শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোক আমাৰ সকলোৰে জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংশ। শিশুৰ মানসিক বিকাশত মাতৃৰ বা মাতৃৰ দায়িত্ব অপৰিসীম।কথাতেই কোৱা হয় সু-সন্তান এটি লাভ কৰিবলৈ হ’লে মাতৃ এগৰাকী সু-শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজনীয়।কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত।এখন দেশ বা ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেইখন দেশৰ কণকণ শিশুসকলৰ ওপৰত।শিশুসকলক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ আমি বিভিন্ন পৰামৰ্শ সময়ে সময়ে আগবঢ়াব লাগিব। এটি শিশুৱে প্ৰথমে মাতৃৰ পৰাই জীৱনৰ আদি পাঠ গ্ৰহণ কৰে আৰু দ্বিতীয়তে ঘৰখনৰ পৰা শিশুটোৱে বিভিন্ন বিষয়ক জ্ঞান লাভ কৰে। সেয়ে ঘৰখনক শিশুসকলৰ শিক্ষাৰ কঠিয়াতলী বুলি বিবেচনা কৰা হয়। শিশু এটিয়ে সংস্কাৰৰ শিক্ষা আহৰণ কৰে পৰিয়ালৰ সদস্য সকলৰ পৰাই। শিশুটোৱে জন্ম লাভ কৰিয়েই ঘৰখনৰ পৰিৱেশটো পায়।ঘৰৰ মানুহে যি আচৰণ কৰে শিশুটোৱেও সেই আচৰণ কৰিবলৈ যত্ন কৰে।কাৰণ শিশুসকল হৈছে অনুকৰণ প্ৰিয়। তেওঁলোকে ডাঙৰক অনুকৰণ কৰি ভাল পায়।বৰ্তমান ইন্টাৰনেটৰ প্ৰভাৱৰ ফলত প্ৰতি ঘৰতে মোবাইল ফোন,টি.ভি ইত্যাদি ইলেক্ট্ৰনিক সামগ্ৰীৰ বহুত ব্যৱহাৰে শিশুসকলৰ মনত তাৰ বিৰূপ প্ৰভাৱ পেলাইছে। অভিভাৱকসকলে শিশু এটিৰ শাৰীৰিক আৰু মানসিক উভয় দিশতে গুৰুত্ব দিয়াটো খুবেই দৰকাৰ। কাৰণ শিশুসকলৰ শৈশৱ কালতে মগজুৰ ৮০% বিকাশ হয়। সেয়ে শিশু এটিক সুস্থ শৰীৰ আৰু সুস্থ মানসিকতাৰ প্ৰয়োজন। আনহাতে,আজিকালি দেখিবলৈ পাওঁ যে, এবছৰীয়া শিশু এটিক মাকে খাদ্য খুৱাবৰ সময়ত টি.ভি. বা মোবাইল ফোন আদিত কাৰ্টুন দেখুৱাই। ইয়াৰ ফলত এনেবোৰ অভ্যাস শিশুৰ মনত লাহে লাহে বেয়া অভ্যাসত পৰিণত হৈ গৈ আছে।আৰু কেতিয়াবা দেখিবলৈ পোৱা যায় যে,কেতিয়াবা কিছুমান মাতৃয়ে সমাজৰ আগত বা আনৰ আগত নিজৰ আধুনিকতা দেখুৱাবলৈ গৈ কিছুমান মিছাৰ আশ্ৰয় লয়।ইয়াৰ ফলত শিশুটোৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিব পাৰে সেই কথাটো মাকে বুজি পোৱাটো উচিত।বৰ্তমান সময়ত ব্যস্ততা ভৰা জীৱনৰ মাজতো নিজৰ সন্তানৰ বাবে প্ৰতিদিনে দিনটোৰ অলপ সময় শিশুটোৰ লগত অতিবাহিত কৰক।শিশুটোৰ লগত নতুন নতুন বিষয়ক লৈ আলোচনা কৰক।তেওঁলোকৰ প্ৰতিভাখিনি জানক আৰু তেওঁলোকৰ সেই প্ৰতিভাখিনি বিকাশত উৎসাহ, প্ৰেৰণা যোগাওক। আপোনাৰ শিশুটিক কেৱল মাত্ৰ ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাৰাখি অলপ বাহিৰৰ পৃথিৱীখনৰ লগত একত্ৰিত হ’বলৈ দিওঁক।তেওঁলোকক মুকলি মনেৰে খেলা-ধূলা,নাচ-গান আদি কৰিবলৈ দিওঁক।লগতে কিতাপ পঢ়া,সাধুকথা ইত্যাদি নতুন নতুন চিন্তা ধাৰণা গঢ়ি তোলাত তেওঁলোকক সহায় কৰক। শিশু এটিয়ে যিহেতু পৰিয়ালৰ সকলো সদস্যৰ ভিতৰত মাকৰ লগতে বেছি সময় অতিবাহিত কৰে সেয়ে মাতৃগৰাকী সু-শিক্ষিত হ’লেই নহ’ব, শিশুটোক শিশু সুলভ মনোভাৱেৰে সুশিক্ষা দিব পৰা গুণখিনি মাতৃ গৰাকীৰ থাকিব লাগিব আৰু নিজৰ শিশুটিক কেতিয়াও আনৰ শিশুৰ লগত তুলনা নকৰিব।কাৰণ সকলোৱে বেলেগ বেলেগ গুণৰ অধিকাৰী।প্ৰত্যেক শিশুৰে কম বেছি পৰিমাণে এক নিজা প্ৰতিভা থাকে।সকলোৰে কিছুমান নিজস্বতা থাকে। শেষত,এটা কথাই কওঁ এগৰাকী মাতৃ এশ জন শিক্ষকতকৈ ওপৰত।গতিকে, শিশু এটিৰ মানসিক বিকাশত মাতৃৰ ভূমিকা অধিক।
পাপৰি দাস, স্নাতক পঞ্চম ষান্মাসিকঅসমীয়া বিভাগ বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।