এই যে সমাজৰ সম্পৰ্ক বোৰ মা-দেউতা,খুড়া,খুড়ী,বাই-ভনী এই সম্পৰ্ক বোৰতে মৰম বোৰ সীমিত নে …?নে সম্পৰ্ক ৰ সিপাৰেও আছে মৰম ,বিশ্বাস,আন্তৰিকতাৰে ভৰা কিছু মৰম লগা বান্ধোন ..??যি প্ৰেমৰ নহয়;ই কেৱল মৰমৰ বান্ধোন যাৰ কোনো নাম নাই,যি সদায় লুকাই থাকে কিন্তু বিচাৰিলে সদায় কাষত থাকে! থাকক চোন সেই মৰম বোৰ মৰম হৈ আন্তৰিকতা বোৰ বুকুত সোমাই আমাক জীপাল কৰি ৰাখক। কিছু মৰম কিছু দায়িত্ব ৰে ভৰপূৰ সেই বান্ধোন বোৰ য’ত আমি নিজক পাওঁ নিজৰ নিচিনা কোনোবা আপোন জনকম পাওঁ। যি সমাজে বান্ধি দিয়া কটকটীয়া শিকলি ডালৰ পৰা সম্পুৰ্ণ মুক্ত । এৰা কিছু মৰম এনেকৈয়ে ভাল লাগে যাৰ কোনো নাম নাথাকে, অথচ ই আমাক সদায় জীপাল কৰি ৰাখে…! শেষত সম্পৰ্ক ৰ নাম নিদিবা মৰম বোৰ মৰম হৈ সদায় বৈ যাব দিয়া…….!!
প্ৰিয়া ইংতি/ মৰিগাঁও