আৰু বহু দূৰ যাব লাগিব আগুৱাই
ঠৰ লাগিলেও খোজবোৰত উদ্যম ঢালি যাব লাগিব আগুৱাই,
হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি গঢ়িব লাগিব সাফল্যতা দ্বাৰ,
চেতনাৰ গভীৰত অনুশোচনাৰ অনল একুৰা লৈঅংকুৰিত
কৰিব লাগিব সুখৰ সেউজীয়া বীজ,
আগুৱাই যাব লাগিব বহু ঈষা দৃষ্টি নেওচি
বহু ককৰ্থনা ভাষ্য নেওচি ভাললগা,
প্ৰিয় বহু ৰুচি ত্যাগি যাব লাগিব আৰু বহু দূৰ আগুৱাই
তই যাব লাগিব আগুৱাই,
কত লাঞ্চনাৰে ঠেকা খোৱা কলিজা খনকে বুকুত লৈ পূৰ কৰিব
লাগিব তই মনৰ বাঞ্ছনা, কত প্ৰবঞ্চনা বলি হৈও তই ঘটিব লাগিব অৰ্থৰ ঐশ্বৰ্যতা,
স্থিতিত স্থিৰ হৈ অটল ৰাখিব লাগিব মনৰ দৃঢ়তা,
অস্থিৰ আবেগ সামৰি সুস্থিৰে গঢ়িব লাগিব সম্পদৰ বৈভৱে ভৰা নিজস্বতা,
শিলৰ বুকু খুন্দি খুন্দি বোৱাব লাগিব তই তৃপ্তিৰ নিজৰা,
এৰি অহা স্মৃতিৰ সোঁৱৰণে যদিও তোক কন্দোৱাইতই
যাব লাগিব আগুৱাইবহু দূৰ আগুৱাইবহু দূৰ আগুৱাই।
✍️ অভিজিৎ কোঁৱৰ /শিৱসাগৰ