সম্পর্কৰ শিকলি ছিঙি : সংগীতা ডেকা

“ পাৰ্থিৱ শৰীৰৰ কাৰাগাৰৰ পৰা মুক্ত হৈ

চিৰশাশ্বত নিৰ্মল, শান্তিৰ তৃপ্তিৰে ভৰপূৰ

পৱিত্ৰ আলোকৰ শৰণাপন্ন হ’ব পাৰিলে আৰু নো কি লাগে?

মিছা পৃথিৱীত মাথোঁঁ ক্ষন্তেকীয়া সুখৰ হে পয়োভৰ….! “

ডায়েৰীৰ পাতত এনেকুৱাকৈ শব্দবোৰ হ’ল খোদিত৷ কাষত একাপ চেঁচা চাহ৷ যিয়ে মাথোঁঁ এবাৰ ওঁঠৰ পৰশ পাই, স্থায়ী ভাৱে প্লেটৰ বুকুলৈ নিক্ষেপিত হ’ল আৰু সেই নিৰ্যাতনকাৰী তথা ডায়েৰীৰ কেনভাচত শব্দবোৰ অংকনকাৰী এগৰাকী নাৰী৷ যাৰ নাম ৰাজনন্দিনী পৰাশৰ৷ বাহ্যিক দৃষ্টিত তেওঁ প্ৰচুৰ ধন সম্পত্তিৰ গৰাকী৷ সেই ঠাইখনৰ চহকী তথা সুখী মহিলা৷ সমাজত বিশেষ নাম আছে, সন্মান আছে তেওঁৰ৷ লেখা মেলা কৰে যিহেতু৷ কিন্তু আভ্যন্তৰীণ ভাৱে তেখেত এটি বীজৰ দৰে৷ যিয়ে নিৰবে বিকাশ হৈ প্ৰকাণ্ড এজুপি গছ হৈ পৰিছে৷ অথচ গছডাল যদি বাগৰি পৰে প্ৰচণ্ডভাৱে শব্দ হ’ব৷ দিনে নিশাই শব্দৰ লগত নিবিড় সম্পৰ্ক থকা স্বত্বেও নিজে শব্দহীন ৰাজনন্দিনী৷ শব্দৰ মৌন সাধক তেওঁ৷ স্বামী ঢুকুৱাৰ পিছত পুত্ৰ – বোৱাৰী, নাতি – নাতিনীয়েক আৰু তেওঁ মিলি এটি সুন্দৰ পৰিয়ালেৰে এখন সুন্দৰ ঘৰৰ বাসিন্দা তেওঁলোক৷ আচলতে ঘৰটো সুবিশাল ৰাজ অট্টালিকা৷ য’ত তেখেতে অকলেই বসবাস কৰে৷ এজন ৰখীয়া, এজনী পৰিচৰ্য্যা কৰা মহিলা আছে৷ কিন্তু নিজৰ বুলিবলৈ কাগজ আৰু কলমটোৱেই কেৱল৷ স্বামীয়ে জীৱনত কেতিয়াও কাৰো অন্যায় নকৰাকৈ বৰ কষ্টেৰে পইচা উপাৰ্জন কৰি বিশাল অট্টালিকাটো বনাইছিল৷ আৰু সেইটো ৰাজনন্দিনীৰ নামতেই দি থৈ গৈছিল৷ পুত্ৰ – বোৱাৰী, নাতি – নাতিনীয়েকহঁত বিদেশত থাকে৷ ইউ টিউবত ভিডিঅ’ বনাই অসমীয়া সংস্কৃতিৰ পৰিচয় কৰায় জগতত৷ পইচা উপাৰ্জন কৰা যন্ত্ৰবোৰে বাহিৰা ইনকাম কৰা উৎস বিচাৰি লৈছে৷ যেন পইচা খাই মৰিব আৰু যাওঁতে পইচা লগত লৈয়ো যাব৷ ৰাজনন্দিনীক ফোনটোতে আন্তৰিকতা যাঁচে ল’ৰা আৰু বোৱাৰীয়েকে৷ তেওঁলোকৰ কৃত্ৰিম মৰমবোৰ অকলেই বুকুত সাবটি ধৰি কেতিয়াবা ভাগৰি পৰে তেওঁ৷ নাতি – নাতিনীয়েকহঁতৰ নিৰ্ভেজাল সঁচা মৰমৰ টোপালবোৰে কলিজাৰ উত্তপ্ত জুইকুৰাক কিছু পৰিমাণে হ্ৰাস কৰে৷ কিন্তু সিহঁতৰ সান্নিধ্য পাবলৈও যে তুমুল সংগ্ৰামত লিপ্ত হ’ব লাগে৷

জীৱনৰ বিয়লি বেলাত অতীতৰ স্মৃতিয়ে বৰকৈ আমনি কৰে তেওঁক৷ তেওঁ লেখা মেলা কৰা মেজখনৰ ওপৰত থকা, ধুনীয়া ফ্ৰেমটোৰ মাজত আৱদ্ধ ছবিখন যেন একমাত্ৰ সম্বল, তেওঁৰ বাকী থকা দিনবোৰৰ শ্বাস প্ৰশ্বাসৰ বাবে৷ ছবিখনৰ মাজত স্বামীৰ সৈতে কটোৱা মধুৰ পলবোৰ নিহিত আছিল৷ যাক চাই চাই, স্মৃতিবোৰক সৃষ্টিশীলতাৰ পৃথিৱীত মিশ্ৰণ কৰি কৰি শব্দৰে সজাই থৈছিল কাগজৰ বুকুত৷ বৰকৈ ব্যথিত তেওঁ আজি৷ আৱেগিক আঘাতত তীব্ৰভাৱে ধৰাশায়ী৷ ছলনাৰ বানে আহি বিন্ধা মাৰি ধৰিছেহি জোৰকৈ বুকুখনত৷ তেখেতৰ স্বামীয়ে নিৰ্মাণ কৰা অট্টালিকা ৰূপী মন্দিৰটো যে ঘোৰ সংকটত পৰিছে৷ স্বামীৰ অলেখ অযুত সোঁৱৰণি সোমাই আছে তাত৷ যাক হত্যা কৰিবলৈ ষড়যন্ত্ৰ চলিছে৷ সেয়া ৰুধিবলৈ তেওঁৰ শক্তিও শীৰ্ণ৷ কি কৰিব কি নকৰিব যেন চিন্তা কৰিব পৰা নাই একোৱেই৷ এফালে বিছনাখনৰ কাষৰ ড্ৰয়াৰৰ ভিতৰত থকা গৰলৰ বটলটোৱে বাৰে বাৰে হাত বাউল দি মাতি আছে৷ আকৌ আনফালে গাৰ মঙহ টুকুৰাই ফোন কৰি আছে৷ মাতৃৰ মৰমত নহয় ঘৰটোৰ লালসাত৷ কৌটি টকাৰ খাজানা ঘৰটো সিহঁতৰ বাবে৷ নিজৰ শৈশৱৰ আধাৰ নহয়, জন্মস্থান নহয় যেন কুবেৰৰ ধন হে৷ মানসিক ভাৱে ভাগি পৰা অকলশৰীয়া ৰাজনন্দিনীয়ে জীৱন মৃত্যুৰ সাঁকোখনত ওলমি আছে পুত্ৰ – বোৱাৰীৰ মানসিকতাৰ অকথ্য নিৰ্য্যাতনৰ হেঁচাত পৰি৷ কোনো শ্ৰোতা নাই তেখেতৰ দুখবোৰ শুনিবলৈ৷ না কোনো সহায়কাৰী, না উদ্ধাৰকাৰী৷ নিজেই নিজৰ দৰ্শক হৈ শৈল মূৰ্তিৰ দৰে থিয় দি আছে৷ হাতত তেওঁৰ স্বামীৰ সৈতে প্ৰেমৰ স্মৃতি সম্বলিত সেই বিশেষ ফটোখন লৈ৷ তাত সৰি থকা সৰু সৰু মুকুতা সদৃশ লুণীয়া পানীৰ টোপালাবোৰ দুহাতেৰে অসহায় ভাবে মাথোঁঁ মচি আছে তেওঁ, সেই গভীৰ নিস্তব্ধতাৰ মাজত৷ ফোনটো কিন্তু বাজিয়ে থাকিল৷

সংগীতা ডেকা/ৰঙিয়া

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *