আঘোণ মহীয়া পুৱতি নিশা
কুঁৱলীয়ে ভেটিছে মোৰ পদূলি৷
নিয়ৰৰ মুকুতাই গাঁঠিছে
দূবৰিত মালাধাৰী৷
চৌদিশ ধুঁৱলী কুঁৱলী
ভালকৈ একোৱে মনিব
নোৱাৰি৷
দূবৰিৰ নিয়ৰে দুভৰি তিয়াইছে;
পৰিছে দেহমন শাঁত৷
লাগে লাহে উদয়মান
তৰুণ অৰুণৰ কাঁচিয়লি ৰ’দে
নিয়ৰৰ কণিকাক কৰিছে
আঘাত৷
সেউজীৰ বুকুত সোণ
বৰণীয়া ধান৷
জাকে জাকে পথাৰত দাৱনিৰ
খিলখিলনি
কেচ্ কেচ্ কাচি নচোৱাই
জুৰিছে যেন সুৰৰ ৰাগিনী৷
কান্ধত মেটমৰা ডাঙৰী
মুখত আনন্দৰ হাঁহি
লক্ষ্মীক আদৰিবলৈ বান্ধিছে
ভঁৰালৰ কামী৷
বেলিটি দুপৰ হ’ল
দিনৰ শেষত পশ্চিমৰ
ৰাঙলী সূৰুজৰ বিদায়
বেলিকা চমু চাপি ৰ’ল৷
পক্ষীও উৰে বাঁহলৈ,
গৰু আহি গোহালীৰ মুখত ৰৈ৷
আই দিলে তুঁহ, খেৰৰ
জুমুঠি জ্বলাই৷ ৷
মণিকূটত পিতাই
দবা বজাই৷
আকৌ এটা দিনৰ
বিদায়৷
✍ঋতুপৰ্ণা ইংতিপি
মৰিগাওঁ৷