আশাৰে : অৰ্ণৱ কটকী

আশাৰে : অৰ্ণৱ কটকী

ভালে আছে নে বুলি নোসোধো আজি
ব্যস্ততাৰে ভৰা পথত হয়টো কেতিয়াবা,
ক’ৰবাত আপোনাক লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছোঁ মই
বৈ যোৱা সময়ৰ সোঁ মাজত অকস্মাতে অজানিতেই৷ ৷
কুশলে থাকিব সদায় আপুনি একেদৰেই
মানু্হৰূপী দানবৰ পৰা নিজক বচাই৷
ভিৰৰ মাজত হেৰাই যোৱা খবৰৰ দৰে
হেৰাই যাবলৈ নিদিব নিজক খবৰৰ দৰেই৷ ৷
বাটৰুৱা পথিক দূৰ দুৰণিৰ মই
ৰঙা ৰঙৰ এটা চিঠিৰ খাম লৈ ফুৰো বুকুত বান্ধি
কোনোবাই দেখি তাকেই অট্টহাস্য কৰে
কেনেকৈনো কওঁ আপোনাৰ মৰমক যে তাত ৰাখিছোঁ সাঁচি৷ ৷
তেজ ৰঙা মৰমৰ একাঁজলি হাঁহি, হিয়াত দুলনী
দুৰ্বাৰ হেঁপাহ আপোনাক ক্ষন্তেকৰ বাবে লগ পোৱাৰ৷
সহাঁৰি মৰমৰ এশাৰী মাত আপোনাৰ পৰা বিচাৰি
ঐয়াঙে দৈয়াঙে ফুৰিছোঁ ঘূৰি আপোনাক লগ পোৱাৰ আশাৰে৷ ৷

অৰ্ণৱ কটকী
জাঁজী শিমলুগুৰি (যোৰহাট জিলা)

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *