মৰমৰ মইনাহঁত! বতাহত হালিজালি থকা ফুলনিৰ জবাফুল পাহলৈ তোমালোকে নিশ্চয় মন কৰিছা৷ জবাফুলৰ সৌন্দৰ্যই সকলোৰে মন মুহি নিয়ে৷ জবাফুলৰ বৈজ্ঞানিক নাম প্ৰজাতি অনুসৰি কেবাটাও আছে৷ যেনে — –হিবিচকাচ চাবদাৰিকা (Hibiscus sabdarika) /হিবিচকাচ ৰচা চাইনেচিচ (Hibiscus rosa SINENSIS ) /হিবিচকাচ চিৰিয়াকাচ (Hibiscus syriacus) ইত্যাদি৷
জবাফুল আমাৰ অসমৰ থলুৱা ফুল৷ জবাফুলৰ খেতিৰ বাবে পানী জমা হৈ নথকা মাটিৰ প্ৰয়োজন৷ এই খেতিৰ বাবে খুব বেছি সাৰুৱা মাটিৰ প্ৰয়োজন নাই৷ জবাফুলৰ খেতি কৰা সহজ৷ এই খেতিত কীট পতংগৰ উপদ্ৰৱ অন্য ফুলৰ খেতিৰ তুলনাত কম৷ বিভিন্ন পখিলা /পৰুৱা/মৌ-মাখি /চৰাই আদি আকৰ্ষণ কৰি এই ফুলে ফুলনিৰ জেউতি চৰায়৷
জবাফুলৰ অৰ্থনৈতিক মূল্য বহুত৷ আলংকাৰিক গছ হিচাপে জবাফুলৰ গছ ৰুই এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰি৷ জবাফুলৰ দ্বাৰা চাহ/চৰবত/জাম আদি তৈয়াৰ কৰা হয়৷ জবাফুলৰ পৰা প্ৰাকৃতিকভাৱে ৰং পোৱা যায়৷ সেই ৰং খাদ্য বস্তুত ব্যৱহাৰ কৰিব পাৰি৷ কিছুমান আয়ুৰ্বেদিক দৰৱত জবাফুলৰ ৰস/পাতৰ ৰস ব্যৱহাৰ কৰা হয়৷ জবাফুলৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰে৷ জবাফুলে ছালৰ মৃতকোষবোৰ আঁতৰাই ছালখন সজীৱ কৰিব পাৰে৷ জবাফুল পিচি নাৰিকল তেলৰ লগত মিহলাই সানিলে চুলি উজ্জ্বল আৰু ক’লা হয়৷ জবাফুলৰ ঔষধি গুণৰ ওপৰত নতুন নতুন তথ্য ওলাই আছে৷ ই এণ্টি অক্সিডেণ্টৰ দৰে কাম কৰে বুলি গৱেষকসকলে থিৰাং কৰিছে৷
প্ৰসাধন সামগ্ৰী হিচাপে এই ফুলৰ গুৰুত্ব আছে৷ কিছুমান চাবোন /চেণ্ট তৈয়াৰ কৰোঁতে এই ফুলৰ ৰস ব্যৱহাৰ কৰা হয়৷ জবাফুলৰ তেল চুলিত ঘঁহি উপকাৰ পোৱা যায়৷ বৰ্তমান বজাৰত জবাফুলৰ ৰস থকা চেম্পুও পোৱা যায়৷ হিন্দু ধৰ্মাৱলম্বী লোকে জবাফুল পূজাত ব্যৱহাৰ কৰে৷ ৰক্তজবা ফুল এই বাবে যথেষ্ট প্ৰসিদ্ধ৷ জবাফুলৰ মালাৰে দেৱ দেৱীকো সজোৱা হয়৷ উৎসৱ -পাৰ্বণত জবাফুলৰ গুৰুত্ব অধিক৷
জবাফুল বিভিন্ন দেশ আৰু ঠাই তথা ভাষাভেদে বেলেগ বেলেগ নামেৰে পৰিচিত৷ জবাফুলক সংস্কৃতত জবাপুষ্পম /বাংলাভাষাত –জবাকুসুম নামেৰে জনা যায়৷ একেটা ভাষাতে বেলেগ বেলেগ নামেৰেও জবাফুলক জনা যায়৷ দেশ ভেদেও ইয়াৰ ভিন্ন নাম আছে৷ যেনে :
- আমেৰিকাত হিবিস্কাছ /হিবিস্কাছ ৰোজা -চিনেন্সিছ
- ভাৰতত – গুৰহল/যছৱন্দ/গুধল /কেম্পু মুলী
- চীনদেশত – মু জিন হুয়া
- জাপানত – হানামাটছুৰি
- থাইলেণ্ডত – ক্ৰা জিউ
- মালয়েছিয়াত – বুগাংৰায়া
- ফিলিপাইনছত – গুমামেলা
- ইজিপ্তত – কাকাৰ্ডে
- মেক্সিকোত – ফ্লৰ ডি জামাইকা
- দক্ষিণ আফ্ৰিকাত – ব্লুব্লম
- ব্ৰাজিলত – হিবিস্কো
- শ্ৰীলংকাত – ৰথমাল
- তাহিটিত – পুৰৌতি
- ভিয়েটনামত – হৱা দাম বুট আদি নামেৰে জনা যায়৷ ঠাইভেদে জবাফুলৰ বহুত বেলেগ বেলেগ নাম আছে৷ ইয়াত কেইটামানহে উদাহৰণ দিয়া হ’ল৷
জবাফুল বিভিন্ন ৰঙত পোৱা যায়৷ গুলপীয়া /ৰঙা /হালধীয়া /কমলা বগা /আকাশী নীলা/পাতল বেঙুনীয়া ইত্যাদি৷ কিছুমান জবাফুলৰ এপাহ ফুলতে দুটা ৰঙ নাইবা তিনিটা ৰঙ থাকে৷ এপাহ পাহি যদি হালধীয়া তেনে আনপাহ পাহি ৰঙা ঠিক তেনেকুৱা ধৰণৰো জবাফুল পোৱা যায়৷ সকলো ৰঙৰ জবাফুল সকলো ঠাইতে পোৱা নাযায়৷ আমাৰ অসমত ৰঙা জবা /বগা জবা আৰু পাতল গোলাপী ৰঙৰ জবাফুল সাধাৰণতে দেখিবলৈ পোৱা যায়৷ প্ৰজাতি অনুযায়ী জবাফুলক বিভিন্ন আকাৰতো পোৱা যায়৷ কিছুমান বহুত ডাঙৰ বা বহুত সৰু আকাৰৰ জবাফুলো থাকে৷ আকৌ দুটা পাহিযুক্ত জবাফুলো পোৱা যায়৷ সাধাৰণতে জবাফুলৰ পাহি পাঁচটা থাকে৷ পাহি বিলাকৰ ওপৰৰ দিশ বিভাজিত কিন্তু তলফালে সংযুক্ত হৈ থাকে৷ ফুলপাহৰ মধ্যভাগৰ পৰা এডাল দীঘল পুষ্পদণ্ড প্ৰায় কিছু বেকাঁকৈ ওলমি থাকে৷ ১৯৮০ চনত মালয়েছিয়াত জবাফুলক জাতীয় ফুল হিচাপে স্বীকৃতি দিয়ে৷
মইনাহঁত! আজি তোমালোকক জবাফুলৰ উৎপত্তিৰ বিষয়ে এটা সাধু ক’ম৷ শুনিবাহক দেই৷
আমেৰিকাত হাৱাই নামৰ এখন ৰাজ্য আছে৷ হাৱাই হৈছে প্ৰশান্ত মহাসাগৰত থকা দীপপুঞ্জ৷ আঠটা মূল দ্বীপেৰে এই দ্বীপপুঞ্জ সংগঠিত৷
