যুৱশক্তিক সৎপথেৰে আগুৱাই নিয়াত অভিভাৱকৰ দায়িত্ব আৰু কতৰ্ব্য অপৰিসীম। যুৱ শক্তি যাক সর্বশক্তিমান বুলি কোৱা হয়। মানৱজীৱনৰ তিনিটা স্তৰ” কৌমাৰং যৌৱনং জৰা” ৰভিতৰত যুৱ বয়সতেই মানুহ শাৰীৰিক আৰু মানসিক ভাৱে অত্যন্ত শক্তিশালী হৈ থাকে। এখন সমাজ বা দেশৰ উন্নতিৰ বাবে যুৱশক্তিৰহে যিকোনো কাম কৰাৰ সামর্থ্য থাকে। সেয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে গাইছে—“বিশ্ব বিজয়ী নৱ জোৱানশক্তিশালী ভাৰতৰওলাই আহা ওলাই আহাসন্তান তুমি বিপ্লবৰ।” এই যুৱশক্তিসমূহক সুনিয়ন্ত্রিত কৰি সৎপথেৰে অভিভাৱক সকলে আগুৱাই নিব পাৰিলেহে এখন সমাজৰ, দেশৰ অথবা সমগ্র মানৱ জাতিষ কল্যাণ হ’ব।আমাৰ মানৱ জীৱনটো এক অখণ্ড সোঁতত পৰিচালিত হৈ আছে। দেশত ক্রমে বাঢ়িব ধৰিছে শিক্ষিত নিবনুৱাৰ আৰু বিৰাজ কৰিব ধৰিছে যুৱ উচ্ছৃংখলতা আদিয়ে। ঠাই পাইছে ৰাগিয়াল দ্ৰব্য সেৱন, অন্যায়, অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰ আদি অপৰাধমূলক কাৰ্য্যই। অশোভনীয় সাজ-পোছাক,অমার্জিত আচৰণ,অসংযমী চাল-চলন, সংযমহীন কথা-বতৰা অহংকাৰী মনোবৃত্তি আদি উচ্ছৃংখলতাই চৌদিশ গ্ৰাস কৰি উঠিছে। অভাৱ ঘটিছে দয়া, ক্ষমা, শ্রদ্ধা- ভক্তি, প্রেম, কৰুণাআদি সৎগুণ বোৰৰ। ফলস্বৰূপে উদ্ভৱ হৈছে হত্যা, লুন্ঠন ধৰ্ষণ আদি। অতিকৈ পৰিতাপৰ কথা যে শ্রেণীকোঠাতেই শিক্ষকৰ দৰেপৱিত্র বৃত্তিত নিয়োজিত হৈ থকা ব্যক্তিক নিজৰ ছাত্রই হত্যা কৰিছে। ফোপোলা ৰাজনীতিৰ চাকনৈয়াত ডুব গৈ এচাম স্বার্থ-লোভী লোকে পাহৰি যাব ধৰিছে প্রকৃত মনুষ্যত্বৰ স্বৰূপ। চৌদিশেকেৱল ঠগ প্রবঞ্চকেৰে পৰিপূৰ্ণ আমাৰ দেশ। ডেকা শক্তিকেই মূল আধাৰ স্বৰূপে লৈ সৃষ্টি হ’ব ধৰিছে নানা উগ্রপন্থী সংগঠনৰ।কিয় এনে হ’বলৈ পাইছে এই কথাআমি অভিভাৱক সকলে ভাবি চোৱাৰ সময় সমাগত। অন্যথা এটা সময়ত হয়তো বিশ্বত সমগ্র মানৱ জাতিৰেই জীৱন সংকট পূৰ্ণ হৈ পৰিব। সেই বাবে অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰিদেৱে ডেকা শক্তিক আহ্বান জনাইছে— ” জাগা ডেকা তেজ বজ্র মুঠিত ভাঙি পুনু গঢ়া হাতুৰীলৈ স্বদেশ সেৱাত ভণ্ডামিবোৰ ভাঙি উৰি যক চুৰ্ণ হৈ।” বর্তমান যি চৰকাৰী শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত ছাত্র-ছাত্রীৰ চৰিত্র গঠন সম্পর্কীয় নৈতিকতাবোধৰ কোনো পাঠেইঅন্তৰ্ভূক্ত হোৱা নাই বুলি কলেওঁ অত্যাধিক নহয়। ছাত্র-ছাত্রীয়ে কেৱল পৰীক্ষাত সর্ব্বোচ্চ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পৰাটোৱেই মূখ্য লক্ষ্য হৈ পৰিছে। যি অলপ নীতি শিক্ষাৰ পাঠ দিয়া হয়সেইয়া ছাত্র-ছাত্ৰীৰ চৰিত্র গঠনত একো প্ৰভাৱ নপৰে। সেই বাবে বিশ্ববিদ্যালয়ৰ সর্ব্বোচ্ছ ডিগ্ৰীধাৰী হলেওঁ কিছুমান ছাত্র-ছাত্রীৰ সৎ চৰিত্ৰৱান আৰু নৈতিক গুণসম্পন্ন নহবওঁ পাৰে। অৱশ্যে সকলোৱে নহয় কিয়নো এতিয়াও আমাৰ সমাজত গুণী জ্ঞানী আৰু সৎচৰিত্রৱান বহু ছাত্র-ছাত্রীৰ উদাহৰণ আমি পাই আছোঁ যি সকলে নিজৰ লগতে দেশৰ নাম উজ্বল কৰি ভৱিষ্যত জীৱন উজ্বলাই তুলিছে। এই খিনিতে আমি স্বামী বিবেকানন্দই কোৱাএষাৰ কথা মনলৈ আনিব পাৰোঁ “আমি সেই শিক্ষাকেই বিছাৰোঁ যি শিক্ষাই চৰিত্র গঢ়ে, মানসিক উৎকর্ষ সাধন কৰে, বুদ্ধিৰ বিকাশঘটায় আৰু প্রত্যেককে নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকায়।” বিবেকানন্দই উল্লেখ কৰা এই সকলো খিনি জ্ঞান কেৱল নৈতিক বা আধ্যাত্মিক শিক্ষাতেই পোৱা যায়। অভিভাৱক সকলে সেই বাবে প্রাথমিক শিক্ষা আৰম্ভ কৰাৰ পৰাই নিজৰ সন্তানটিক নৈতিক বিষয়ৰ জ্ঞানদিব পৰা বিদ্যালয়তহে নাম ভর্তি কৰিব লাগে। কাৰণ” যি মূলা বাঢ়ে তাৰ দুপাততে চিন” যদি মুলাটো দুপাত নহওঁতেই উপযুক্ত সাৰ পানী দি যত্ন লোৱা হয় তেন্তে উপযুক্ত বয়সত সি বেছি স্বাদযুক্ত আৰু সুন্দৰকৈ গঢ়ি উঠিব। বর্তমান বিশ্বৰ বহুতো দার্শনিক, চিন্তাবিদ আৰু সাহিত্যিক, সকলে একেমুখে স্বীকাৰ কৰিছে যে এই অশান্ত পৃথিৱীক শান্ত কৰাৰ বর্তমান আমাৰ শেষ অস্ত্ৰ হৈছে নৈতিক বা অধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞান মানেই হৈছে দেহ, মন আৰু হৃদয়ৰ পৱিত্রতা অর্থাৎ দৈৱিক গুণ। যুৱশক্তিসমূহ এই আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হ’লেহে প্রত্যেকে নিজৰ জীৱনটো সুখময়,শান্তিময় আৰু আনন্দময় কৰি গঢ়িব পাৰিব। আজিৰ শিশু কালিলৈ যুৱক-যুৱতী আৰু পৰহিলৈ একোজন দায়িত্বশীলপিতৃ-মাতৃ বা অভিভাৱক হ’ব লাগিব। গতিকে যুৱক- যুৱতী সকলেই সৃষ্টি কৰিব লাগিব ভবিষ্যত অধ্যাত্মিক জ্ঞান সম্পন্ন এচাম নতুন প্ৰজন্মৰ। তেতিয়াহে আমাৰ সমাজৰ, দেশৰ অথবা সমগ্র বিশ্বৰেই মংগল সাধন কৰি পৃথিৱীত শান্তি স্থাপন কৰিব পৰা হব।বিখ্যাত দাৰ্শনিক জ্যাঁ জেক ৰুচোৱে কৈছিল” জীৱন বুলি ক’লে কেৱল খায় বৈ থকাটোৱেই নুবুজায়। মানৱ মনৰ ইচ্ছা আকাংক্ষাবিলাক সুপথেৰে পৰিচালিত কৰি মনৰ অনুভূতিবোৰৰ বিকাশেৰে মানৱীয় গুণসম্পন্ন হৈ চলাটোৱেই প্রকৃত জীৱন।”অভিভাৱকসকলে এসোপা অর্থ সম্পদ সংগ্রহ কৰি কেৱল খায় বৈ থকাৰ শিক্ষা নিজৰ সন্তানক নিদি তেওঁলোকক মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগে। অভিভাৱকৰ আদর্শকেই সন্তানে যুৱবয়সত গ্রহণ কৰা প্রায়ে দেখা যায়। যিবিলাক কথা বা কামে সন্তানক অপকাৰ কৰিব পাৰে সেইবিলাক কথা সৰুৰে পৰা অভিভাৱকে তেওঁলোকৰ সন্মুখত ক’ব বা কৰিব নালাগে।আমাৰ ইন্দ্রিয় সমূহ মনৰ দ্বাৰাই পৰিচালিত হৈ থাকে। গতিকে সন্তানক সদায় মন সুদৃঢ় কৰি ৰখাৰ জ্ঞান দিব লাগে। মন সুদৃঢ় হ’লেহে মনৰ দ্বাৰা পৰিচালিত ইন্দ্রিয় সমূহ সংযত কৰিব পৰা যায়। মনেৰে যি ভাবি থকা হয় সেই কামটোকেই কৰিবলৈ মন গৈ থাকে। সন্তানক সদায় সৎসংগত সুস্থ চিন্তা-চৰ্চা মাজেৰে সুস্থ পৰিৱেশৰ মাজত ডাঙৰ-দীঘল কৰিব লাগে যাতে তেওঁলোকে সুস্থ দেহ ,মনৰ অধিকাৰী হ’ব পাৰে। নিজৰ সন্তানটি ডাঙৰ হোৱাৰ লগে লগে অভিভাৱক সকলে সদায় নজৰ ৰখা উচিত যাতে বেয়া সংগত পৰি বেয়া আচাৰ- ব্যবহাৰৰ লগতেবেয়া কথা-বতৰা শিকি লৈ বেয়া বস্তু যেনে মদ, ভাং, চিগাৰেট, ড্ৰাগছ আছি স্বাস্থ্য হানিকাৰক বস্তু খাবলৈ নিশিকে। নিজৰ সন্তানক কেতিয়াও প্রয়োজনতকৈ বেছি টকা হাতত দিব নালাগে। সিহঁত কলৈ গৈছে, কাৰ লগত গৈছে, কিয় গৈছে এই কথা বিলাক সদায় খবৰ ৰাখক। কিবা বেয়া দেখিলে সোনকালে সৎ পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰক কাৰণ বেছি ধ্বংস মুখী হোৱাৰ পাছত দোষ কৰি কান্দি থকাৰ বাদে একো সুফল পোৱা নাযায়। কেতিয়াবা যুৱক-যুৱতীসকলৰ কর্মসংস্থাপনৰ আশাত মন অশান্ত হৈ থাকে। যাৰ ফলত যিকোনো অপৰাধমূলক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকে যি কোনো অখাদ্যও খাবলৈ আৰম্ভ কৰে। কিন্তু অনুকূল পৰিৱ্শ পালে সকলো সৎ মানুহ ৰূপে আত্ম প্রকাশ কৰে। গতিকে চৰকাৰী চাকৰি নাপালে মানসিক ভাৱেযাতে নিজৰ সন্তানটি ভাগি পৰিব লগা নহয় তাৰবাবে অভিভাৱক সকলে সদায় তেওঁলোকক স্বাৱলম্বী হোৱাৰ পথ পদর্শন কৰি তেওঁলোকক প্ৰেৰণা দিয়া উচিত এনেদৰে অভিভাৱক সকলে সৰুৰে পৰা নিজৰ সন্তানক অনুকূল পৰিৱেশত সৎ মানুহ হোৱাৰ বীজ তেওঁলোকৰ অন্তৰত অঙ্কুৰিত কৰিবলৈ চেষ্টা কৰিলেহে উপযুক্ত বয়সত যুৱ উচ্ছৃংখলতাৰ পৰা নিজৰ সন্তানক সুৰক্ষিত কৰিব পাৰিব।
স্মৃতিৰেখা গগৈ বৰুৱা/গোলাঘাট