নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০২ : ৰিচা গগৈ

প্ৰেম হেনো অজানিতেই হয় ….কথাষাৰ বিশ্বাস – অবিশ্বাসৰ দোমোজাত৷ সময় নিশা ১১ বাজিছে৷ লিখিব লগীয়া Assignment বোৰ লিখি আজৰি হৈ ভাত কেইটা খাই বিছনাত পৰিল৷ ভাবনাতে বিভোৰ৷ প্ৰেম…. এজাক চেঁচা বতাহ৷

শিৱসাগৰৰ পৰা যোৰহাটৰ দূৰত্ব বৰ বেছিও নহয়৷ চেংখামৰ কোনোবা সম্বন্ধীয় আপায়েক এজনীৰ ঘৰ থকাত যোৰহাটলৈ সঘন আহ – যাহ৷ এবাৰ বিপ্লৱক লগ পোৱা হ’লে …..৷
ইস…. তাই আকৌ বিপ্লৱক কিয় লগ কৰিব৷ সি তাইৰ কোন? অযথা ভাবনাৰ পৰা তাই আঁতৰি আহিল৷ প্ৰেম শব্দটোৰ সৈতে তাইৰ ঘনিষ্ঠ সম্পৰ্ক নাই৷ আৰু ঘনিষ্ঠ হ’বও নোখোজে৷

পাছদিনা ৯ বজাৰ পৰা ক্লাছ আছে৷ গতিকে, ৰাতিপুৱা সোনকালে উঠিব লাগিব৷ অপ্ৰয়োজনীয় কথাবোৰ ভাবি টোপনি ক্ষতি কৰিব নোৱাৰে৷
ৰাতিপুৱা সাৰ পাই বিছনাতে এবাৰ মোবাইলটো চোৱাৰ বদ অভ্যাস এটা আছে৷ ইচ্ছা কৰিলেও অভ্যাসটো আঁতৰাব পৰা নাই৷
আন দিনাৰ দৰে আজিও সাৰ পাই মোবাইলটো হাতত তুলি ল’লে৷

Hey Miss.. Good Morning 😊
৬ বজাতেই বিপ্লৱে মেচেজ দি থৈছে৷ কি যে মানুহ …. চিনাকি হ’ল বুলিয়ে তাইৰ পিছত লাগিল৷
Morning….
তাইৰ চমু reply.
কিতাপ – পত্ৰ বোৰ সামৰি তাই কলেজলৈ ওলাল৷ ৮: ৩০ ত গলে ৯ বজাৰ ক্লাছটো ধুনীয়াকৈ পাবগৈ৷

: মা যাওঁ দেই৷
: যোৱা৷ ভালকৈ যাবা৷
মাক – দেউতাকৰ আলাসৰ লাড়ু৷ ঘৰৰ একমাত্ৰ জীয়ৰী৷ মৰমৰ অভাৱ কেতিয়াও অনুভৱ কৰা নাই৷

কলেজৰ পৰা আহি বিছনাতে বাগৰ মাৰিলে৷ মনত পৰিল আগদিনা সেই বিপ্লৱৰ কথা৷ বিপ্লৱ ভৰালী৷ যোৰহাটৰ গুণ্ডা স্বভাৱৰ ল’ৰা৷ ডিগ্ৰী Complete কৰি এতিয়া নিজাকৈ কিবা ব্যৱসায় আৰম্ভ কৰিছে৷
চেংখাম গগৈ৷ অসমীয়া বিভাগৰ ছাত্ৰী৷ কবিতা লিখি ভাল পায় তাই৷ লগতে উদাত্ত কণ্ঠৰ গৰাকী৷ তাইৰ ভাষণে কলেজ কঁপাই তোলে৷

আগলৈ………

ৰিচা গগৈ৷
২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)৷

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *