ওৰণি লোৱা বুলিলে অসমীয়া সমাজত চাদৰৰ আঁচলেৰে মহিলাই মূৰ ঢাকি লোৱা এক দৃশ্য মনলৈ আহে৷ দেখা যায় কেতিয়াবা মূৰৰ সম্পূৰ্ণ চুলি ঢাকি কপালৰ আগলৈকে লোৱা হয়৷ কেতিয়াবা দেখা যায় অকল খোপাটো ঢাকি লোৱা হয় বা আধা মূৰৰ চুলি ওলোৱাকৈ লোৱা হয়৷ ওৰণি লোৱাৰ ইতিহাস জটিল৷ বিভিন্ন সময়ৰ মাজেদি আহি ই বৰ্তমানো জীৱন্ত হৈ আছে৷ প্ৰাচীন গ্ৰীচত মহিলাসকলে বিনয় আৰু সন্মানৰ চিন হিচাপে ওৰণি ব্যৱহাৰ কৰিছিল৷ ৰোমান সাম্ৰাজ্যত বিবাহিত মহিলাসকলে ওৰণি ব্যৱহাৰ কৰিছিল৷ মধ্য প্ৰাচ্য /এছিয়া /আফ্ৰিকাৰ কিছু অংশকে ধৰি বহু পৰম্পৰাগত সমাজ ব্যৱস্থাত ওৰণি লোৱা প্ৰথা আছে৷ ইছলাম ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰাতো মুখ আৰু মূৰ ঢাকিবলৈ ওৰণিৰ দৰে বস্ত্ৰ ব্যৱহাৰ কৰে৷ ওৰণি শব্দটো অসমীয়া৷ ওৰণিৰ সমাৰ্থক শব্দ হিচাপে ভাষা অনুযায়ী শব্দ বেলেগ হোৱাটো স্বাভাৱিক৷ অসমীয়া সমাজত চাদৰৰ আঁচলেৰে ওৰণি লোৱা হয়; ওৰণি বুলি বেলেগ এটুকুৰা কাপোৰ পিন্ধা নহয়৷ অন্য কিছু দেশত মূৰত পিন্ধিবৰ বাবে বেলেগ এটুকুৰা কাপোৰ ব্যৱহাৰ কৰা হয়৷ ওৰণিৰ লগত ইয়াৰ সাদৃশ্যহে আছে কিন্তু পদ্ধতি একে নহয়৷ ভাৰতবৰ্ষত ওৰণিৰ সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য আছে৷ ইয়াক সাংস্কৃতিক নীতি নিয়মৰ প্ৰতি সন্মানজনক হিচাপে ব্যৱহাৰ কৰা হয়৷ কিছুমান ধৰ্মীয় কৰ্মত পুৰুষেও মূৰত কাপোৰ লৈছিল৷ আগৰ অসমীয়া সমাজত দেখা গৈছিল শহুৰ, শাহুৰ আগত বোৱাৰীয়ে ওৰণি লৈছিল৷ তদুপৰি বয়সত কোনো জেষ্ঠজন ঘৰলৈ আহিলে ঘৰৰ বোৱাৰী গৰাকীয়ে ওৰণি লৈ চাহ, তামোল দিছিল৷ ৰাতিপুৱা চোতাল- ঘৰ সাৰোতেও বোৱাৰী গৰাকীয়ে মূৰত ওৰণিখন লৈছিল৷ বয়সষ্ঠ মহিলা সকলেও মূৰত ওৰণি লৈ ওলোৱা-সোমোৱা কৰিছিল৷ নামঘৰলৈ গ’লে আয়তীসকলে মূৰত ওৰণি লৈহে গৈছিল৷ বিয়া-বাৰু, পূজা-পাৰ্বণ আদিলৈ গ’লে মহিলা সকলে মূৰত ওৰণি লৈ গৈছিল৷ কেতিয়াবা দেখা গৈছিল ধৰ্মীয় কিছু কাম কাজত মহিলাসকলে চাদৰৰ ওপৰতে পাতলীয়া চেলেং চাদৰ এখন লৈ সেইখনেৰে মূৰৰ চুলি ঢাকি লৈছিল৷ এসময়ত অসমীয়া সমাজত মূৰৰ ভূষণ হিচাপে ওৰণিক মহিলাসকলে ব্যৱহাৰ কৰিছিল৷ বৰ্তমান অসমৰ কিছু কিছু অঞ্চলত ওৰণি লোৱা প্ৰথা এতিয়াও আছে৷ কিন্তু আগৰ অসমীয়া সমাজত দেখা দৃশ্য এতিয়া নাই৷ আগৰ অসমীয়া সমাজত বিয়া হৈ অহা কইনাজনিয়ে ওৰণি লৈয়েই আছিল৷ বৰ্তমান সেই বাধ্য বাধকতা এতিয়াৰ সমাজত নাই৷ ফলস্বৰূপে ওৰণি লোৱা পৰিমাণ যথেষ্টৰূপে কমিল৷ তথাপিও ওৰণিৰ গুৰুত্ব নাই বুলি একেআষাৰে ক’ব নোৱাৰি৷ প্ৰয়োজনবোধে ওৰণিক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰি আহিছে৷ অসমৰে কিছু জনজাতীয় সম্প্ৰদায়ত দেখা যায় বিবাহিত মহিলা সকলে গামোছাখনেৰে মূৰৰ চুলি ঢাকি খোপা বান্ধি লয়৷ তেওঁলোকৰ উৎসৱ পাৰ্বণত এনে দৃশ্য দেখিবলৈ পোৱা যায়৷ এয়া সাংস্কৃতিক পদ্ধতিৰ আনুগত্যৰ প্ৰতীক বুলি ভাবিব পৰা যায়৷ নতুবা সৌন্দৰ্যবৰ্ধক হিচাপে ব্যৱহাৰ কৰে বুলিও ভাবিব পৰা যায়৷ ব্যক্তিভেদে ওৰণিখনৰ ওপৰত দৃষ্টিভংগী বেলেগ বেলেগ হ’ব পাৰে৷ প্ৰতিটো কথাৰে যিদৰে ইতিবাচক দিশ থাকে সেইদৰে নেতিবাচক দিশ কিছুমানো থাকে৷ এই প্ৰবন্ধৰ উদ্দেশ্য হৈছে ওৰণিৰ বিষয়ে কিছু সম্যক আলোচনাৰ আলোকপাত আগবঢ়াই নিয়া৷ ওৰণি লোৱাটো সাংস্কৃতিক প্ৰতীক হ’ব পাৰে যিয়ে নেকি নিজৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে ব্যক্তিৰ সংযোগক প্ৰতিনিধিত্ব কৰে৷ কিছু সম্প্ৰদায়ত দেখা যায় ওৰণি লোৱাটো এক ধৰ্মীয় প্ৰথা৷ বিনয় আৰু ধৰ্মীয় শিক্ষাৰ আজ্ঞা পালন হিচাপে ওৰণি ব্যৱহাৰ কৰা হয়৷ কিছুমান মহিলাৰ ক্ষেত্ৰত দেখা যায় ব্যক্তিগত পছন্দ হিচাপে তেওঁলোকে ওৰণি লয়৷ অৰ্থাৎ ওৰণি লৈ তেওঁলোকে ভালপায়৷ এয়া তেওঁলোকৰ অভ্যাসগত অভ্যাস বুলিও ভাবিব পৰা যায়৷ কিছু বিবাহিত মহিলাই ওৰণিখন ধৰ্মীয় নীতিনিয়ম মানি লোৱাৰ এক শক্তিশালী পদক্ষেপ বুলি ভাবি লয়৷ কিছুমান বিশেষ অঞ্চলত প্ৰবল সূৰ্যৰ পোহৰ বা অত্যন্ত ধূলিৰ বাবে বহুতো মহিলাই ওৰণি লৈ নিজকে সুৰক্ষিত অনুভৱ কৰে৷ কিছুমান মহিলাই ওৰণি লৈ অবাঞ্চিত মনোযোগৰ পৰা সুৰক্ষা পোৱা বুলি অনুভৱ কৰে৷ কিছু সমালোচকে এনেদৰেও যুক্তি আগবঢ়ায় যে ওৰণি পিতৃতান্ত্ৰিক নিয়ন্ত্ৰণৰ প্ৰতীক হ’ব পাৰে৷ ওৰণিয়ে নাৰীৰ স্বাধীনতাক সীমিত কৰে বুলি বহুতে বিশ্বাস কৰে৷ বিবাহিত মহিলাই ওৰণি ল’বই লাগিব বুলি বাধ্যতামূলক নিয়ম ভাৰতৰ কিছু সমাজত এতিয়াও বৰ্তি আছে৷ ওৰণিয়ে কেতিয়াবা সামাজিক যোগাযোগত বাধা হিচাপে আমনি কৰিব পাৰে৷ সমতা আৰু ব্যক্তিগত স্বাধীনতাৰ মূল্যবোধত ওৰণিয়ে হস্তক্ষেপ কৰা বুলি প্ৰত্যাহ্বান আহিব পাৰে৷ প্ৰকৃততে ওৰণিৰ সপক্ষে বা বিপক্ষে আমি আলোচনা কৰাতকৈ সাংস্কৃতিক সংবেদনশীলতাৰে ব্যক্তিৰ দৃষ্টিভংগীক ৰূপকাত্মক ৰূপ দিবলৈ চেষ্টা কৰা উচিত৷ কাৰণ ওৰণিৰো নিজা সৌন্দৰ্য আছে৷ বিয়াৰ দৰে বিশেষ অনুষ্ঠানৰ লগত ওৰণি প্ৰায়ে জড়িত হৈ থাকে৷ ই সামগ্ৰিকভাৱে নান্দনিকতা বৃদ্ধি কৰে৷ ৰভাতলীত ওৰণি লৈ থকা কইনাজনীৰ সৌন্দৰ্যই সুকীয়া৷ ওৰণিখনে যে ৰূপত জেউতি চৰায় এই কথা আমি নুই কৰিব নোৱাৰো৷ বাধ্যবাধকতা নথকাকৈ ওৰণিক যদি আলংকাৰিক দৃষ্টিভংগীৰে আমি চাওঁ তেনে আলংকাৰিক ভূষণ হিচাপে ই সমাজত ৰৈ যাব পাৰে৷ সৌন্দৰ্য উদ্ধাৰ কৰিবলৈ দৃষ্টিভংগীৰ শুদ্ধতা আৰু স্থায়িত্ব আমাক নিশ্চয়কৈ লাগে৷ ই ধূৰূপ
বন্দনা মহন্ত, ডিব্ৰুগড়