আন দিনাৰ দৰে ডিম্পলে ৰাতিপুৱা শুই উঠি স্নান কৰিঘৰৰ কাষৰতে থকা শিৱ মন্দিৰত সেৱা এভাগ কৰিবলৈ বুলি মন্দিৰৰ সন্মুখত থকা লোহাৰ গেটখন খুলি সোমাবলৈ লওঁতে এহাল দম্পত্তি কণমানি এজনীৰ সৈতে সেৱা কৰি থকা দেখা পালে।কণমানিটিয়ে ঈশ্বৰক হাত যোৰ কৰি সেৱা কৰিছে।সেৱা কৰি কৰি কণমানিটিয়ে ঈশ্বৰক কৈছে”প্ৰভু, মা-দেউতাৰ ফোনটোৰ পৰা WhatsApp, Instagram বোৰ উঠাই দিয়া। নহলে মা দেউতাই মোৰ খবৰেই নাৰাখে প্ৰভু।’
ডিম্পলৰ মনত এটা প্ৰশ্ন উদয় হল। সচাকৈ সাধাৰণ দৃষ্টিৰে চালে হাঁহি উঠা ধৰণৰ যেন লাগিলেও ছোৱালী জনীৰ কথাত নিহিত হৈ আছে বহু বাস্তৱ।
✍️ৰাহুল চেতিয়া, চিলাপথাৰ