নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০১ : ৰিচা গগৈ

“Hey Miss তুমি বহুত ধুনীয়া কবিতা লিখা৷“
দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়া তাই ফেচবুকটো খুলি চাইছিল হে, বিপ্লৱ ভৰালী নামৰ ল’ৰা এজনে মেচেজ কৰিলে৷ অনিচ্ছা স্বত্বেও তাই মেচেজটোৰ reply কৰিলে…. আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷
“তোমাৰ লগত চিনাকি হ’ব পাৰিম নেকি? “
সিফালৰ পৰা আকৌ মেচেজ আহিল৷ সাধাৰণতে তাই সকলোৰে মেচেজৰ reply নিদিয়ে যদিও বিপ্লৱ ভৰালীৰ প্ৰতি তাইৰ কিবা আন্তৰিকতাৰ ভাৱ জাগি উঠিল৷
“নিশ্চয়“…. বুলি তাই সন্মতি জনালে৷
দুয়োৰে মাজত বাৰ্তালাপ হ’ল৷ খন্তেকতে এজনে আনজনৰ বিষয়ে বহু কথাই জানিলে৷ কাৰ ঘৰত কোন আছে, ক’ত ঘৰ ….নানা কথা৷
: atcha, কথা এটা সুধিলে বেয়া পাবা নেকি?
: নাপাওঁ….
: নাং চেংখাম গগৈ বুলি যে আছে …. চেংখামটো তোমাৰ নাম নে নাং চেংখাম তোমাৰ নাম? বেয়া নাপাবা আকৌ দেই৷ নাজানো কাৰণে হে সুধিচো৷
: অহ সেইটো কথা….. মোৰ নাম চেংখাম আৰু আহোম সকলে “শ্ৰীমতী“ বুজাবলৈ নাং শব্দটো ব্যৱহাৰ কৰে৷
: oh atcha…..
: ঠিক আছে৷ পিছত মেচেজ কৰিম৷ এতিয়া মোৰ কাম এটা আছে৷
: কি কাম?
: কলেজৰ বহুত Assignment লিখিব আছে৷
: অসমীয়া বিভাগৰ ন তুমি?
: হয়৷ বাৰু ঠিক আছে৷ এতিয়া হ’ব দেই৷
: bye…..


বিপ্লৱৰ কথাবোৰ ভাল লাগিল তাইৰ৷ কিন্তু এনেকৈয়ে হঠাৎ জানো কাৰোবাক ভাল লাগিব পাৰে? নাই, নাই …. তাই প্ৰেমতটো পৰা নাই৷ এইয়া বন্ধুত্ব নতুবা বিপ্লৱ তাইৰ অনুৰাগীহে মাত্ৰ৷

আগলৈ………

ৰিচা গগৈ,
২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)৷

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *