আৰ্ট’কাপাছ হেৰেট’ফাইলাছ: বন্দনা মহন্ত

মৰমৰ মইনাহঁত ! তোমালোকে হয়তো গৰমৰ দিনত বজাৰত ওলোৱা এবিধ ফল সকলোৱে দেখিছা ৷ দেখাত কিছু ডাঙৰ ,গাত কাঁইটৰ দৰে জোঙা জোঙা বাকলি থকা এই ফলবিধৰ বিষয়ে আজি তোমালোকক ক’বলৈ লৈছো ৷ফলবিধৰ নাম হৈছে কঁঠাল ৷কঁঠালৰ বৈজ্ঞানিক নাম হৈছে “আৰ্ট’কাপাছ হেটেৰ’ফাইলাছ ৷ “বিভিন্ন দেশত কঁঠালৰ নামো বেলেগ বেলেগ ৷ইণ্ডোনেছিয়াত নাংকা ,ফিলিপাইনছত “লাংকা” ,থাইলেণ্ডত “কানুন” , আৰৱী ভাষাত “ফাকিহাট জেক ” আদি নামেৰে কঁঠালক বুজোৱা হয় ৷কঁঠালক হিন্দীভাষীসকলে কাথাল / ইংৰাজীত জেকফ্ৰুইট বুলি কোৱা হয় ৷নামনি অসমত কঠল বুলি কোৱা হয় ৷ কঁঠাল সুস্বাদু ৰসাল ফল ৷গ্ৰীষ্ম ,বৰ্ষা ঋতুৰ দিনতেই কঁঠাল বেছিকৈ পোৱা যায় ৷আমাৰ অসমীয়া মানুহৰ ডাঙৰ বাৰীবোৰত সাধাৰণতে কঁঠাল গছ থকা দেখা যায় ৷সৰু সৰু হাবিয়নি বিলাকতো কঁঠাল গছ আপোনা-আপুনি হোৱা দেখা যায় ৷জীৱ-জন্তুৱে পকা কঁঠাল খাই বিষ্ঠা ত্যাগ কৰাৰ পিছত গুটিৰ পৰা কঁঠাল গছ হয় ৷হাবি জংঘলত সেইবাবে এজোপা কঁঠাল গছৰ ওচৰে-পাজৰে আৰু কঁঠাল গছ দেখা পোৱা যায় ৷আগৰ দিনত বাৰীবোৰত ভাল কঁঠাল পুলিৰ সঁচ আনি ৰুই দিছিল ৷কঁঠাল সাধাৰণতে দক্ষিণ পূব এছিয়া /দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ কিছু অংশত পোৱা যায় ৷ বিশ্বৰ অন্যান্য গ্ৰীষ্ম মণ্ডলীয় অঞ্চলত ইয়াৰ খেতি কৰা হয় ৷কঁঠালৰ উৎপত্তি ভাৰতৰ হাবিত হৈছিল বুলি গৱেষকসকলে ক’ব খোজে ৷কঁঠালৰ খেতি যথেষ্ট লাভজনক ৷খুব বেছি যত্নৰ প্ৰয়োজন নাথাকে ৷মাথোঁ উপযুক্তভাৱে পুলিবোৰ ডাঙৰ কৰিব লাগে ৷অতি পুৰণি কালৰ পৰাই কঁঠালৰ খেতি কৰি অহা হৈছে ৷কঁঠালক সুস্বাদু ফল হিচাপে মান্যতা প্ৰদান কৰা হয় ৷গতিকে ই এক লাভজনক খেতি ৷কঁঠাল গছ যথেষ্ট ওখ ডাঙৰ হয় ৷কঠাল গছৰ কাঠ বৰ টান ৷সেইবাবে বিভিন্ন আচবাব পত্ৰ বনাবৰ বাবে কঁঠাল কাঠৰ প্ৰয়োজন হয় ৷কাঠ হিচাপে কঁঠাল গছৰ চাহিদা যথেষ্ট ৷কঁঠাল পাতো বহুতে মণ্ডপ আদি সজাবলৈ ব্যৱহাৰ কৰা দেখা যায় ৷কিছুমানে কঁঠালৰ পাত চাহৰ নিচিনাকৈ তৈয়াৰ কৰি খায় ৷কঁঠালৰ অনন্য সোৱাদ আৰু গোন্ধে খাদ্যপ্ৰেমীসকলক মুগ্ধ কৰি আহিছে ৷পকা কঁঠালৰ পৰা জাম ,জেলি ,চৰবত আদি তৈয়াৰ কৰা হয় ৷বৰ্তমান কিছুমান মৰ্টন আৰু বিস্কুটত কঁঠালৰ ৰস মিশ্ৰণ কৰি কঁঠালৰ গোন্ধ দিয়া হয় ৷পকা কঁঠালৰ ৰস উলিয়াই পিঠাগুড়িৰ লগত মিহলাই বহুতে কঠাল পিঠা তৈয়াৰ কৰে ৷এই পিঠা অসমীয়া সমাজত পুৰণি দিনৰ পৰাই চলি আহিছে ৷আধা পকা কঁঠালো বহুতে খাই ভাল পায় ৷কঁঠালৰ গুটিবোৰৰ ওপৰত ডাঠ আৱৰণ থাকে ৷ডাঠ আৱৰণ এৰুৱাবৰ বাবে ৰ’দত গুটিবোৰ শুকুৱাই ল’ব লাগে ৷বাকলি এৰুৱালে ৰঙচুৱা পাতল আৱৰণ এটা পোৱা যায় ৷এই পাতল আৱৰণটো চুচি এৰুৱাই দিলে গুটিৰ সাহটো পোৱা যায় ৷ই খোৱাৰ উপযোগী ৷কঁঠালৰ গুটিবোৰ পুৰি বা সিজাই খোৱা হয় ৷কিছুৱে ভাজি বা পিটিকা বনাই খায় ৷বহুতে দালিত দি খায় ৷সাধাৰণতে ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ ধৰে ৷কঁঠালৰ কলিক মুচি বুলি কোৱা হয় ৷কঁঠালৰ মুচিৰ দ্বাৰা সুস্বাদু আঞ্জা তৈয়াৰ কৰা হয় ৷কঁঠাল ডাঙৰ হোৱাৰ লগে লগে ফলৰ ভিতৰত কোঁহ হয় আৰু কোঁহৰ কেউকাষে পাতল ঢাকনি ওলায় ৷যাক কঠালৰ বাদু বুলি কোৱা হয় ৷জেঠ আহাৰ মাহত কঁঠাল পকে ৷এজোপা কঁঠাল গছত এবাৰ কঁঠাল লগাৰ পিছত প্ৰতিবছৰে লাগি থাকে ৷প্ৰায় বাৰ মাহেই গছজোপাত কঁঠাল থাকে বুলি ক’ব পাৰি ৷কঁঠালৰ বহুতো প্ৰজাতি আছে ৷কিছুমান সৰু আৰু কিছুমান ডাঙৰ ৷সোৱাদ অনুযায়ীও সকলোবোৰ কঁঠাল একে নহয় ৷কিছুমান বহুত বেছি পৰিমাণে মিঠা আৰু সুগন্ধিযুক্ত হয় ৷কিছুমানৰ সোৱাদ কম ৷কঁঠালৰ পৰা বহুতো স্বাস্থ্যজনিত উপকাৰ পোৱা যায় ৷কঁঠালত ভিটামিন চি /পটাছিয়াম /(ফাইবাৰ ) আঁহ আদি প্ৰয়োজনীয় খাদ্যপ্ৰাণ তথা পুষ্টিকৰ উপাদান থাকে ৷কঁঠালত কেলৰি কম থাকে ৷ই হজম শক্তি বৃদ্ধি কৰে ৷ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে ৷পোহনীয়া জীৱ জন্তুৰ বাবে কঁঠাল বা কঁঠালৰ বাকলি এক উত্তম খাদ্য ৷বনৰীয়া হাতীয়ে কঁঠাল বৰ ভাল পায় ৷সিহঁতে পকা কঁঠাল খাবলৈ কেতিয়াবা হাবিৰ পৰা আহি মানুহৰ বাৰীত সোমাইহি ৷কঠাল পাত গৰু/ছাগলীয়ে খায় ৷কঁঠালত যথেষ্ট পৰিমাণে আঠা থাকে ৷আঠাৰ বাবে বহুত চৰায়ে কঁঠাল খোৱা দেখা নাযায় ৷বড়ো লোকসকলে লাঙামৰা পূজাত পকা কঁঠালৰ কোঁহ বা ফোটা উৎসৰ্গা কৰে ৷আমাৰ অসমীয়া সমাজত কঁঠালক লৈ সাঁথৰ /লোক কথা /ফকৰা যোজনা বহুতো আছে ৷যেনে “ওপৰৰ পৰা পৰিল টেকেলি ,টেকেলিৰ পেটত এশ ভেকুলী ৷” সাঁথৰটোৰ উত্তৰ হৈছে কঁঠাল ৷ফকৰা যোজনাও আছে ৷যেনে — ‘গছত কঁঠাল ওঁঠত তেল /নৌ খাওঁতেই চেলবেল ৷’ ‘হাঁহ চুৰৰ মূৰত পাখি /কঁঠাল চুৰৰ আঠাই সাক্ষী ৷’ বিহুগীতত কঁঠালৰ উল্লেখ আছে এনেধৰণে “আমে মলিয়ালে ঐ নাচনী কঁঠালে পেলালে মুচি /গছৰে ডালতে কুলিয়ে বিনালে ঐ ব’হাগী আহিছে বুলি ৷” কঁঠাল অসমীয়া জনজীৱনত পুৰণি কালৰ পৰাই সম্পৃক্ত হৈ সোমাই আছে ৷মৰমৰ মইনাহঁত ! আশাকৰো তোমালোকে কঁঠালৰ বিষয়ে কিছু জানিলা ৷আজিলৈ সামৰিছোঁ

✍️বন্দনা মহন্ত/ডিব্ৰুগড় ৷

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *