অচিনাকি :শৈলেন কুমাৰ

অচিনাকি আজিও তুমিমই
চিনাকি জানো সমাজৰ নাট৷
বতাহজাকে হয়তো নেজানে
ফুলৰ সুগন্ধি কিন্তু সি বলিব জানে আকাশগংগা হৈ৷

তোমাৰ মুৰৰ ৰঙা দাগটোৱে
হয়টো বহুতকে কৰে অতিষ্ঠ৷
মাজনিশাৰ চিঞৰ, বুকুৰ বেদনা, বিফলতাৰ সমুদ্ৰ৷

ককবকাই থকাজনক খেদি ফুৰিছে দুঃস্বপ্নই, আহৰি পোৱা নাই, মেঘৰ আঁৰত লুকুৱাই হাঁহিছে ঘোৰ অমাৱশ্যাই৷

শিকলিৰে মেৰিয়াই ধৰিছে
অন্ধকাৰ ভৱিষ্যত, নিৰাশাই দিছে জীৱনত ভ্ৰান্তি, বিশ্বাসৰ সাঁকোখনো আজি ধৰি ৰাখিবলৈ অমান্তি৷

যাত্ৰাত চিনাকি অন্তকালত যাৱ পাহৰি, মনৰ কথা স্মৃতি হৈ ৰৱ সপোনৰ সমাধিত৷
আকৌ এবাৰ অচিনাকি হৈ যাম, আঁৰকাপোৰ নামিলে মঞ্চৰ, ব’লা আমি আগুৱাই যাওঁ৷

✍️ শৈলেন কুমাৰ
ঠিকনা — মিৰ্জা ( কামৰূপ )
ফোন— ৭০০২৮১৬১৪৬

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *