এজাক কিন্কিয়া বৰষুণৰ
দগ্মগীয়া হ্নদয়ৰ বাহুবলত
আমি প্ৰাতঃ ভ্ৰমণকাৰী বোৰে
দৌৰা দৌৰি কৰিও থকা-সৰকা হলো
কিযে বিলাই আমাৰ—-
মাজৰাতি সাৰ পাই দেখিলো
তোমাৰ আঙুলিৰ ভাজবোৰ
আমাৰ বিছনাৰ তল পালে
উপাই হীন হৈ ল’ৰা-ছোৱালী হালক
জগাই বেলেগ এটা কোঠালীলৈ গলো
কিন্তু উপাই নাই
তোমাৰ আঙুলি কেইটাই আমাক
মৰম কৰিহে এৰিলে
ততাতয়াকৈ সকলো সামৰি সুতৰি
ৰাইজে ঠিক কৰি থোৱা
পূজা মণ্ডপটোত থাকিলো
কিযে আনন্দৰ দিন সেইবোৰ—–
খাবলৈ নোপোৱা, পঢ়িব নলগা, বেমাৰীৰ
আৰ্তনাদ, বুঢ়া-বুঢ়ীৰ যে কিমান বিলাই চাম৷
পুুৰণি স্মৃতিবোৰৰ জীৱাশ্মবোৰ
মনৰ দাপোনত উদ্ভাষিত
হলেও পৃথিৱীক জনাবলৈ
আহ ফালি ফুৰিলে
কি লাভ হব?
উন্মুক্ত নলাত পৰি মৰিথকা
অবিনাশক কেতিয়াও বিচাৰি নেপাওঁ৷
সুশীলা কলিতা
শুৱালকুছি, ৭০৮৬৯৮৫৭৩৩