয়া ফুকন

মোৰ বিছনা খন
মোৰ সুখনিদ্ৰাৰ সহচৰী
ককাদেউতাৰ দিনৰ বিছনাখন
এতিয়া ঘূণে ধৰিছে।
আজিকালি মোৰ প্ৰায়ে টোপনি খতি হয় ।
অনবৰতে লাগি থাকে
অদ্ভূত কিছুমান শব্দ
আৰু আখজা অনুভৱ
বিছনা খনত ।
এইখন বিছনাতে এদিন
ককা আইতা শুইছিল শান্তিৰে
তাৰ পাছত মা দেউতা
আৰু এতিয়া মই।
একেখনেই বিছনা
সময়ৰ পাৰ্থক্য।
ঘূণ বোৰে কুটি খায় কঠিন কাঠ
সময়ে কুটি খায় হৃদয়।
কিমান নিষ্ঠুৰ ঘূণে ধৰা সময়।
বিছনা খন আজি কালি কঁপি থাকে
এদিন হয়তো ভাগি থাকিব ।

ৰাতুল চেতিয়া ফুকন 
চৰাইদেউ, অসম

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *