দেউতাকৰ ফুলনিৰ তাই এপাহি কোমল কলি।
দেউতাকৰ আদৰ আৰু মৰমৰ পৰশত ৰক্ত জবা হৈ
জিলিকি আছিল ফুলনিৰ মাজত।
সাত দিনৰ লৈ চাব পৰা নাছিল তাই দেউতাকৰ মুখনি।
কদদুণৰিৰ আগত তিনি গছি বন্তি জ্বলাই সমাজৰ মাজত সজাই পৰাই।
সপোন কোঁৱৰ পদূলিত আহি ৰ’ল,
জোঁৱাই বুলি মাকে চুমা খায়
ককায়েকে দাং কোলা কৰি হোমৰ গুৰিত বহুৱাই।
নতুন জীৱনৰ পাতনি মেলি দীঘলকৈ ওৰণি টানি
নাম পালে তাই সংস্কাৰী বোৱাৰী।
ঈশ্বৰৰ দান গৰ্ভত ধাৰণ কৰি মাতৃ নামেৰে নতুন পৰিচয়
লভি, বৃদ্ধাৱস্থাত তাই ফুটপাথৰ গৰাকী।
ঋতুপৰ্ণা ইংতিপি, মৰিগাঁও