আহিনৰ লেণ্ডস্কেপ – ৰুণু শৰ্মা

আহিনৰ লেণ্ডস্কেপ – ৰুণু শৰ্মা

বৰষাৰ বোকোচাত উঠি
দুচকুত নিয়ৰসনা সুবাসেৰে
তৰাবছা আকাশখনলৈ চাই
আহিনে বাগৰ সলায়৷
(২)
শুকুলা ডাৱৰৰ আৰে আৰে
নিয়ৰৰ কণা ফালি
হেতুলুকা চৰাইৰ শব্দত
কপি উঠে মোৰ ছৈ দিয়া বুকুখনি৷
(৩)
এসাগৰ স্বপ্ননীল আকাশৰ
তৰাভৰা জোনটোলৈ চাই
অধীৰ আকুলতাৰ আহ্বানেৰে
প্ৰাৰ্থনা জনাও মই দেৱী দশভূজালৈ
জগত জননীলৈ শত সহস্ৰ প্ৰাৰ্থনাৰে
কৰিছোঁ আবেদন মোৰ
শান্ত, সৌম্য শৰতৰ দুৱাৰ মুখত৷

ৰুণু শৰ্মা, গুৱাহাটী

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *