ডিমৰীয়াত মাঘ বিহুৰ পৰম্পৰা: ঋতুপর্ণা ইংতিপি

বিহুমূলতঃ কৃষিভিত্তিক উৎসৱ। বিহু প্ৰতিজন অসমীয়াৰ আৱেগ। অসমৰ প্ৰত্যেকজন কৃষকৰ আৱেগ জড়িত হৈ আছে বিহুৰ সৈতে। মাঘ বিহু পালিত হয় শালিখেতি চপোৱাৰ পাছত। ডিমৰীয়া মহানগৰীৰ পূর্বত অৱস্থিত ঐতিহ্যমণ্ডিত অঞ্চল। অসমৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ দৰে ডিমৰীয়া অঞ্চলতো মাঘ বিহু পালন কৰা হয়। এইক্ষেত্রত ব্যক্তিক্ৰম দেখা যায় ডিমৰীয়াত। মহানগৰীৰ উপকন্ঠ অঞ্চল ডিমৰীয়াত ৰজাঘৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন কৰা হয়। ডিমৰীয়া বামফৰৰ পৰা চমতালৈ বিস্তৃত এটি বৃহৎ এলেকা। ভিন্ন জাতি জনজাতিৰে ভৰপূৰ। কাৰ্বি সম্প্ৰদায়ৰ বসতিৰ ঘনত্ব অধিক বুলি কোৱা হয়।

মাঘ বিহুৰ লগত জড়িত প্ৰধান উৎস হৈছে ভেলাঘৰ বা মেজি। ভেলাঘৰ সাজিব বাবে প্ৰয়োজনীয় সামগ্ৰী খেৰ, বাঁহ গোটাবলৈ সমূহীয়াকৈ সাধাৰণ সভা আয়োজন কৰি ডেকাসকলক ভেলাঘৰ সজা দায়িত্ব দিয়া হয়। এসপ্তাহৰ আগতে ভেলাঘৰ সাজি শুকাবলৈ দিয়া হয়। মাঘ বিহুৰ উপলক্ষে দুৰুং নামৰ ঠাইত গীত নৃত্যৰে পৰিপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানেৰে বৃহৎ পাৰশালি মেলা আয়োজিত কৰা হয়। অঞ্চলৰ প্ৰত্যেকজন ৰজা উপস্থিত থাকে। পৰম্পৰাগত সাজ পোছাকে লোকালয় হৈ পৰে। পৰম্পৰাগত বাদ্যযন্ত্র বজাই নৃত্য গীত প্ৰদৰ্শন কৰে। ডেকা গাভৰুসকলে পৰিৱেশন কৰা নৃত্যগীতৰ শৈলীও সুকীয়া সুকীয়া। কাৰ্বিসকলৰ লালিলাং নৃত্য আৰু গীত খুবেই জনপ্ৰিয়। উৰুকাৰ আগদিনা পাৰশালি মেলা অনুষ্ঠিত কৰা হয়।

উৰুকাৰ উপলক্ষে প্ৰচণ্ড শীতকো নেওচি মৎস্য চিকাৰত নামে শ শ লোক। ঐতিহ্যমণ্ডিত ডিমৰীয়া অঞ্চলত মাঘ বিহুৰ উপলক্ষে উৰুকা দিনা মৎস্য চিকাৰ কৰা পৰম্পৰা অতীজৰে ৰজাৰ দিনৰ পৰা চলি আহিছে। বৃহৎ ডিমৰীয়া অঞ্চলত ঐতিহ্যবহনকাৰী তিনিখনকৈবিল আছে। ক্ৰমে পাৰশালি বিল, জালিসৰা বিল আৰু বমানী বিল। পৰম্পৰাগতভাৱে মাছ মৰা প্ৰথা চলি আহিছে। পোন প্ৰথমে ৰজাজনে গৈ বনদেৱতা লৈ তামোল পাণ আদিৰে পূজা আগবঢ়োৱাই। তাৰ পাছত ৰাইজে জাল জুলুকি , পল’ লৈ বিলত নামে। নাচ-গান, হাই-উৰুমিৰ, ডেকা গাভৰুৰ হাঁহি ধেমালিৰে এটি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। মাছ পোৱা নোপোৱাতকৈ সেই সময়খিনি উপভোগ কৰাটোৱেই আনন্দ। উৰুকা নিশা ভেলাঘৰত সমূহীয়াকৈ সকলোৱে মিলিজুলি এসাঁজ খায়। ভেলাঘৰবোৰতো এটি সুকীয়া বিশেষত্ব পৰিলক্ষিত হোৱা দেখা যায়। ভেলাঘৰৰ ওপৰত কলফুল ব্যবহাৰ কৰা হয়। কলফুলৰ ওপৰত বলি কটা কুকুৰা চৰাইৰ পাখি লগাই দিয়া নিয়ম আছে। ভেলাঘৰত মহিলাৰ প্ৰৱেশ নিষেধাজ্ঞা কৰা হয়। বিহু দিনা পুৱাৰ ভাগত মেজি জ্বলোৱা হয়। মেজি জ্বলোৱা আগত মূহূর্তত তেওঁলোকৰ নিয়মেৰে হৰি ধ্বনি দিয়া পাছত মেজিটোৰ সাত পাক ঘূৰাৰ পাছত অগ্নি সংযোগ কৰা হয়। বৰ্তমানো অতীজৰ পৰম্পৰা ৰক্ষিত হৈ আহিছে। সম্প্ৰীতিৰ এনাজৰীৰ দোলেৰে বান্ধ খাই আছে ডিমৰীয়াবাসী।

ঋতুপর্ণা ইংতিপি/মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *