অভিজ্ঞতা: মঞ্জু কাকতি

“এইজনী আমাৰ মলয়া নহয় জানো ?” হয় বাইদেউ ,কি কৰিছে? “ভাতকেইটা খাই বাৰণ্ডাতে বহি আছোঁ, ৰাষ্টাতেই ৰৈ থাকিলা যে | ভিতৰলৈ সোমাই আহা আকৌ | “”মই এনেও আপোনাৰ তাত আবেলি আহিম বুলি ভাৱিছিলোৱেই,বেঙ্কলৈ গৈছিলোঁ আজি আজি বৰ ডাঙৰ বিপদৰ পৰা সাৰি আহিলোঁ বাইদেউ |””কি বিপদৰ পৰা সাৰিলানো খুলি কোৱাচোন |” “ভেলেন্টাইন ডে ৰ পোন্ধৰ দিনমান আগত আমেৰিকাত থকা এজন লোকৰ লগত ফেচবুকৰ জড়িয়তে চিনাকি হৈছিল | তেখেত মেকানিকেল ইঞ্জিনিয়াৰ বুলি চিনাকি দিছিল | আমি মেচেঞ্জাৰত প্রায়ে কথা পাতিছিলোঁ | তেখেতে মোক বাইদেউ পাতি লৈছিল | ময়ো হেৰুৱা ভাইটিক ঘূৰাই পোৱা যেন লাগিল | তাৰপিচত তেখেতৰ ন -বছৰীয়া ছোৱালীজনীৰ লগত মোক কথা পতাই দিছিল | এনেদৰে কথাৰ প্রসংগত জানিবলৈ পালোঁ তেখেতৰ পত্নী গাড়ী এক্সিডেণ্টত ঢুকাইছে | মোৰ মনটো বহুত বেয়া লাগিছিল। এইখিনি জনাৰ পিচত মই তেওঁলোকৰ প্রতি মোৰ কিবা এটা মায়া উপজিছিল |বাইদেউ পানী এগিলাছ দিয়কচোন।বহুত পিয়াহ লাগিছে।”” হু লোৱা পানী, তাৰ পিচত কি হ’ল কোৱাচোন?””তাৰপিচত ভেলেণ্টাইন ডে ৰ দুদিন আগত তেখেতে ফোন কৰিলে যে তেখেতৰ ছোৱালীয়ে হেনো মোলৈ ৮০,০০০ ডলাৰৰ উপহাৰ কিনিছে সেয়ে মোলৈ পঠিওৱা ঠিকনাটো বিচাৰিলে | ময়ো দি দিলোঁ মাক নোহোৱা ছোৱালীজনীৰ মৰমত |”‘অহ বৰ ইণ্টাৰেষ্টিং ,তাৰপিচত কি হ’ল কোৱা? “”চাৰি পাঁচদিনমান পিচত মোলৈ মোম্বাই ডেলিভাৰী অফিচৰ পৰা ফোন আহিল যে…আপুনি ৩৫,০০০ এতিয়াই গুগুল পে কৰি দিয়ক তেতিয়াহে আমি ডেলিভাৰী কৰিম | মই লগে লগে ফেচবুক ভাইটি জনক সকলো কথা খুলি ক’লো; তেতিয়া তেওঁ মোক ক’লে — এইটো হেনো নিয়ম | ময়ো ভাৱিলো হ’ব পাৰে কিবা নিয়ম কিন্তু মই মনেৰে নামানিলোঁ যদিও ছোৱালীজনীৰ মৰমত অন্ধ হৈ বেংকলৈ গ’লো । বেংকলৈ গৈ গোটেই মেচেজবোৰ বেংকৰ মেনেজাৰ দেখুৱালোঁ, তেতিয়াহে “উৰহী গছৰ,ওৰ ওলাল |” বেংকৰ মেনেজাৰে মোক এইবোৰ সকলো মিছা কথা বুলি কৈছিল।মোক আৰু কৈছিল ?আপোনালোক ইমান শিক্ষিত মানুহে যদি এইবোৰৰ জালত পৰে তেতিয়াহ’লে অশিক্ষিতবোৰৰ কি হ’ব কওকচোন ? সেইজন ঠগবাজি মানুহ , তেওঁ সহজ সৰল মনৰ মানুহক এনেকৈ ঠগি পইচা খায় ,ভাল বাচিল আপুনি বুলি কৈছিল বাইদেউ।”” অ মলয়া,সেইকাৰণে আমাৰ অগ্রজসকলে লিখি গৈছে.. “অচিন কাঠৰ থোৰা নলগাবা |””হয় বাইদেউ আপুনি ঠিকেই কৈছে |”” আই অ দেহি তোমাৰ মুখখন শুকাই গৈছে, কিবা এটা খাই লোৱাহি । তুমি বেছি চিন্তা নকৰিবা এইবোৰ জীৱনৰ একো একোটা অভিজ্ঞতা | ভৱিষ্যতলৈ সাৱধান হব লাগিব আৰু বেলেগ মানুহকো কথাবোৰ বুজাবা,তেতিয়া কোনেও এনে ভুল নকৰে বুজিছা?””হয়, ঠিকেই কৈছে বাইদেউ।

“মঞ্জু কাকতি, শুৱালকুছি

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *