নিৰাশাৰ নিহলেৰে বান্ধিলা।
সপোনবোৰ মোহাৰি পেলালা
যদি সপোনবোৰ মিছা আছিল
ইমান আশা কিয় দিছিলা..?
দুচকুৰে নিগৰে অশ্রু
কিয়নো নুবুজা হৃদয়ৰ বেথাবোৰ।
দিন ৰাতি একাকাৰ
নিৰ্জন উজাগৰী
দীঘলীয়া যামিনী।
আকাশত জোন বেলি
সদায় ওলাব।
সন্ধ্যাৰ তৰাই আকাশ পোহৰাব।
অন্তঃকৰণত হাহাকাৰ তাণ্ডৱ সৃষ্টি হ’ব।
মন গহনত এচমকাক’লা ডাৱৰে ছানি ধৰিব।
নীৰৱে হৃদয়ৰ একোণ উচুপিব ।
পোৱা নোপোৱা ভাবনাত আউল লাগিব।
তথাপিও নিৰাশাৰ মাজতো
এটি আশাৰ ৰেঙণি,
সময় হে!
হয়তো এদিন মোৰো আহিব।
ঋতুপর্ণা ইংতিপি/মৰিগাঁও