পিছনিশা ফুলি উঠা এপাহি সুগন্ধি ফুল তুমি
সুবাস ছটিয়াই সদ্যস্নাত পুৱাটোক
আমোলমোলাই ৰখা প্ৰথম প্ৰহৰৰ ৰ’দ তুমি,
তুমি বুকুৰ বৃন্দাবনত সুললিত
সুৰ এটি হৈ সাৰ পাই থকা মূৰ্ছনা,
ঐনিতমৰ ৰাগীত ছাঁই আপঙৰ নিচা
লগোৱাৰ তুমি এফাকি প্ৰেমৰ কবিতা,
গানে গানে বৈ যোৱা হৃদয়ৰ শীতলতাত তুমি,
শব্দৰে সজ্জিত বুকুৰ অনুৰাগৰ প্ৰকাশতো তুমি,
তুমি আবেগ উশাহ সঞ্চালিত অম্লজান,
প্ৰাণৰ স্পন্দন তুমিয়েই,
ৰুদ্ধ দ্বাৰ ভাঙি আদৰি আনিব পৰা
পোহৰমুখী ঐশ্বৰিক শক্তি তুমি,
তুমি নহ’লে জীৱনৰ খোজবোৰ কঠিন ৰূক্ষ
অ আত্মবিশ্বাস………..৷ ৷
অভিজিৎ কোঁৱৰ