লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ সকলোৱে তেওঁক

আত্মহত্যা কৰিবলৈ, কাৰো সন্মুখলৈ নহাকৈ লুকাই থাকিবলৈ কৈছিল৷ তাৰ বিপৰীতে তেখেতে এনেকুৱা ধৰণৰ কোনো কথাতে গুৰুত্ব নিদি সন্মান সহকাৰে জীয়াবলৈ নিজৰ জীৱনত চাৰিটা লক্ষ্য স্থিৰ কৰি ল’লে৷

১) সুবক্তা হোৱা ২) স্নাতক ডিগ্ৰী লাভ কৰা ৩) নিজে লিখা কিতাপ প্ৰকাশ কৰা আৰু ৪) নিজৰ কেৰিয়াৰ তথা পৰিয়াল গঢ়ালিজি ভেলাস্কেজৰ জন্ম হয় আমেৰিকাৰ টেক্সাছ চহৰত ১৯৮৯ চনৰ ১৩ মাৰ্চত৷ অশেষ

#Rangia কষ্ট কৰি তেওঁ ২০০ তকৈয়ো অধিক ৱৰ্কচপত ভাষণ প্ৰদান কৰি প্ৰথমটো লক্ষ্যত উপনীত হয়৷ টেক্সাছ ষ্টেত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দ্বিতীয়টো লক্ষ্যত উপনীত হয়৷ “লিজিৰ“ দুখনকৈ কিতাপ প্ৰকাশ কৰে ক্ৰমে ২০১০ চনত আত্মজীৱনীমূলক কিতাপ “Lizzie Beautiful“ আৰু “Be Beautiful, Be You“ নামেৰে ২০১২ চনত দ্বিতীয়খন কিতাপ প্ৰকাশ কৰি নিজৰ তৃতীয়টো লক্ষ্যত উপনীত হয়৷ তেওঁৰ কিতাপে সমগ্ৰ বিশ্বতেই আজি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আৰু তেওঁৰ চতুৰ্থ লক্ষ্যটোৰ বিষয়েতো ক’বয়ে নালাগে৷ “লিজিয়ে“ নিজৰ কেৰিয়াৰক এনেকৈ গঢ় দিয়ে যে তেওঁ যেতিয়া ভাষণ প্ৰদান কৰে তেখেতৰ যাদুকৰী ভাষণত সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰে৷ তেওঁৰ ব্যক্তিত্বৰ এনেকুৱা আকৰ্ষণ আছে যে সকলোৱে “লিজিৰ“ ব্যক্তিত্বৰ পৰা জীয়াই থকাৰ প্ৰেৰণা পায়৷ আগলৈ তেওঁ আমেৰিকাৰ এজনী মোটিভেচনেল গুৰু হৈয়ো জিলিকি উঠিল৷ লগতে সকলোৰে সন্মুখত নিজৰ বক্তব্য দাঙি ধৰি মানুহক তেওঁ জীৱনৰ পাঠ পঢ়ায়৷

টুইটাৰত ( বৰ্তমান টুইটাৰৰ নাম এক্স হেণ্ডেল “X“ handle ) তেওঁৰ বন্ধু এজনে লিখিছিল – “ This young woman is a very good example of what it means to be truly Beautiful ৷“ তেওঁৰ মাতৃয়ে তেওঁক স্নেহেৰে উপচাই নিজক তেওঁৰ মাতৃ ৰূপে পৰিচয় দিবলৈ গৌৰৱান্বিত বুলি কৈছিল৷ ছোৱালীজনীৰ আন এজন বন্ধুৱে লিখিছিল “তেওঁ কুৎচিত নহয় কুৎচিত আমাৰ চকুহে৷ “

আচলতে “লিজি ভেলাস্কেজ“এক জটিল ৰোগত আক্ৰান্ত হোৱা বাবে প্ৰকৃতিয়ে তেওঁক এনে এটি কুৎচিত ৰূপৰ উপহাৰ দিলে৷ যাক পজিটিভিটিৰে নিজৰ বুকুত গুজি লৈ ছোৱালীজনীয়ে অতি কম সময়ৰ ভিতৰতেই ইমান বিখ্যাত হৈ পৰিল৷ যিটো চাগে কোনো সৌন্দৰ্য্যশালী ব্যক্তিৰ পক্ষেও ইমান উজু নহয়৷ যিসকলে তেওঁক কুৎচিত বুলি নাক কোচাইছিল আজি তেওঁৰ ব্যক্তিত্ব, গুণৰাজি, পাৰদৰ্শিতা তথা প্ৰতিভাই সেই সকল লোকৰ চিন্তাধাৰা, মানসিকতাৰ ওপৰতেই প্ৰশ্নচিহ্ন লগাই দিছে৷ যাক সকলোৱে উপলুঙা কৰিছিল আজি তেওঁৰ আগত সকলোৰে শিৰ নত৷ ( তথ্য সংগ্ৰহ )

সংগীতা ডেকা, ৰঙিয়া

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *