দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

আমাৰ ভাৰতবৰ্ষ বৈচিত্ৰ্য্যময় সংস্কৃতিৰে ভৰপূৰ দেশ৷ ধৰ্মৰ মাজত গভীৰভাৱে শিপাই থকা সজীৱ আৰু বৰ্ণিল উৎসৱৰ বাবে ভাৰত পৃথিৱী বিখ্যাত৷ শৰতৰ আগমনিৰ লগে লগে দুৰ্গা পূজাৰ উলহমালহে সকলোৰে মনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে৷ হিন্দু পঞ্জিকা অনুসৰি আহিন মাহত শাৰদীয় দুৰ্গা পূজা আৰম্ভ হয়৷ ভাৰতৰ পশ্চিমবংগ/অসম/উৰিষ্যা /ত্ৰিপুৰা/বিহাৰ/ঝাৰখাণ্ডত দুৰ্গাপূজা অধিক জাকত জিলিকাকৈ পতা হয়৷ দুৰ্গা পূজা উৎসৱৰ আৰম্ভণিতে মহালয়া পতা হয়৷ মহালয়া শব্দটিৰ অৰ্থ হৈছে মহান আলয় বা আশ্ৰয়৷ মহালয়া শব্দটি স্ত্ৰী লিংগবাচক৷ মহালয়াতেই পিতৃপক্ষ শেষ হৈ দেৱীপক্ষৰ শুভাৰম্ভ হয়৷ মহালয়াৰ পিছত শুক্লা পতিপদৰ পৰা দেৱীপক্ষ বুলি ধৰা হয়৷

মহালয়াৰ পিছতেই পৃথিৱীলৈ দেৱী দুৰ্গা নামি অহাৰ প্ৰস্তুতি চলে বুলি বিশ্বাস কৰা হয়৷ দেৱী দুৰ্গাক আমন্ত্ৰণ কৰাৰ বাবে এই দিনটো বিশেষ দিন হিচাপে পালন কৰা হয়৷ মহালয়াৰ পিছতেই দুৰ্গা পূজাৰ প্ৰস্তুতি চলে৷

“ওঁ মহিষঘ্নি /মহামায়ে /চামুণ্ডে /মুণ্ডমালিনি৷
আয়ুৰাৰোগ্য বিজয়ংদেহি দেৱী নমোহস্ত্ত তে৷ ৷
এষ সচন্দনগন্ধ পুষ্পবিল্বপত্ৰাঞ্জলিঃ ওঁ হ্ৰীং দুৰ্গায়ৈ নমঃ৷”

এই মন্ত্ৰৰে দেৱীৰ আগমনিক শ্ৰদ্ধা জনোৱা হয়৷ দেৱীৰ প্ৰাৰ্থনা /দেৱীৰ বৰ্ণনা পুৰণি পুথিত বহুতো পোৱা যায়৷ দেৱী দুৰ্গাৰ নামো বহুত; যেনে- সতী /সাধ্বী /ভৱপ্ৰীতা/ভৱানী/ভৱমোচানী/আৰ্য/দুৰ্গা/জয়া/আদ্য/বৈষ্ণৱী/ভাৰাহী/বিমলা /মহিষাসুৰমৰ্দিনী /চণ্ডীকা/যোগমায়া/অম্বিকা/বৈষ্ণৱী/নাৰায়নী/মহামায়া ইত্যাদি৷ দেৱী দুৰ্গাৰ অস্ত্ৰসমূহ হৈছে – ত্ৰিশূল/খৰ্গ/চক্ৰ/বাণ/শক্তি/ঢাল/ধনু/ঘণ্টা/পৰশু/নাগপাশ ইত্যাদি৷

দুৰ্গা পূজাৰ দ্বাৰা নাৰীশক্তিক সন্মান জনোৱা হয়৷ পূজাৰ কেইবা সপ্তাহৰ আগতেই মূৰ্তি তৈয়াৰ কৰা হয় ৷ দক্ষ শিল্পীয়ে মূৰ্তি সমূহ তৈয়াৰ কৰি সাজসজ্জা কৰে৷ এয়া এক দীঘলীয়া প্ৰচেষ্টা৷ আটকধুনীয়া পেণ্ডেলৰ দ্বাৰা সকলোকে আকৰ্ষণ কৰা হয়৷ তদুপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ দুৰ্গা পূজা সমন্বয়ৰ প্ৰতীক হৈ পৰে৷ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগ আগবঢ়ায়৷ একতাৰ ডোলেৰে সমাজ বান্ধ খাই পৰে৷ শাৰদীয় নৱৰাত্ৰী নদিন পালন কৰা হয়৷ নৱৰাত্ৰীত দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয়৷ কিছুলোকে এই নদিন উপবাস পালন কৰে৷ তদুপৰি এই নদিনত ভক্তসকলে ৯টা ৰঙৰ কাপোৰ পৰিধান কৰি দেৱী দুৰ্গাক পূজা কৰে৷

দেৱী দুৰ্গাৰ নটি ৰূপ এনেধৰণৰ৷ প্ৰথম শৈলীপুত্ৰী /দ্বিতীয় ব্ৰহ্মচাৰিনী/তৃতীয় চন্দ্ৰঘণ্টা / চতুৰ্থ কুষ্মাণ্ডা / পঞ্চম স্কন্দমাতা /ষষ্ঠ কাত্যায়নী /সপ্তম কালৰাত্ৰী /অষ্টম মহাগৌৰী/ নৱম সিদ্ধিদাত্ৰী৷ মাতৃ শৈলীপুত্ৰীৰ এখন হাতত ত্ৰিশূল আৰু আনখন হাতত পদুমফুল থাকে৷ মূৰৰ পিছফালে অৰ্ধচন্দ্ৰ থাকে৷ হিমালয়ৰ পুত্ৰী হিচাপে দেৱীক শৈলীপুত্ৰী বুলি জনা যায়৷ শৈল শব্দৰ অৰ্থ পৰ্বত৷ এই দিনটোত দেৱীক পূজা কৰোঁতে হালধীয়া ৰঙৰ বা কমলা ৰঙৰ কাপোৰ পিন্ধি লোৱা হয়৷ দেৱীৰ চৰণত গৰুৰ ঘিঁউ অৰ্পণ কৰা হয়৷ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনীক পূজা কৰা হয়৷ মাতৃ ব্ৰহ্মচাৰিনী দেৱীৰ অবিবাহিত ৰূপ৷ বগা ৰঙৰ পোছাক পৰিধান কৰি দেৱীক পূজা কৰা হয়৷ দেৱীৰ এখন হাতত কমণ্ডলু আৰু আনখন হাতত জপ কৰা মালা থাকে৷ পূজাৰ অন্তত দেৱীলৈ চেণীৰ ভোগ আগবঢ়োৱা হয়৷ তৃতীয়দিনা দেৱীৰ আন এটা ৰূপ চন্দ্ৰঘণ্টাক পূজা কৰা হয়৷ চন্দ্ৰঘণ্টা হৈছে দেৱী পাৰ্বতীৰ বিবাহিত ৰূপ৷ এই পূজাত গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ কৰা মিঠাই /ভোগ আদি প্ৰসাদ হিচাপে আগবঢ়োৱা হয়৷ ৰঙা ৰঙৰ পোছাক পিন্ধি দেৱীক পূজাকৰা হয়৷ চতুৰ্থ দিনা দেৱীৰ আন এটা ৰূপ মা কুষ্মাণ্ডাক পূজা কৰা হয়৷ দেৱীৰ শৰীৰৰ পৰা সূৰ্যৰ পোহৰৰ দৰে ৰশ্মি নিৰ্গত হয় বুলি সকলোৱে বিশ্বাস কৰে৷ নীলা ৰঙৰ পোছাক পৰিধান কৰি এই পূজাভাগ সম্পন্ন কৰা হয়৷ পঞ্চমদিনা স্কন্দমাতাক পূজা কৰা হয়৷ ভগৱান কাৰ্তিকৰ মাতৃ হোৱা বাবে দেৱীক স্কন্দমাতা বুলি কোৱা হয়৷ হালধীয়া ৰঙৰ পোছাক পিন্ধি এই পূজা সম্পন্ন কৰা হয়৷ কল আৰু কলৰ দ্বাৰা তৈয়াৰী প্ৰসাদ আগবঢ়োৱা হয়৷ ষষ্ঠী দিনা মাতৃ কাত্যায়নীক পূজা কৰা হয়৷ এই দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি দেৱীক পূজা কৰা হয়৷ মহিষাসুৰক বধ কৰিবলৈ দেৱীয়ে কাত্যায়নীদেৱীৰ ৰূপ লৈছিল৷ এই পূজাত প্ৰসাদ হিচাপে ভোগ/মৌ আগবঢ়োৱা হয়৷ সপ্তমীদিনা মা কালৰাত্ৰিৰ পূজা কৰা হয়৷ দেৱীৰ এই ৰূপটো আক্ৰমণাত্মক৷ দেৱী পাৰ্বতীয়ে অসুৰক বধ কৰিবলৈ শৰীৰত থকা সোণালী ৰঙৰ ছাল সলনি কৰি লয়৷ দেৱীৰএই ৰূপটিক কালৰাত্ৰি নামেৰে জনা যায়৷ কালৰাত্ৰী হৈছে দেৱীৰ উগ্ৰৰূপ৷ বাদামী বা ধূসৰ ৰঙৰ কাপোৰ পিন্ধি এই পূজা কৰা হয়৷ প্ৰসাদ হিচাপে গুড়ৰ প্ৰসাদ আগবঢ়োৱা হয়৷ অষ্টমীদিনা মাতৃ মহাগৌৰীক পূজা কৰা হয়৷ পৌৰাণিক কাহিনীত পোৱা যায় যে ধুনীয়া আৰু উজ্জ্বল ৰঙৰ বাবে দেৱীক মহাগৌৰী বুলি কোৱা হয়৷ বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি এই পূজাৰ কৰ্ম কৰা হয়৷ নাৰিকলৰ দ্বাৰা তৈয়াৰী প্ৰসাদ দেৱীলৈ আগবঢ়োৱা হয়৷ নৱমীৰ দিনা মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়৷ মা সিদ্ধিদাত্ৰীৰ আসন হৈছে পদুমফুল৷

পুৰণি কাহিনীৰ মতে ভগৱান শিৱৰ বাওঁফালৰ পৰা সিদ্ধিদাত্ৰী দেৱীৰ আবিৰ্ভাৱ হৈছিল৷ বিশ্বাসমতে সৃষ্টিৰ আদিতে ভগৱান শিৱই মা সিদ্ধিদাত্ৰীক পূজা কৰিছিল৷ এই পূজাভাগত প্ৰসাদত তিল দিয়াৰ বিধান আছে৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি এই পূজাৰ কৰ্ম কৰা হয়৷ দশমীৰ দিনা মা দুৰ্গাক পূজা -পাতল কৰি নদীত বিসৰ্জন দিয়া হয়৷ দশমীৰ দিনা মহিলাসকলে সেন্দূৰ ইগৰাকীয়ে সিগৰাকীক সানি আনন্দ কৰা দেখা যায়৷ মা দুৰ্গাৰ শক্তি আৰু আশীৰ্বাদ কামনা কৰি এই আনন্দ উদযাপন কৰে৷ দুৰ্গা পূজাৰ উৎপত্তি প্ৰাচীন ভাৰতীয় পৌৰাণিক কাহিনী আৰু হিন্দুশাস্ত্ৰত গভীৰভাৱে সোমাই আছে৷ কিংবদন্তী অনুসৰি মহিষাসুৰ নামৰ অসুৰ এটাই এনে এক বৰ লাভ কৰিছিল যাৰ বাবে তাক কোনো পুৰুষ বা দেৱতাই বধ কৰিব নোৱাৰিছিল৷ সি স্বৰ্গ আৰু পৃথিৱীত ইমানেই অশান্তি সৃষ্টি কৰিছিল যে যাৰ বাবে দেৱতাসকল বহুত বিপদত পৰিছিল৷ অৱশেষত দেৱতাসকলে নিজ নিজ শক্তিৰ দ্বাৰা শক্তি প্ৰয়োগ কৰি এক শক্তি সৃষ্টি কৰিলে৷ এই শক্তিয়েই হৈছে দেৱী দুৰ্গা৷ দেৱীয়ে নদিন একেৰাহে যুদ্ধ কৰি মহিষাসুৰক বধ কৰি স্বৰ্গ আৰুপৃথিৱীলৈ শান্তি ঘূৰাই আনে৷ পূজাত অশুভ শক্তিৰ পৰাজয় আৰু শুভ শক্তিৰ জয় এই কথাষাৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয়৷ অসুৰ মহিষাসুৰ অশুভ শক্তিৰ প্ৰতীক৷
আঞ্চলিক নীতি- নিয়ম পালন কৰি এই উৎসৱ সাধাৰণতে পাঁচদিন সমূহীয়াকৈ পালন কৰা হয়৷ ষষ্ঠী/সপ্তমী/অষ্টমী/নৱমীআৰু দশমী৷ দশমীৰ দিনা দেৱী নদীত বিসৰ্জন দিয়াৰ পিছত এই পূজা সমাপ্ত হয়৷ দুৰ্গা পূজা উপলক্ষে বৃহৎপৰিসৰত পেণ্ডেল /ৰভা সজোৱা হয়৷ দেৱী দুৰ্গাৰ লগতে কাৰ্তিক/গণেশ/লক্ষ্মী/সৰস্বতী আদিৰো মূৰ্তি সজোৱা হয়৷ দেৱী সিংহৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে৷ আনহাতে মহিষাসুৰৰ মূৰ্তিও সজোৱা হয়৷ ত্ৰিশূলেৰে মহিষাসুৰক বধ কৰা প্ৰতীকিৰে অশুভ শক্তিৰ পৰাজয়ৰ বাৰ্তা বিলোৱা হয়৷ দুৰ্গাপূজাৰ আচাৰ- অনুষ্ঠান সমূহ ৰঙীন৷ ধৰ্মীয় তাৎপৰ্যৰ বাহিৰেও দুৰ্গা পূজা হৈছে সমাজৰ সকলো লোককে একত্ৰিত কৰা এক সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান৷
এই উৎসৱত ভক্তসকলে মা দুৰ্গাৰ আগত শৰাই দি মনৰ কামনা পূৰণ কৰিবৰ বাবে দেৱীক প্ৰাৰ্থনা জনায়৷ ভক্তসকলে ধূনা পাত্ৰ লৈ ধুনুচিনৃত্য প্ৰদৰ্শন কৰে৷ ঢাক -ঢোল বজাই আনন্দ উল্লাস কৰে৷ নতুন কাপোৰ পিন্ধি নিজকে সকলোৱে সজায়৷ ইজনে সিজনক উপহাৰ দিয়ে৷ এই সময়ত বিভিন্ন খাদ্যৰে ঘৰ বজাৰ ভৰি পৰে৷ বিভিন্ন মিঠাইৰ টোপোলা ইঘৰে সিঘৰক দিয়া মেলা কৰে৷ পূজাৰ বিশেষ মিঠাই জেলেপী সকলোৱে এবাৰ হ’লেও মুখত দিয়ে৷ পূজাস্থলী বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে ৰঙীন হৈ পৰে৷ বৰ্তমান দুৰ্গা পূজা হিন্দুধৰ্মীয় লোকৰ মাজতেই আৱদ্ধ হৈ থকা নাই৷ ধৰ্মীয় শিপা অতিক্ৰম কৰি পৰম্পৰাৰ স’তে সমসাময়িক প্ৰথাৰ মিশ্ৰণঘটাই শিল্প /সংস্কৃতি আৰু সম্প্ৰদায়ৰ উদযাপনলৈ পৰিণত হৈছে৷ পূজাৰ কলাত্মক প্ৰকাশ আৰু আধ্যাত্মিক উত্তাপে দুৰ্গাপূজাক ভাৰতৰ অন্যতম প্ৰিয় আৰু প্ৰত্যাশিত উৎসৱ হিচাপে গঢ়ি তুলিছে

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *