তুমি নাৰী হৈ জন্মিচা
দুৰ্বল মনোভাৱ নাৰাখিবা
বহুত কষ্ট সহ্য কৰিব লাগিব
গতিকে অত্যন্ত সাহসী হোৱা৷
জীৱনত কৃতকাৰ্যতা হবলৈ মমতাময়ী হোৱা,
কিয়নো তুমি নাৰী
নাৰী অবিহনে,
এখন পৃথিৱী সদায় আধৰুৱা৷
তোমাক জীৱনে বাৰে বাৰে কন্দুৱাব
কিন্তু তুমি ভাগৰি পৰিলে নহ’ব
তুমি যুঁজিব লাগিব আৰু জিকিব লাগিব৷
বুকুত বান্ধিব লাগিব কনকলতা মূলাগাভৰুৰ শক্তি
তেজৰ চেকুৰা বোৱাব লাগিব
ব্ৰহ্মপুত্ৰৰ বুকুত৷
তোমাৰ নীৰৱতাক দুৰ্বলতা বুলি ভাবিবলৈ আনক প্ৰচয় নিদিবা
ভুলবোৰ কেতিয়াও সহ্য নকৰিবা
সদায় তাৰ প্ৰতিবাদ কৰিবা
হয়, তোমাৰ নিজা বুলিবলৈ একো নাই
কিন্তু তুমি নহলে এই পৃথিৱীখন নিস্তব্ধ
গতিকে তোমাতেই সকলো৷
নাম ÷ শ্ৰীমতী গীতাক্ষী চুতীয়া
স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী
মৰাণ মহাবিদ্যালয়৷