দ্বীপসমূহ হৈছে —
- অআহু
- মাউই
- কাউয়াই
- হাৱাই (বিগ আইলেণ্ড বুলিও জনা যায় )
- লানাই
- মোলোকাই
- নিহাউ
- কাহুলাৱে
এবাৰ সৰগত থকা এগৰাকী দেৱী হাৱাই দ্বীপলৈ ফুৰিবলৈ আহিল৷ এই দেৱী গৰাকী প্ৰেম আৰু সৌন্দৰ্যৰ গৰাকী৷ তেওঁৰ নাম লাকা৷ দেৱী লাকাই হাৱাই দ্বীপত ফুৰি মেলি হাৱাই দ্বীপৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল৷ তেওঁ হাৱাই দ্বীপত নিজাকৈ কিবা এটা প্ৰতীক থৈ যাবৰ বাবে চিন্তা -চৰ্চ্চা কৰি আছিল৷ এদিন সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে তেওঁৰ ভৰিত কিবা এটা লাগি হঠাতে উজুটি খালে৷ কিহত উজুটি খালো বুলি লাকা দেৱীয়ে চোৱাত দেখিলে সাগৰৰ বালিত আধা পোত খাই থকা এপাহ অৰ্ধ পুষ্পিত ফুল তেওঁৰ ভৰিত লাগিছিল৷ তেওঁ ঠাইতে বহি দি ফুলপাহ বালিৰ পৰা তুলি দুহাতেৰে সাৱটি ধৰিলে৷ তেওঁৰ পৰশত ফুলপাহ সম্পূৰ্ণকৈ ফুলি উঠিল৷ তেতিয়া সূৰ্যাস্তৰ সময় আছিল৷ সূৰুযৰ হেঙুলীয়া পোহৰৰ ৰেঙণিত ফুলপাহ সোণৰ দৰে জিলিকি উঠিল৷ দেৱী লাকা ফুলপাহৰ সৌন্দৰ্যত মুগ্ধ হ’ল৷ লাকাই ফুলপাহৰ নাম ৰাখিলে জবাফুল৷ লগে লগে তেওঁ সেই জবাফুলপাহক পৱিত্ৰ ফুল বুলিও ঘোষণা কৰিলে৷ হাৱাই অঞ্চলৰ সকলোতে ফুলপাহৰ সৌন্দৰ্যৰ কথা বিয়পি পৰিল৷ জবাফুল হাৱাই অঞ্চলৰ সকলোৰে প্ৰিয় আৰু শ্ৰদ্ধাৰ ফুল হৈ পৰিল৷ হাৱাই অঞ্চলৰ সকলো ঠাইতে জবাফুলৰ গছ ৰুই দিয়া হ’ল৷ বাগিছা /ফুলনি আনকি বাটৰ দাঁতিয়ে দাঁতিয়ে জবাফুলৰ গছ ৰুই সকলোৱে যত্ন ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷
এইদৰে দেৱী লাকাৰ প্ৰেম আৰু সৃষ্টিশীলতাৰ প্ৰতীক হিচাপে জবাফুলে পৃথিৱীত নিজৰ স্থান দখল কৰিলে৷
আশাকৰো জবাফুলৰ বিষয়ে তোমালোকে কিছু শিকিলা৷
জবাফুল শান্তি আৰু সৌন্দৰ্যৰ প্ৰতীক৷ এই ফুলৰ যত্ন আমি সকলোৱে লোৱা উচিত৷ যেতিয়ালৈকে পৃথিৱীত ফুলৰ আদৰ থাকিব তেতিয়ালৈকে পৃথিৱীখন ধুনীয়া হৈ থাকিব৷ আজিলৈ সামৰিছোঁ৷
বন্দনা মহন্ত
ডিব্ৰুগড়
6000284696